অচিনাকি লোকক ঘৰ ভাৰা দিব নালাগেঃমুখ্যমন্ত্রী

অচিনাকি লোকক ঘৰ ভাৰা দিব নালাগেঃমুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা-পুনৰ মিঞাৰ বিৰুদ্ধে সৰৱ হৈ পৰিল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। ডিব্ৰুগড়ত মিঞাৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য- উজনিলৈ মিঞাক আহিব দিব নালাগে। উজনি অসমত কোনোবা যদি বহি আছে, তাক উচ্ছেদ চলোৱা হ’ব। যেনেকৈ উৰিয়ামঘাটত উচ্ছেদ চলোৱা হ’ল, তেনেকৈ ইয়াতো চলোৱা হ’ব উচ্ছেদ। অচিনাকি লোক য’তেই বহিব তাতেই উচ্ছেদ চলোৱা হ’ব। একমাত্র কথা হ’ল মানুহে এই লোকসকলক ভাৰাঘৰ দিব নালাগে, আশ্রয় দিব নালাগে। মানুহে যদি ভাৰা দিয়ে তেন্তে উচ্ছেদ কৰিব নোৱাৰিম। মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে চৰকাৰে অকলে অসমক সুৰক্ষিত কৰিব নোৱাৰে, সকলোৱে তাত অৱদান যোগাব লাগিব। ঘৰৰ মালিকে এনে লোকক ভাৰা দিব নালাগিব, উদ্যোগপতিয়ে কাম দিব নালাগিব, ঠিকাদাৰে কাম দিব নালাগিব, মানুহে নিজৰ মাটিত খেতি কৰিবৰ বাবে অচিনাকি মানুহক মাতিব নালাগিব। এনেদৰে জাতীয় প্ৰতিৰোধ এটা গঢ়ি তুলিব লাগিব।