অচিনাকি চাৱনিত চিনাকি মন – কাকলি কুমাৰী

Pc Pexels

অচিনাকি চাৱনিত চিনাকি মন

কাকলি কুমাৰী,হাজো

কেতিয়াও লগ নোপোৱা,
দেখাও নোপোৱা —
মাত্ৰ এক চকুৰ চাৱনিতেই
দুদিনৰ বাবে
তোমাক লগ পাইছিলোঁ।
না জানো তোমাৰ নাম,
না কাহিনী —
একোকে নাজানো;
তথাপি কিয় জানো
মনটো ভাল লাগি ৰ’ল।
দুজনৰ ভাষা বেলেগ,
ঠাই বেলেগ,
মানুহজনো বেলেগ —
কিন্তু অনুভৱটো
অদ্ভুতভাৱে একে।
চিনাকি হোৱাৰ সুযোগেই নাপালোঁ,
শব্দবোৰো ওঁঠৰ
ওচৰতে ৰৈ গ’ল।
পাছলৈ ঘূৰি চাই
মাথোঁ এটাই আশা —
কেতিয়াবা, কোনোদিনে,
 হঠাৎ আকৌ এবাৰ
তোমাক লগ পাম বুলি…