অঞ্জল- সংগীতা ডেকা

Pc- Shutterstock

 অঞ্জল

এটি আশা আঁতৰিল
মনত বহু সপোন সিঁচি
প্ৰাণবোৰ চিটিকিছিল হে মাথোঁ
আকৌ মৰিশালি….!
শুকাই যাব ধৰা ফুলৰ পুলিটোত এতিয়া
জলাস্পৰ্শৰো যে হেঁপাহকণ নোহোৱা হ’ল
উশাহবোৰক, নকৈ সজাবলে ।
ঘনে ঘনে সেমেকি উঠে,
প্ৰতিচ্ছবিবোৰ নয়নেৰে চুলেই….!
অধৰে সজোৱা অনুভৱী সংগীতবোৰো আজি,
ছন্দ হেৰুৱাই লয়বিহীন হ’ল…
মনত সজাই থোৱা,
উমাল হিয়াখনক চুই চাবলে….!
দুবাহুৰ বক্ষত এক অব্যক্ত আকুলতা
বিৰহিনী নৈখনক নিলগে পৰশা
সাগৰখনৰ বুকুত এৰি দিবলৈ…..!
পিছে চকুৰে নেদেখা সীমনালৈয়ো দেখোঁ,
সাঁকোবোৰ আজি, ভাঙি ভাঙি হে পৰিল….
শেষান্তত, নৈঃশাব্দিক হ’ল আৱেগ
আপোন আপোন লগা পথত জীৰাবলেও…..!

 সংগীতা ডেকা,
ৰঙিয়া