অথলে গ’ল কোহলি-গাইকোৱাডৰ শতক, ৪ উইকেটত পৰাস্ত ভাৰত
ৰঙিলী বাৰ্ত্তাসেৱা- বিৰাট কোহলী আৰু ৰুতুৰাজ গাইকোৱাডৰ দৰ্শনীয় শতক সত্ত্বেও দ্বিতীয়খন এদিনীয়াত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাজিত হ’ল ঘৰুৱা দল ভাৰত। ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত দক্ষিণ আফ্ৰিকাই ভাৰতক ৪ উইকেটত পৰাস্ত কৰে ।দ্বিতীয়খন এদিনীয়াত দক্ষিণ আফ্ৰিকাই বিজয় সাব্যস্ত কৰি তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো ১-১ত সমতা স্থাপন কৰে। টীম ইণ্ডিয়াই জয়ৰ বাবে বান্ধি দিয়া ৩৫৯ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ এইডেন মাৰ্কৰামৰ দুৰ্দান্ত শতক তথা মেথিউ ব্রিটজকে আৰু দেৱাল্ড ব্রেভিছৰ চমকপ্রদ অর্ধশতকৰ সহায়ত দক্ষিণ আফ্রিকাই ৪৯.২ অভাৰত ৬টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। মাৰ্কৰামে ৯৮টা বলত ১১০ ৰান কৰে। ইফালে, অধিনায়ক বাভুমাই ৪৬, ক’র্বিন বচে অপৰাজিতভাৱে ১৯ ৰান কৰে। ভাৰতৰ হৈ অর্শদীপ সিং আৰু প্ৰসিদ্ধ কৃষ্ণই সর্বাধিক দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰি বিৰাট কোহলী আৰু গাইকোৱাডৰ দর্শনীয় শতক তথা লোকেশ ৰাহুলৰ অপৰাজিত অর্ধশতকৰ সহায়ত ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৫টা উইকেট হেৰুৱাই ৩৫৮ ৰান কৰে। জয়ছোৱালে ২২ আৰু ৰোহিত শৰ্মাই ১৪ ৰান কৰি বিদায় লয় যদিও কোহলী আৰু গাইকোৱাডে শতকীয় ইনিংছ খেলি দলৰ বিপৰ্যয় ৰোধ কৰে। কোহলিয়ে ৯৩টা বলত ১০২ ৰান কৰাৰ বিপৰীতে গাইকোৱাডে ৮৩টা বলত ১০৫ ৰান কৰে। এদিনীয়াত গাইকোৱাডৰ এয়া আছিল প্ৰথমটো শতক। ইফালে, ৰাহুলে ৬৬ আৰু জাদেজাই ২৪ ৰান কৰি অপৰাজিত হৈ থাকে ।দক্ষিণ আফ্ৰিকাৰ হৈ মাৰ্কো জনছেনে দুটা উইকেট আৰু নন্দ্ৰে বাৰ্গাৰ আৰু লুংগি ঙিডিয়ে এটাকৈ উইকেট লাভ কৰে।
