অতীতৰ প্ৰণয়ী – প্ৰিন্স পাঠক

PC - Shutterstock
অতীতৰ প্ৰণয়ী 
প্ৰিন্স পাঠক
এটি হাঁহিত পিছলি যাই
মোৰ এই ডেকা মন
সেয়ে প্ৰতিটো পুৱাই
কেৱল কৰিছিলোঁ তেওঁকেই আশা
যদিও দিঠকত বহু নিলগত
এতিয়াও সপোনত আহি মন ৰঙাই ।
তেওঁৰ অনুপস্থিতিত মনত
নৈৰাশ্যৰ অবিৰত স্থান
এটি সময়ত প্ৰত্যাশাৰ
জাল বন্ধা মকৰা মই
এতিয়া নিসংগ ক্ষুব্ধ পিপৰা
আবেগৰ নাই কোনো স্থান ।
তেওঁ এডাল বিশাল গছ
ডাল ভৰি প্ৰণয়ৰ পাত
মই এটি ক্লান্ত বিহগ
জিৰালো পাতৰ ছাঁত
সেই পাত আজি মৰহিলে
মনত বিষাদৰ গভীৰ দাগ ।
দুপৰৰ পছোৱা জাকত
ফৰকাল খেতি পথাৰত
তেওঁৰ কোমল আঙুলিৰ
মৰম ভৰা পৰশত
বাঢ়ি অহা মোৰ হৃদয়ৰ স্পন্দন
তেওঁৰ জানো আছে মনত?
পাহৰা নাই তেওঁৰ মুখনি
পাহৰা নাই তেঁওৰ কথাবোৰ
অনেক মিছা প্ৰতিশ্ৰুতিবোৰ
যিয়ে আনিছিল মনত প্ৰীতিৰ জোৱাৰ,
তেওঁৰ অভিনয়ক প্ৰণয় ভাবিলো
এতিয়া মইও কৰোঁ অভিনয়
মুখত মিছা হাঁহি ৰাখি
আনৰ আগত সুখী হোৱাৰ।