অটিজম
“United Nations General Assembly”ৰ সিদ্ধান্তমৰ্মে সমগ্ৰ বিশ্বতে এপ্ৰিল মাহৰ ২ তাৰিখটো “বিশ্ব অটিজম সজাগতা দিৱস” হিচাপে পালন কৰা হয়।বিশ্বৰ আন আন দেশসমূহৰ লগতে ভাৰতবৰ্ষটো 2 এপ্ৰিল তাৰিখটো “বিশ্ব অটিজম সজাগতা দিৱস” হিচাপে পালন কৰা হয়।এই দিৱসৰ মূল উদ্দেশ্য হৈছে বিশ্বৰ জনসাধৰণৰ মাজত অটিজম সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰা।কাৰণ অটিজম সম্পৰ্কে বিশ্বৰ প্ৰায়সংখ্যক মানুহ এতিয়াও জ্ঞাত নহয়।অটিজম সমস্যাত ভোগা শিশুৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰা পৰিলক্ষিত হৈছে।অলপতে প্ৰকাশ পোৱা সমীক্ষা অনুযায়ী ,বিশ্বৰ প্ৰতি ১০০ জন শিশুৰ এজন অটিজম সমস্যাত ভোগা পৰিলক্ষিত হয়।
চুইছ মনোৰোগ বিশেষজ্ঞ অয়গেন ব্লয়লাৰে ১৯১১ চনত পোনপ্ৰথমে অটিজম সমস্যাৰ বিষয়ে পোহৰলৈ আনিছিল।তেওঁ ইয়াক এজন স্কিজোফ্ৰেনিক ৰোগীক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰিছিল যি নিজৰ পৃথিৱীলৈ প্ৰত্যাহাৰ কৰিছিল। গ্ৰীক শব্দ ”autós”ৰ অৰ্থ আছিল আত্ম আৰু “অটিজম” শব্দটো ৰুগীয়া আত্ম-প্ৰশংসা আৰু নিজৰ ভিতৰত প্ৰত্যাহাৰ বুজাবলৈ ব্যৱহাৰ কৰিছিল । অটিজম কি কাৰণত হ’ব পাৰে ইয়াৰ ওপৰত বিভিন্ন গৱেষণা চলি আছে যদিও সঠিককৈ কোনেও থিৰাং কৰিব পৰা নাই। মূলতঃ অটিজম হ’ল স্নায়বিক আৰু বিকাশজনিত বাধাগ্ৰস্ততা।যি এটি শিশুৰ জন্মৰ পৰ প্ৰায় তিনি বছৰৰ ভিতৰত দেখা দিয়ে।ঘাইকৈ শিশুৰ মুখ্য বিকাশৰ কিছু ক্ষেত্ৰত এই সমস্যা পৰিলক্ষিত হয় যেনে – যোগাযোগৰ সমস্যা,সামাজিক মিলা- মিছাৰ সমস্যা,পুনৰাবৃত্তিমূলক আৰু আত্মউদ্দীপনামূলক আচৰণ ইত্যাদি।প্ৰায়ভাগ অটিজম শিশুৰ ক্ষেত্ৰত অন্য কিছুমান বাধাগ্ৰস্ততা সংযুক্ত হৈ থকা দেখিবলৈ পোৱা যায় যেনে – বৌদ্ধিক সমস্যা,অতি চঞ্চলতা,চলন-ফুৰণত অসুবিধা,মৃগীৰোগ,কথা কোৱাত অসুবিধা,শিকনৰ ক্ষেত্ৰত অসুবিধা ইত্যাদি।অটিজম শিশুসকলৰ ক্ষেত্ৰত আন কিছুমান সমস্যাও দেখিবলৈ পোৱা যায় যেনে- আনৰ চকুলৈ চাই কথা নাপাতা,শব্দ বা বাক্যৰ পুনৰাবৃত্তি কৰা,সমনীয়াৰ লগত খেলা-ধূলা নকৰা,নিজৰ মাজতে মগ্ন হৈ থকা,নীতি নিয়ম অনুসৰণ নকৰা,নিজৰ মনৰ ভাব প্ৰকাশ কৰাত অসুবিধা ইত্যাদি।
