অণুগল্প –  “বুৰ্বক ছোৱালী”- স্মৃতিৰেখা সোণোৱাল

pc-BHM Pics

অণুগল্প –  “বুৰ্বক ছোৱালী”

স্মৃতিৰেখা সোণোৱাল
শান্তিপুৰ , জিলিকনি চ’ক

দুখৰ স’তে পৰিচয় নোহোৱা অপাৰ স্নেহৰ মাজত ডুবি থকা দহ বছৰীয়া ছোৱালীজনী মাতৃহাৰা হ’ল । মাতৃ বিয়োগৰ খবৰটো শুনি তাই পঢ়ি থকা বিদ্যালয়খনৰ বিষয় শিক্ষয়িত্ৰীগৰাকী সিহঁতৰ ঘৰত উপস্থিত
হয়হি ।
মেডামক দেখাৰ লগে লগে তাই উৎফুল্লিত হৈ “মেডাম আহিছে , মেডাম আহিছে …!” বুলি ঘৰৰ সকলোকে জনাই ড্ৰয়িং ৰুমলৈ নি আথেবেথে বহিবলৈ দিলে ।
তাই মেডামৰ লগত বহু কথা পাতিলে , তাই নিজে অংকন কৰা ছবিবোৰ দেখুৱালে । ঘৰৰ কাম কৰা মানুহগৰাকীৰ সহযোগত তাই মেডামৰ বাবে নিজহাতে চাহ প্ৰস্তুত কৰি আনিলে ।
তাইৰ ৰঙিয়াল মুখখন দেখি নিমিষতে তাইৰ খবৰ ল’বলৈ অহা আন আন মহিলাসকলৰ মাজত ফুচফুচনিৰ আৰম্ভ হ’ল – “বুৰ্বক ছোৱালী ! মাক মৰিছে , তাই গমেই পোৱা নাই কি ঘটিছে !!”
এৰা , এইখন সমাজৰ কটু সমালোচনাৰ পৰা দহ বছৰীয়া ছোৱালী এজনীও বাদ পৰি নাযায় ।