অতি শীঘ্রে অসম আৰক্ষীত নতুনকৈ ৪ হাজাৰক দিব নিযুক্তি
ৰঙিলী বাৰ্ত্তাসেৱা- ১ লাখ নিযুক্তিৰ লক্ষ্যক অতিক্ৰম কৰি অসমৰ যুৱ সমাজৰ বাবে ২ লক্ষাধিক সুযোগ সৃষ্টিৰ প্রতিশ্রুতিৰ দিশে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন আগবাঢ়িছে। অসমৰ যুৱক-যুৱতীৰ বাবে আন এক আশা আৰু নিযুক্তি লাভৰ বাৰ্তা কঢ়িয়াই আহি আছে অসম আৰক্ষীত চাৰি হাজাৰ নতুন চাকৰি। এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয় সন্দর্ভত কয় যে এসময়ত সপোন যেন লগা চৰকাৰী চাকৰি আজি স্বচ্ছ, নিকা আৰু মেধাৰ ভিত্তিত যুৱক-যুৱতীসকলে লাভ কৰিব পাৰে। এটকাও উপঢৌকন নিদিয়াকৈ চাকৰি লাভ কৰিব পৰা পৰিৱেশ আমি নিৰ্মাণ কৰিছোঁ। কথা দিছিলোঁ- আমি ১ লাখ চাকৰি প্ৰদান কৰিম। কিন্তু পাঁচ বছৰ অতিক্ৰম নকৰোঁতেই আমি ৰাজ্য চৰকাৰৰ চাকৰি প্ৰায় ১ লাখ ৩৫ হাজাৰ প্ৰদান কৰিবলৈ সক্ষম হ’লোঁ। এতিয়া লক্ষ্য ২ লাখ। উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে শিক্ষা বিভাগত যোৱা ১৩ নৱেম্বৰত মুঠ ৮,২০৬গৰাকী অধ্যাপক-শিক্ষক নিযুক্তি দিয়াৰ তথ্যও সদৰী কৰে। সেই অনুসৰি উচ্চ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে ২৬৩গৰাকী সহকাৰী অধ্যাপক, ১১০গৰাকী তৃতীয়বৰ্গৰ কৰ্মচাৰী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ যোগেদি ২৮গৰাকী প্রবক্তা আৰু ৮গৰাকী সহকাৰী সঞ্চালক তথা মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে ১,২৭৫ গৰাকী স্নাতকোত্তৰ শিক্ষক আৰু ৬,৫২২গৰাকী স্নাতকসহ মুঠ ৮,২০৬গৰাকীক নিযুক্তি দিয়া হয়।