আজিৰ আধুনিকতাৰ যুগত শিশুসকল ডিজিটেল মাধ্যমৰ প্ৰতি অধিক আকৃষ্ট হোৱা দেখা যায়।শেহতীয়া ক্লিনিকেল কেছ অধ্যয়ন অনুসৰি, টিভি, ভিডিঅ’ গেম কনচৌল, আইপেড বা কম্পিউটাৰকে ধৰি স্ক্ৰীণৰ সন্মুখত অত্যাধিক সময় অতিবাহিত কৰা বহুতো সৰু শিশুৰ অটিজমৰ সৈতে সম্পৰ্কিত লক্ষণ থকা পৰিলক্ষিত হৈছে।যাক “ভাৰ্চুৱেল অটিজম” বুলি কোৱা হয়। ৰোমানিয়াৰ এজন মনোবিজ্ঞানী ডাঃ মাৰিয়ছ জামফিৰে “ভাৰ্চুৱেল অটিজম” বাক্যাংশটো উদ্ভাৱন কৰিছিল।গতিকে শিশু অৱস্থাত শিশুসকলক অত্যাধিক মবাইল বা টিভি চোৱাৰ পৰা আতৰত ৰাখিলে ভাল।
কোনো শিশুৰ ক্ষেত্ৰত এনেধৰণৰ লক্ষণবোৰ দেখা দিলে ততাতৈয়াকৈ শিশু বিশেষজ্ঞ,মনোবৈজ্ঞানিকৰ দিহা পৰামৰ্শ ল’ব লাগে।শিশু অৱস্থাৰ পৰা অটিজম শিশুসকলক অকুপেচনেল থেৰাপি,স্পিচ থেৰাপি,বিশেষ শিক্ষকৰ দ্বাৰা বিশেষ শিক্ষা আদি বিভিন্ন থেৰাপী দিব পাৰিলে দৈনন্দিন জীৱনত বিকাশ হোৱা পৰিলক্ষিত হয়।
অটিজম শিশু তথা অভিভাৱকসকলক বিভিন্ন সময়ত সমাজৰ এচাম মানুহে ঠাট্টা – মস্কৰা কৰা দেখিবলৈ পোৱা যায়।কিন্তু এনে নকৰি সকলোৱে আমি ঐক্যবদ্ধ হৈ তেওঁলোকক সহায়ৰ হাত আগবঢ়ালে অটিজম শিশুসকলো সাধাৰণ শিশুৰ দৰে আগবাঢ়ি যাবলৈ সক্ষম হ’ব।বৰ্তমান সময়ত অটিজমত ভুগি থকা বহু যুৱক যুৱতী জীৱন পথত আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে।উদাহৰণস্বৰূপে- ভাৰতৰ প্ৰথম অটিজম মডেল প্ৰণৱ বাকসী,ভাৰতৰ প্ৰথম অটিজম চৰকাৰী চাকৰিয়াল অক্ষয় ভাটনাগৰ,American Got Talent ৰ বিজয়ী ক’ডি লী ৰ কথা উল্লেখনীয়।
“বিশ্ব অটিজম সজাগতা দিৱসৰ” লগত সংগতি ৰাখি প্ৰতিবছৰে এপ্ৰিল মাহৰ ২ তাৰিখে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু পুনৰ সংস্থাপন কেন্দ্ৰবোৰত অটিজম শিশুসকলৰ লগত জড়িত বিশেষ শিক্ষক,স্বাস্থ্যকৰ্মী আৰু কৰ্মকৰ্তাসকলৰ মাজত বিভিন্ন ধৰণৰ সজাগতা সভা বা আলোচনাচক্ৰৰ আয়োজন কৰা হয় লগতে অভিভাৱকসকলকো অটিজম সম্পৰ্কে ন ন তথ্যৰ বিষয়ে অৱগত কৰোৱা হয়।ইয়াৰ উপৰি অটিজম শিশুসকলে যাতে নিজস্ব প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰে তাৰ বাবে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ অনুষ্ঠানৰো আয়োজন কৰা হয়।
মোহাইমিনুৰ ৰহমান
কেন্দ্ৰ সমন্বয়ক তথা বিশেষ শিক্ষক
আৰোহণ পুনঃসংস্থাপন কেন্দ্ৰ