অচিন কাঠৰ থোৰা- দিপ্তী মনি গোস্বামী 

Pc Peakpx
কথা গল্প
অচিন কাঠৰ থোৰা
দিপ্তী মনি গোস্বামী 
– “ঘৰত কোনোবা আছে নে? মাত এষাৰ দিয়কচোন”
– “কোন নো?”
– “ম‌ই বাইদেউ, গাঁৱৰ পৰা আহিছোঁ; দিনটো পেটত কণ এটাও পৰা নাই। দৰ্জাখন খোলকচোন পানী এগিলাচ দিয়ক!”
– “তুমি এই ভৰ ৰ’দ খনত কণমানিটোক তেনেকৈ লৈ ফুৰিছা, ঘৰত থৈ আহিব লাগে আকৌ!”
– “কাৰ লগত থম বাইদেউ? বাপেক টো কঁকাল ভগা দিনটো বিছনাতে পৰি থাকে, ম‌ই অজাতি ছোৱালী বুলি শাহু-শহুৰে ঘৰৰ পৰা খেদি দিলে!”
– “অ, হয় নে?”
– “হয় বাইদেউ, পানী অকন দিয়কচোন টেটুটো এহাতলৈকে শুকাই গৈছে!”
– “লোৱা ল’ৰাটোক ঠাণ্ডা পানী নোখুৱাবা, তালৈ ম‌ই গৰম পানী আনিছোঁ ৰ’বা!”
-“বাইদেউ আপুনি অকলে থাকে নেকি?”
-“অকলে মানে এওঁ আৰু ম‌ই”
-“ঘৰৰ কামবোৰ আপুনি নিজেই কৰে নে?”
-“ওঁ, ঘৰখনত কেইটানো কাম থাকে নিজেই কৰোঁ!”
-“ম‌ই ক’ৰবাত কাম পোৱা হ’লে কৰিলোঁ হেঁতেন বাইদেউ, গাভৰু মানুহ জনীয়ে খুজিলে মানুহে বৰ বেয়াকৈ কয়, নোখুজিলেও উপায় নাই, কামেই পাবলৈ নাই;  বাপেক টো আৰু পোণাটোৰ মুখত কিবা এটাতো দিবলৈ পাব লাগিব, সেই বুলিয়েই চহৰত খুজিবলৈ আহোঁ বাইদেউ!”
-“তুমি কি কাম জানা?’
-“ম‌ই সকলো কামেই জানো বাইদেউ, ঘৰ সৰা-মচা, ৰন্ধা-বঢ়া, কানি-কাপোৰ ধোৱা, চাউল চলা, বাচন_বাটি ধোৱা।”
-“ঠিক আছে দিয়া, কাইলৈৰ পৰা আমাৰ ঘৰতে কাম কৰিবলৈ আহিবা, এওঁ এনেয়ো মোক বহু দিনৰ পৰা কাম কৰা মানুহ এজনী ল’বলৈ কৈয়ে আছে, ম‌ইহে ভাল মানুহ পোৱা নাই কাৰণে নাই ৰখা।”
-“ঠিকেই কৰিছে বাইদেউ, যাহাতাহা কৈ মানুহ এজনী ল’লে বিপদ আছে বাইদেউ, আজি কালি মানুহৰ আসৈ নাপায়; কাকো বিশ্বাসত নল’ব!”
– “তাকেহে অ’, তোমাৰ নাম টো কি?”
– “মোৰ নাম বৰাহী বাইদেউ!”
-“বাৰু বতাহী তুমি বহা, ম‌ই তোমালৈ চাহ একাপকে বনাওঁ গৈ!”
-“দিয়ক বাইদেউ।”
-“বাইদেউ ছাৰে কিবা কৰে নে?”
-“ওঁ, এওঁ প্ৰফেছাৰ।”
-“ক’ত কৰে?”
-“মদনপুৰ কলেজত”
-“আহি পাওঁ তে ৰাতিয়েই হয় চাগৈ?”
-“ৰাতি নহয়, সন্ধিয়াৰ আগে আগে পায়হি”
-“অ অ”
-“বাৰু বহা, চাহকন বনাই আনোঁ”
-“বাইদেউ “
-“তুমি পাগঘৰলৈ কিয় আহিছা?”
-“এনেই… “
-“কেঁচুৱাটো কি কৰিলা?”
-“বাপেকৰ কোঁচত “
-“কি?”
-“ওঁ, “
-“এইটো কোন?”
-“মোৰ মানুটো “
-“তহঁতৰ মতলব কি, ৰ’ ম‌ই থানালৈ ফোন কৰিছোঁ!”
-“ফোন থৈ দিয়ক বাইদেউ, আপুনি পিছফালে ঘূৰি চাওঁক, আমি পাঁচটা আপুনি অকলে, ঐ বিপিন দে নাকত দি দে!”
-“আ ৰে, ম‌ই মাটিতে শুইছিলো যে….? বতাহী, ঐ বতাহী, এই কলৈ গ’ল? হায়.
মোৰ কানৰ ফুলি? আৰে ডিঙিৰ চেইনডালো নাই!
হায়!! মোৰ গদৰেজ‌ও ভঙা !! এওঁক কি বুলি ক’ম ……..???