অনুগল্প
অতীত
চিমী বৰুৱা
মৰিগাঁও চৰাইবাঁহী
সূৰ্য অস্ত যোৱাৰ লগে লগে গাঁওখনৰ পৰিবেশ শান্ত হৈ পৰিল । মৃদুমন বতাহত গছৰ পাতবোৰে মৃদু মাত কৰিবলৈ ধৰিলে । এজনী সৰু ছোৱালী তাইৰ দেউতাকৰ সৈতে এখন পুৰণি ফটো চাই আছিল ।
ফটোখনত থকা মানুহজনক দেখুৱাই ছোৱালী জনীয়ে ক’লে ” দেউতা , এইজন কোন ?”
দেউতাকে মিচিকিয়াই ক’লে, এইজন আমাৰ গাওঁৰ প্ৰথম শিক্ষক আছিল । তেওঁ আমাক শিক্ষাৰ পোহৰ দেখুৱাইছিল ।
ছোৱালীজনীয়ে গভীৰ চিন্তাৰে ক’লে, “দেউতা , তেওঁৰ অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ । “
দেউতাকে ছোৱালী জনীৰ মূৰত হাত বুলাই ক’লে, ” সঁচাকৈয়ে তেওঁলোকৰ দৰে মানুহবোৰেই আমাৰ সমাজৰ ভেঁটি । “
ছোৱালীজনী আৰু দেউতাক কিছুসময় নীৰৱে বহি থাকিল । সূৰ্য অস্ত যোৱাৰ পাছত আকাশত নক্ষত্ৰবোৰ জিলিকি উঠিল ।