অজানিতেই! – অৰ্ণৱ কটকী

অজানিতেই!

অৰ্ণৱ কটকী
জাঁজী, যোৰহাট

প্ৰেমত পৰিলোঁ তোমাৰ
নজনাকৈয়ে নভবাকৈয়ে !
গভীৰ পৰা গভীৰতালৈ, তোমাৰ মিঠা প্ৰেমৰ পৰশত ।
শেলুৱৈ ধৰা বুকু খনিক জীপাল কৰিলা মৰমৰ উত্তাপ দি,
প্ৰেমত পৰিলোঁ মই তোমাৰ অকস্মাতে।
সপোন দেশৰ ৰাণী যেন তুমিয়েই মৰতৰ পৰী
আকুল হিয়াৰ অবুজ শিহৰণ তুমি।
তোমাক লৈয়ে নিতে ফুলনি পাতো,এখনি ৰঙা গোলাপৰ চাদৰ পিন্ধাও;
কল্পনাৰ বোৱতী সুঁতিত তুমিয়েইটো মোৰ মন মন্দাকিনী
সামৰি লৈ আৱৰি ৰাখিলা তুমি, কেঁচা কলিজাৰ মাজত ।
নতুনকৈ জীৱনে উশাহ পালে মোৰ
তোমাৰ হাতৰ সুকোমল সোৱাদত , অবুজ শিহৰণত ।
হালধীয়া কামনাৰ অপত্য সমদল তোমাৰ হিয়াৰ কাষেৰেই প্ৰৱাহিত আজি
মৌন শব্দ বাক্য, শৰবিদ্ধ আজি প্ৰেমৰ অসীম সমষ্টিত ।
দুহাত মেলি সেউজীয়া সাৱটি মই
তোমাৰ  বাসনাৰ তৃষ্ণা ক্ষুধাক আলিংগন,
মৰমৰ জৰী বুকুতে বান্ধি
অজানিতে গোপনে প্ৰেম হ’ল মোৰ
ঠিক তোমাক লগ পোৱাৰ পিছতেই, মনে মনে।।