অচিনাকী অনুভৱৰ বাটত
নাচিমা য়াচমিন ,বিশ্বনাথ চাৰিআলি
: excuse me
: yes
: বেয়া নাপায় যদি, window চিটটো মোক দিব পাৰিব নি?
: হয়, sure… বহক।
অভয়ে নিজৰ ফোনৰ স্ক্ৰীনৰ পৰা চকু আঁতৰাই বাছত উঠা নিজৰ চিটৰ কাষত থিয় দি থকা ছোৱালীজনীৰ ফালে এবাৰ চাই পঠিয়ালে। আনুমানিক ২৩- ২৪ বছৰীয়া। আকাশী নীলা ৰঙৰ কুৰ্টি পিন্ধি চুলিখিনি আধাকৈ বান্ধি ৰখা দ্বীপলিপ ছোৱালী এজনী থিয় দি আছে। কপালত সৰু ক’লা ফোঁট, ওঁঠত গোলাপী ৰং। অভয়ৰ তাইক এবাৰ দেখি হেঁপাহ নপলাল। অচিনাকী ছোৱালী এজনীৰ সৌন্দৰ্য্যত মোহিত হোৱা যেন অশোভন ঠেকিব পাৰে বুলি, সি নিজৰ মনক সংযত কৰিলে।
ছোৱালীজনীয়ে খিৰিকিৰে বাহিৰৰ দৃশ্য উপভোগ কৰি আছে, আৰু অভয়ে তাইৰ মোহনীয় চেহেৰাটো। তাইৰ কাণত এয়াৰফোন লগাই থোৱা, হয়তো গান শুনি আছে। অভয়ে মনে মনে তাইৰ লগত কথা পাতিবলৈ ইচ্ছা কৰিলে। চিনাকী হ’বলৈ মন গ’ল। কিন্তু তেওঁৰ অন্তর্মুখী স্বভাৱে তেওঁক বাধা দিলে। হয়তো ছোৱালীজনীয়ে তাইৰ দৃষ্টিৰ তীব্ৰতা অনুভৱ কৰিলে। তাই চুপচাপ কাণৰ পৰা এয়াৰফোনডাল খুলি লৈ বেগত ভৰাই থ’লে।
: ক’লৈ যাব আপুনি?
: গুৱাহাটী। আপুনি?
: মই তেজপুৰলৈ যাওঁ।
: আচ্ছা।
: ভালে হ’ল তেন্তে, নহ’লে অকলে অকলে ব’ৰ লাগিল হয়। নহয় নেকি?
: তাকেই। আপোনাৰ নামটো জানিব পাৰিম নি, যদি বেয়া নাপায়?
: আলোকপৰ্ণা দেৱী। আপুনি?
: অভয় হাজৰিকা।
: অ’ হয় নি, অভয়! মানে ভয় নকৰে আপুনি, .,,,?
এনেতে বাছখন স্পিড বেকাৰত পৰি প্ৰচণ্ড জোৰত জোঁকাৰি উঠিল। অভয়ে “মৰিলোঁ ঐ!” বুলি চিঞৰি উঠিল। ছোৱালীজনীয়ে কিৰিলি পাৰি বত্ৰিছ দন্ত উলিয়াই হাঁহিলে । অভয়ে লাজ খাই মনতে আপোন মনে হাঁহি দিলে।
কিছু সময় নিস্তব্ধ হৈ ৰ’ল। বাছখনে বালিপাৰাত গৈ ৰখিলে। গৰমত গলি যাওঁ গলি যাওঁ যেন লাগিল।আলোকপৰ্ণাই নিজৰ বেগৰ পৰা এখন সৰু টোকাবহীসদৃশ এখন উলিয়াই বিচিব ধৰিলে।
: এইচব বৰ আমনি লাগে কিবা। ৰখিলে যোৱাৰ নামেই নলয়।
: এই গৰমত মানুহ গলি গলে হে শান্তি পাব! অসহ্যকৰ এইবোৰ মানে।
মুখেৰে এসোপামান বিৰক্তিৰ শব্দ বিৰবিৰাই থকা আলোক পৰ্ণাৰ ফালে অভয়ে দৃষ্টি নিক্ষেপ কৰি মাজে মাজে মিছিকিয়াই হাঁহি থাকে। আকৌ তাই বেয়া পায় বুলি অলপ ভয় নকৰাও নহয়।
তাই কটমটকৈ চাই ক’লে,
: হাঁহিব কি হ’ল?
