অতীতৰ ন-ভূঁই আৰু বৰ্তমানৰ ন-ভূঁইৰ অনুভৱ – ৰশ্মি ৰেখা দুৱৰা

অতীতৰ ন-ভূঁই আৰু বৰ্তমানৰ ন-ভূঁইৰ অনুভৱ

ৰশ্মি ৰেখা দুৱৰা

অসমীয়া সমাজত অতীজৰে পৰা ন-ভূঁই ৰোৱা পৰম্পৰা চলি আহিছে।পথাৰত মাটি চহোৱাৰ পাছত যিদিনা প্ৰথম ৰোৱাৰ আৰম্ভণি কৰা হয়,সেই দিনটোকে ন-ভূঁই ৰোৱা বুলি কোৱা হয়।পৰম্পৰাগতভাৱে চলি আহিছে ন-ভূঁই ৰোৱাৰ দিনা আগলি কলপাতত তামোল-পাণ,থোপা থোপাকে লগা ফল,কচু আদি পূবফালে সজাই প্ৰাৰ্থনা কৰি ৰুবলৈ আৰম্ভ কৰে।খেতিয়কসকলে কামনা কৰে ৰোৱাবোৰ যাতে পোকে নধৰি লহপহকৈ বাঢ়ি ধানেৰে উপচি পৰে।খেতিয়কৰ মনত ন-ভূঁই ৰোৱাৰ দিনাৰ পৰাই এটা ৰঙীন সপোনে তিৰবিৰাই থাকে।সপোনে যাতে পূৰ্ণতা পাই।অতীতত ন-ভূঁই ৰোৱা বুলি ক’লে কেইবাদিনৰ আগৰে পৰাই যো-জা চলাই।গাঁৱৰ সকলোকে তামোল-পাণ দি মাতিলেই ন-ভূঁই ৰোৱাৰ দিনা ঘৰ ভৰি পৰে।ৰাতিপুৱাই গৰুহাল,নাঙল,যুঁৱলি লৈ হালোৱাসকলে পথাৰত হাল বায়,কঠিয়া পেলায়।ৰোৱনীসকলে হালোৱাসকলক জলপান দি ৰুবলৈ আৰম্ভ কৰে।পোনপ্ৰথমে ঘৰৰ গৃহিণী ৰোৱনীগৰাকীয়ে নীতি-নিয়মৰ মাজেৰে ৰোৱাগোছ লোৱাৰ পাছতেই বাকী ৰোৱনীসকলে ৰোৱাত ব্যস্ত হৈ পৰে।বহুতো ৰসলগা কথাৰে পথাৰত হাঁহি খিকিন্দালি কৰি সময়পাৰ কৰাৰ লগতে ৰুইয়ো শেষ কৰে।অতীতৰ ন-ভূঁই ৰোৱা বুলি ক’লেই হাঁহ-কোমোৰাৰ আঞ্জা,আৰু সাঁজ পানী থাকিবই।সাঁজ পানী নাথাকিলে হয়তো খেতিৰ লগত জড়িত কোনোটো পৰ্বই সম্পূৰ্ণ বুলি ধৰিব নোৱাৰি।ক’ৰবাত যেন বাকী থাকিল,আধৰুৱাহে হৈ ৰ’ল তেনে অনুভৱ হয়।সকলো ৰোৱনী-হালোৱাই ন-ভূঁই ৰোৱা দিনটোত খাই বৈ স্ফূৰ্তি কৰে।কোনোৱে যদি পথাৰত যাব নোৱাৰে ঘৰখনত দেখা কৰি হাঁহে ভাতে খাই আহে।সেয়া সুকীয়া আছিল অতীজতে সকলোৱে মিলি ন-ভূঁই ৰোৱাৰ সময়খিনি।বৰ্তমান পৰিৱৰ্তনৰ ধামখুমীয়াত অতীতৰ সেই মাদকতাবোৰ হেৰাল।আগৰ ন-ভূঁই ৰোৱাৰ লগত যেন বৰ্তমানৰ ন-ভূঁই ৰোৱাৰ বহুতেই পাৰ্থক্য পৰিলক্ষিত হয়।এতিয়া ওচৰৰে কেইঘৰমান মাতি ন-ভূঁই ৰোৱে।আগৰ দৰে হাল-কোৰলৈ পথাৰলৈ নাযায়।ট্ৰেক্টৰে হাল বায়।বহু হালোৱাৰ কাম এখন ট্ৰেক্টৰে কৰি পেলায়।কম সময়তে হাল বাব পাৰে বাবে গৰুৰ কামবোৰ যেন ট্ৰেক্টৰে কাঢ়ি ললে।কম মানুহ মাতি অনুষ্টুপীয়াকৈয়ে বৰ্তমান ন-ভূঁই ৰোৱা পৰ্ব পালন কৰে।প্ৰত্যকঘৰত হয়তো ন-ভূঁই ৰোৱাত বৰ্তমানত সাঁজ পানী ব্যৱহাৰ নকৰে।হাঁহ-কোমোৰাৰ সলনি ব্ৰইলাৰহে বেছিকৈ ব্যৱহৃত হয়।আগৰ দৰে স্ফূৰ্তিৰে কৰা পথাৰৰ কামবোৰ যেন বৰ্তমান আমি এৰাই চলিব বিচাৰোঁ,তেনে পৰিস্থিতিহে হৈ পৰিছে।বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰে ৰোৱনীৰ কামটো কাঢ়ি লৈ আমাক এলেহুৱা কৰি তুলিছে।খেতিলৈ যেন আমি মন নেমেলা হৈ পৰিছোঁ।বৰ্তমানত বহু ঠাইত ন-ভূঁই ৰোৱাৰ মাদকতা হেৰাই গৈছে যদিও কিছুমান ঠাইত কম পৰিমাণে হ’লেও নীতি-নিয়মৰ মাজেৰে ন-ভূঁই ৰোৱা পৰ্ব পালন কৰে।