অজানমূলুক – ইভা গন্ধীয়া ফুকন 

অজানমূলুক 

ইভা গন্ধীয়া ফুকন 

ক’ত আছে অজানমূলুক
তাত জিলিকেনে কেতিয়াবা
জোনাকত কাঁইটীয়া বাট
তাত ফুলেনে সুগন্ধি গোলাপ
প্ৰেম,বিৰহ,বাল্য,বৃদ্ধ
আনন্দ,চকুলো,অনুভূতি, যন্ত্ৰণা ,তিৰস্কাৰ ,তোষামোদ
এইবোৰৰ স্থান আছে নে তাত
জানিবৰ ইচ্ছা জাগেনে হৃদয়ত
তাত পোহৰে হাতৰ মুঠিত আনেনে আন্ধাৰ
তাত শুনিনে কেতিয়াবা নদীৰ উচুপনি
সাগৰৰ গৰ্জন, পৰ্বত- পাহাৰৰ বিননি
অজানমূলুক এখন অচিনাকি দেশ
তাত মানুহবোৰ চাগৈ  উলংগ নহয়
কেউদিশে থাকে নেকি সুখৰ আলয়
তাত গছৰ ডালত নপৰেহি পুৱতিৰ চৰাই
তাত জোনাকে নাগায় কাহানিও বিষাদৰ গীত
জীৱন নাট সামৰি সকলোৱে কৰিব লাগিব
অজনমূলুকৈ গতি
এইয়াই সময়ৰ ৰীতি।