: নাই, নাই…sorry।
প্ৰায় আধাঘণ্টা মান পিছত বাছখনে আকৌ যাত্ৰা আৰম্ভ কৰিলে। খিৰিকিৰে সোমাই অহা শীতল বতাহে বাছৰ ভিতৰত থকা সকলোৰে প্রাণ জুৰাই তুলিলে। অভয়ে কিবা এটা ক’বলৈ ধৰিছিল হে, কিন্তু ছোৱালীজনী ইতিমধ্যে টোপনিয়েই গ’ল। শীতল বতাহজাকে তাইক গভীৰ টোপনিত আৱদ্ধ কৰিলে। অভয়ে চুপচাপ তাইক চাই থাকিল। তাইৰ মুখখনি নীৰ্ভাৰ, শান্ত। যেন কোনো অসীম সপোনৰ গভীৰতাত ডুব মাৰিছে। তাইৰ আঙুলিবোৰত এখন সৰু পাতল নীলাভ টোকাবহী ধৰি আছে। হঠাৎ, আকস্মিকভাৱে বাছখন জোঁকাৰি খোৱাত, টোকাবহীখন তাইৰ হাতৰ পৰা মাটিত পৰি গ’ল। বাছখনে ৰখালে।
: মিচন চাৰিআলি, মিচন চাৰিআলি! ওলাই আহক, সোনকালে নামক!
তাই তৎক্ষণাৎ দৌৰি ওলাই গ’ল।অভয়ৰ ফালে ঘূৰি চাবলৈও সময় নল’লে। আচলতে দোষ তাইৰো নাই। সকলো যাত্ৰী নামি গৈছিল অলপতে, তাইহে ৰৈ গৈছিল। শেষ মূহুৰ্তত তত-মত খাই ওলাই গ’ল তাই। টোপনিৰ পৰা সাৰ পালে, এনেই মগজুয়ে কাম নকৰে। অভয়ে তাই যোৱা ফালে একেৰাহে চাই থাকিল।
কিছুমান যাত্ৰা বৰ সুন্দৰ হয়, কিন্তু সময়ৰ হে নাটনি হৈ পৰে। আলোকপৰ্ণাৰ স্মৃতি মনতে এৰি, বাছখন আকৌ গতি লাভ কৰিলে। অলপ পাছতে অভয়ে চিটৰ তলত পৰি থকা ডায়েৰীখন দেখি তুলি ল’লে। এইখন অলপ আগতে তাই বিচি থকাখনেই হয়। সি কৌতুহল সামৰিব নোৱাৰি এবাৰ ডায়েৰীখন মেলি চালে।
প্ৰথম পৃষ্ঠাতে গোটা গোটা আখৰত লিখা আছিল…
“মোৰ উশাহ, কীটু… মোৰ প্ৰিয় বান্ধৱী। মোৰ এই ডায়েৰীখন। মোৰ ভাল লগা, বেয়া লগা সকলো অনুভৱৰ সাক্ষী স্বৰূপ। কোনোবাই যদি সঁচাকৈয়ে মোক বুজিব বিচাৰে, অনুভৱ কৰিব বিচাৰে, তেন্তে এইখন এবাৰ পঢ়িব। মোক চিনি পাবলৈ এইখনেই যথেষ্ট।”
অভয়ে আচৰিত হৈ পৃষ্ঠাবোৰ লুটিয়াই চাবলৈ ধৰিলে। নীলা-ক’লা চিয়াঁহীৰে লিখা এখন সুন্দৰ হাতৰ আখৰেৰে লিখা পৰিপাটী ডায়েৰী, য’ত লুকাই আছে এজনী ছোৱালীৰ জীৱনৰ কাহিনী। সৰু-বৰ সকলো পৰিঘটনা। নানা অনুভৱৰ আলেখ্য, কিছু কবিতা, কিছুমান অসমাপ্ত বাক্য… যেন কোনোবা অদৃশ্য ব্যক্তিৰ গোপন অনুভৱৰ প্ৰতিচ্ছবি।
