অণুগল্পঃ
অজুহাত
ঝৰ্ণাই কলমটো অকাই-পকাই বহীখনত কিবা লিখিলে যদিও কবিতাৰ বাবে এটা শব্দও ওলাই নাহিল। অৱশেষত বিৰক্ত হৈ পুৰণা ডায়েৰীখন মেলি চাওঁতে চকু গ’ল বহু বছৰ আগতে থৈ দিয়া পুৰণা প্ৰেমিকে দিয়া এখন চিঠি, য’ত লিখা আছিল হেঁপাহৰ নিভাঁজ কোণৰ ভাষাৰে –
“তুমিয়েই মোৰ প্ৰেম,
তুমিয়েই মোৰ বিশ্বাস,
তুমিয়েই মোৰ চন্দ্রমা… “
পুৰণা স্মৃতিক মনত পেলাই আৱেগত বৈ আহিব খোজা তপত চকুলো দুধাৰিক বাধা দি আনৰ বিবাহিতা পত্নী বুলি নিজকেই সান্ত্বনা দিলে যদিও আজিও তাইৰ হৃদয়ৰ পৃষ্ঠাত সাঁথৰ হৈয়েই ৰ’ল — “কি আছিল অজুহাত মোৰ পৰা আঁতৰি যোৱাৰ?”
ৰিছামনি আকতাৰা,
জৰিবৰ, লাহৰীঘাট, মৰিগাঁও