অঞ্জু দৰ্জী হত্যাকাণ্ডৰ অভিযুক্ত মণিৰ খানক আটক

অঞ্জু দৰ্জী হত্যাকাণ্ডৰ অভিযুক্ত মণিৰ খানক আটক

ৰঙিলী বাৰ্ত্তাসেৱা-  অঞ্জু দৰ্জীৰ হত্যাকাণ্ডৰ অভিযুক্ত মণি খানক গ্ৰেপ্তাৰ। দিছপুৰ থানাত সোধাপোছাৰ পিছত গ্ৰেপ্তাৰ কৰা হয় মণি খানক।  উল্লেখযোগ্য যে ছয়মাইলৰ পূৰ্বাশা এপাৰ্টমেণ্টত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল অঞ্জু দৰ্জীৰ মৃতদেহ। এপাৰ্টমেণ্টত অঞ্জু দৰ্জীৰ সৈতে একেলগে আছিল মণি খান। নিজৰ পত্নী, সন্তান থকাৰ পিছতে অঞ্জু দৰ্জীৰ সৈতে লিভ-ইনত আছিল মণি খান। অঞ্জুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ সময়ৰে পৰা পলাতক অৱস্থাত আছিল মণিৰ খান। অৱশেষত দেওবাৰে দিছপুৰ আৰক্ষীয়ে আটক কৰে মনি খানক। জানিব পৰামতে, ছয়মাইলৰ পূৰ্বাশা এপাৰ্টমেণ্টৰ চিচিটিভি ফুটেজ সংগ্রহ কৰিছিল আৰক্ষীয়ে। আৰু সেই ফুটেজৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে ক্ষিপ্রতাৰে আৰম্ভ কৰিছিল তদন্ত। তদন্তৰ পাছতেই গুৱাহাটীৰ পৰা মনি খানক আটক কৰিবলৈ সক্ষম হয় দিছপুৰ আৰক্ষী।