গুৱাহাটীৰ এই বাছযাত্ৰাত, অভয়ে তাইৰ ৰূপত মোহিত হৈ পৰিছিল কিন্তু এতিয়া ডায়েৰীখন পঢ়ি তাইৰ প্ৰেমত পৰি গ’ল। তাইৰ আশা – সপোনবোৰ তেনেই সাধাৰণ। কিন্তু আটাইতকৈ পৃথক। আজিৰ দিনত এনে সপোন ৰখা ছোৱালী খুব কমহে ওলাব। কি সুন্দৰ তাইৰ প্ৰতিটো বাক্যৰ শাৰী! গভীৰতা সানি লিখা কথাবোৰে অভয়ৰ মনত শিহৰণ সৃষ্টি কৰিলে।
: চেহ, তাইক আকৌ এবাৰ লগ পোৱা হ’লে…
কিন্তু কি কৰিব পাৰিব নো সি….তাইক নীৰৱে মনত পেলোৱাৰ বাহিৰে। এনেকৈয়ে অভয় নিজৰ দৈনন্দিন কামত ব্যস্ত হৈ পৰিল। হয়তো আলোকপৰ্ণাই তাক পাহৰি পেলাইছে। হয়তো তাইৰ বাবে সি কেৱল এজন নিতৌ পথযাত্ৰী হে মাত্ৰ। কিন্তু অভয়ৰ হৃদয়ত যে তাইৰ প্ৰতি জন্ম লৈছে অলেখ অনুভূতিবোৰ , সেইয়া জানো মিছা হ’ব পাৰে? দিনশেষত, সি এবাৰ অন্ততঃ ডায়েৰীখন উলিয়াই ল’য়। তাইক মনত পেলায়। তাইক অনুভৱ কৰে। হুমুনিয়াহ এটি কাঢ়ি আকৌ ডায়েৰীখন জপাই থয়। কিন্তু আচৰিত ভাৱে সি এদিন আৱিষ্কাৰ কৰিলে… শেষ পৃষ্ঠাটিৰ একেবাৰে তলত, অলপ সৰুকৈ লিখা এটা ফোন নম্বৰ। তাৰ চকুৱে এই পৰ্যন্ত নম্বৰটো লক্ষ্য কৰা নাছিল। আজি আচৰিত ধৰণে, নম্বৰটোৰ ওপৰত তাৰ দৃষ্টি গ’ল।সি এপলক সময় নষ্ট নকৰি নম্বৰটো ডায়েল কৰিলে।
এজনী ছোৱালীৰ কণ্ঠস্বৰ… উফ্, শান্তি…এয়া যে আলোকপৰ্ণাৰ কণ্ঠস্বৰ। তাৰ বুজিবলৈ বাকী নাথাকিল। তাৰ সেমেকা চকুজুৰি উজ্বল হৈ উঠিল। ওঁঠত বিৰিঙি উঠিল এমুঠি প্ৰাপ্তিৰ হাঁহি। আনন্দত তাৰ এপাক নাচি দিবলৈ মন গ’ল। তাতোকৈ বেছি আচৰিত হয় সেই কথাটো শুনি…যিদৰে অভয়ে তাইক লগ পোৱাৰ আশাত আছিল, তাইৰ লগত যোগাযোগ কৰাত ব্যাকুল হৈ পৰিছিল.. আলোকপৰ্ণাইয়ো তাৰ বাবে অপেক্ষা কৰিছিল! তাক কেৱল মাত্ৰ এক পথযাত্ৰী হিচাপে পাহৰি যোৱা নাছিল।
বাছৰ এক সৰু যাত্ৰাই এটি সুন্দৰ প্ৰেম কাহিনীৰ সৃষ্টি কৰিলে। বাছযাত্ৰাবোৰ কেৱল যে আমনিদায়কেই হয় তেনে নহয়, কেতিয়াবা ই ৰচিত কৰে একো একোখন অনুপম প্ৰেম কাহিনী।