অট্টালিকাৰ পৰা জাপ দিলে অতিৰিক্ত জিলা আয়ুক্তই

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গুৱাহাটী মহানগৰৰ মেজিষ্ট্ৰেট কলনীত এগৰাকী অতিৰিক্ত জিলা আয়ুক্তই নিশা আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনাই ব্যাপক পতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত হিচাপে কৰ্মৰত এইগৰাকী ৰাজপত্ৰিত বিষয়া বৰ্তমান গুৱাহাটীৰে এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে ত্ৰিদিপ কুমাৰ কোঁৱৰ নামৰ এইগৰাকী অতিৰিক্ত উপায়ুক্তগৰাকীয়ে মেজিষ্ট্ৰেট কলনীৰ ৪ নম্বৰ আৱাসৰ চাদৰ ওপৰৰ পৰা জাপ মাৰি আত্মহত্যাৰ অপচেষ্টা চলাইছিল। অৱশ্যে আত্মহননৰ এই চেষ্টাত কথমপি প্ৰাণৰক্ষা পৰে ত্ৰিদিৱ কুমাৰ কোঁ‌ৱৰৰ। কিন্তু চাদৰ পৰা তললৈ জাপ দিয়াৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয়।বৰ্তমান অতিৰিক্ত উপায়ুক্ত ত্ৰিদিৱ কুমাৰ কোঁ‌ৱৰ সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতালৰ ICU ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি এ ডি চি গৰাকীয়ে আত্মহত্যাৰ অপচেষ্টাৰ পূৰ্বে এখন ছুইচাইড নোটো লিখি থৈ গৈছে। অৱশ্যে এতিয়াও তেওঁৰ আত্মহত্যাৰ অপচেষ্টাৰ কাৰণ স্পষ্ট হোৱা নাই। সমগ্ৰ বিষয় সন্দৰ্ভত লতাশিল আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে এ ডি চি গৰাকীৰ আত্মহত্যাৰ অপচেষ্টাৰ সকলো কাৰণ স্পষ্ট হৈ পৰিব বুলি আশা কৰা হৈছে। ইফালে চিকিৎসাধীন এ ডি চিগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসকে জানিবলৈ দিয়া মতে অৱস্থা অতি গুৰুতৰ। তেওঁৰ বহু দেহৰ বহু কেইটা ঠাইত ফ্ৰেকছাৰ হোৱাৰ লগতে হাত, ভৰিৰ উপৰিও আন আন ঠাইৰ হাড় ভাঙিছে।