অটল বিহাৰী বাজপেয়ী ভৱনত গণৰাজ্য দিবস উদযাপন
সবল, সমৃদ্ধ তথা সমাবেশী ভাৰতবৰ্ষৰ সপোন ৰচিছিল বাবাচাহেব আম্বেদকাৰে: দিলীপ শইকীয়া
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতবর্ষ গণতন্ত্ৰৰ জননী। অনৈক্যৰ মাজত ঐক্য প্রতিজন ভাৰতীয়ৰ স্বভাব। সেয়েহে ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাত গণতান্ত্রিক প্রমূল্য পৃথিৱীৰ ভিতৰতে শক্তিশালী” এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি সাংসদ দিলীপ শইকীয়াৰ। ৰাষ্ট্ৰৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ দিনা দলৰ ৰাজ্যিক কার্যালয়ত পতাকা উত্তোলন কৰি দিয়া ভাষণত এনেদৰে মতপোষণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে।
উল্লেখযোগ্য যে ভাৰতীয় সংবিধানৰ প্রণেতা ৬০ বাবাচাহেব ভীমৰাও ৰামাজী আম্বেদকাৰৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্রদান কৰি শ্রদ্ধা জ্ঞাপন কৰাৰ পিছতেই দলৰ ৰাজ্যিক সভাপতিয়ে ভাৰতীয় জনতা পার্টী, অসম প্ৰদেশৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ চৌহদত দলৰ প্ৰাক্তন সভাপতি বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্য আৰু ভবেশ কলিতাৰ লগতে দুই সহস্রাধিক দলীয় কার্যকৰ্তাৰ উপস্থিতিত গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ৰাজ্যিক সভাপতিয়ে নিজৰ বক্তৃতাত স্বাধীনতা আন্দোলনৰ সংগ্রামী সকলক স্মৰণ কৰি দেশৰ সংবিধানৰ মৰ্যদা আৰু সম্মান অক্ষুণ্ণ ৰখাৰ বাবে সকলোকে নিজ নিজ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিবলৈ আহ্বান জনায়। এই কার্যক্রমত দলৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি. আৰ, ৰবীন্দ্ৰ ৰাজু, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধীকে ধৰি দলৰ কেইবাজনো জ্যেষ্ঠ নেতাই অংশ গ্রহণ কৰে। ভাৰতীয় জনতা পার্টী, অসম প্রদেশৰ মূখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত এই কথা উল্লেখ কৰা হয়। উল্লেখযোগ্য যে পতাকা উত্তোলনৰ কার্যক্রমৰ অংশ হিচাপে ৰাজ্যিক সভাপতিয়ে প্রাক্তন সভাপতি দুগৰাকীক লগত লৈ কার্যালয় চৌহদত গছপুলি ৰোপন কৰে “মাৰ নামত এজোপা গছ” অভিযানৰ অংশ হিচাপে গছপুলি ৰোপন কৰাৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যৰ বিষয়ে কার্যকর্তা সকলক বিস্তাৰিত ভাবে ৰাজ্যিক সভাপতিয়ে বর্ণনা কৰে।বাবাচাহেব ভীমৰাও আম্বেদকাৰে প্ৰণয়ন কৰা সংবিধানক শিৰত লৈ ভাৰতীয় জনতা পার্টীয়ে ৰাষ্ট্ৰক বিশ্বশক্তি হিচাপে প্রতিষ্ঠা কৰাৰ কাৰণে অৰ্হনিশে কৰি থকা বিভিন্ন কাৰ্যৰ বিষয়ে ৰাজ্যিক সভাপতিয়ে কার্যকর্তা সকলক অৱগত কৰে। সংবিধানৰ জৰিয়তে ৭৫ বছৰ পূর্বেই এক সবল, সমৃদ্ধ তথা সমাবেশী ভাৰতবৰ্ষৰ সপোন ৰচিছিল বাবাচাহেব ভীমৰাও আম্বেদকাৰে। কিন্তু কংগ্ৰেছৰ অপশাসন, দুর্নীতি তথা তোষামোদৰ ৰাজনীতিয়ে আমাৰ দেশখনক দুর্বল কৰাৰ লগতে অনগ্ৰসৰ কৰি ৰাখিছিল বুলি ৰাজ্যিক বিজেপিৰ সভাপতিয়ে মতপোষণ কৰি কয়-” কেন্দ্রত নৰেন্দ্র মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতহে বহনক্ষম আৰু সমাবেশী নীতিৰে ভাৰতবৰ্ষক বিশ্বশক্তি হিচাপে প্রতিষ্ঠা কৰাৰ কাৰণে দিনে নিশাই কাম কৰি আছে। উল্লেখযোগ্য যে প্রায় ১০০ বছৰ পূর্বে স্বামী বিবেকানন্দই ভাৰতবৰ্ষক বিশ্বণ্ডক হিচাপে কল্পনা কৰিছিল। স্বামীজীৰ এই কল্পনাক বাস্তৱৰূপ দিবলৈ বর্তমান সময়ত নৰেন্দ্র মোদীৰ নেতৃত্বাধীন চৰকাৰে অহোপুৰুষাৰ্থ কৰিছে”। ঠিক একেদৰে অসমতো মূখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনৰ সর্বাংগীন উন্নয়নৰ বাবে সর্বব্যাপী আৰু সর্বস্পর্শী নীতিৰে ব্যাপক হাৰত উন্নয়ন আৰু কল্যাণকামী আঁচনি ৰূপায়ন কৰি থকা হৈছে বুলি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই তেওঁৰ বক্তব্যত উল্লেখ কৰে। ৰাজ্যিক কাৰ্যালয়ৰ সমান্তৰালভাৱে দলৰ ৩৯ খন সাংগঠনিক জিলা আৰু ৩৩৪ টা মণ্ডলৰ কাৰ্যালয়তো উলহ মালহৰে গণৰাজ্য দিৱসৰ কাৰ্যক্ৰম সমাপন কৰা হয়। সংশ্লিষ্ট জিলা আৰু মণ্ডলৰ কাৰ্যালয়ত সভাপতি সকলে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সমান্তৰালভাৱে সকলো কাৰ্যালয়তে বিভিন্ন ধৰণৰ সাংস্কৃতিক আৰু অন্যান্য কাৰ্যক্ৰমো ৰূপায়ন কৰা হয়।