অটুট থাকিব অগপ-বিজেপিৰ মিত্ৰতাঃমুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- বজালীত এখন নির্বাচনী সভাত অংশগ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত অহা বিধানসভা নির্বাচনতো অগপ-বিজেপিৰ মিত্ৰতা অটুট থাকিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়।মুখ্যমন্ত্রী ড° শর্মাই এই কথা প্ৰকাশ কৰি কয় যে আসনৰ পৰিমাণ কম-বেছি হ’ব পাৰে। কিন্তু ২০২৬ চনত হ’বলগীয়া বিধানসভা নির্বাচনত অগপ-বিজেপিৰ মিত্ৰতা অটুট থাকিব। আসন্ন বিটিআৰ নিৰ্বাচনৰ প্ৰসংগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিটিআৰত হয়তো খুব সম্ভৱ মিত্রতা নহ’ব। কিন্তু বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হ’ব। মন কৰিবলগীয়া এয়ে যে বিটিআৰত ইউপিপিএল আৰু বিজেপিৰ মাজত মিত্রতা আছে। কিন্তু বিজেপি দলে বিটিআৰ নিৰ্বাচনত ইতিমধ্যে মিত্ৰতা নকৰাৰ স্থিতি গ্রহণ কৰিছে। যোৱাবাৰৰ দৰে এইবাৰো বিটিআৰ নিৰ্বাচনত বিজেপি আৰু ইউপিপিএলে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা কৰিব। আনহাতে, কংগ্রেছ দলে অখিল গগৈ এআইইউডিএফৰ বিকল্প হিচাপে কাম কৰি বিজেপিক সহায় কৰা বুলি কংগ্ৰেছ নেতা প্রদ্যুৎ বৰদলৈয়ে অভিহিত কৰা সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়-তেওঁলোকে যি ভাবে ভাবক, তাত মোৰ কি আহে যায়। অখিল গগৈ ডুবিলেও ডুবক, প্রদ্যুৎ বৰদলৈ ডুবিলেও ডুবক। ইপিনে, এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ বহু ভাল ফলাফল হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিজেপিৰ বাবে প্ৰকৃততে তেওঁ প্ৰচাৰ চলোৱাৰ কোনো প্রয়োজনেই নাই। এনেধৰণৰ সভাবোৰৰ জৰিয়তে বহু মানুহ লগ পোৱা যায়। আৰু তেওঁলোকৰ পৰা কিছু কথা শিকিব পাৰি বাবেহে তেওঁ আহিছে