অচিৰেই অসম এৰিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান অসম এৰিব জি পি সিঙে

অচিৰেই অসম এৰিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান অসম এৰিব জি পি সিঙে

ৰঙিলী বাৰ্ত্তাসেৱা- অচিৰেই সলনি হ’ব অসম আৰক্ষী সঞ্চালক প্ৰধান। বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই পদবীৰ পৰা বিদায় লৈ যোগ দিব গৈ এক কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাত। চলিত বছৰৰ আগষ্টৰ ভিতৰতে জিপি সিঙে এই পদবী এৰিব। ED অথবা CRPFৰ DG পদত নিয়ুক্তিৰ সম্ভাৱনা অসম আৰক্ষীৰ সঞ্চালক জিপি সিঙৰ। শীঘ্ৰে নিয়ুক্তিৰ সন্দৰ্ভত অধিসূচনা জাৰি কৰিব কেন্দ্ৰই। ১৯৯১ চনৰ আই পি এছ বিষয়া জি পি সিং। উল্লেখযোগ্য যে ‘কা’ আন্দোলনৰ সময়ত জি পি সিঙক দিল্লীৰ পৰা অনা হৈছিল অসমলৈ। ভাস্কৰজ্যোতি মহন্তই অৱসৰ গ্ৰহণ কৰা পাছতেই তেওঁৰ স্থানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছিল জি পি সিঙক। ২০২৩ চনৰ ৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিছিল জি পি সিঙে। ডেপুটেশ্যনত দিল্লীলৈ জিপি সিং যোৱাৰ পাছত অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান পদত কাক নিযুক্তি দিয়া হয় সেয়া লক্ষণীয় হৈ পৰিছে। এই দৌৰত হৰমিৎ সিঙকে ধৰি কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া আছে।