অগপৰ ৪১সংখ্যক প্ৰতিষ্ঠা দিৱস পলন

অগপৰ ৪১সংখ্যক প্ৰতিষ্ঠা দিৱস পলন
জুবিন গাৰ্গৰ সপোনৰ অসমখনেই অসম গণ পৰিষদ দলৰ জন্ম আৰু কৰ্মৰ মূল আধাৰ— প্ৰতিষ্ঠা দিৱসৰ সভাত সভাপতি অতুল বৰাৰ মন্তব্য

ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত জন্মলাভ কৰা অসম গণ পৰিষদ দলৰ ৪১ সংখ্যক প্রতিষ্ঠা দিৱস গুৱাহাটীৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয়। পুৱা অসম গণ পৰিষদৰ পতাকা উত্তোলন কৰি দলৰ সভাপতি অতুল বৰাই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে৷ ইয়াৰ পাছতে দলৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই শ্বহীদ তর্পন কৰে৷ আনহাতে, দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ডা° কমলা কলিতাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত প্ৰতিষ্ঠা দিৱসত উপস্থিত সকলোৱে বন্তি প্রজ্বলন কৰে৷ অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সতীর্থসকলক সোৱঁৰণ কৰে৷ আনহাতে, ইয়াৰ পাছতে আৰম্ভ হোৱা মুকলি সভাত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ভাষণ প্ৰদান কৰি কয়— অসমৰ ভূমিপুত্ৰ, খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক সুৰক্ষাৰ বাবে অসম গণ পৰিষদ দলে পৰিকল্পিতভাৱে কাম কৰি যাব। ক্ষমতা দখলেই অগপৰ মূল লক্ষ্য নহয়। অসমৰ জনসাধাৰণৰ প্ৰতি অগপ সদায় দায়বদ্ধ। এৰি অহা দিনৰ অভিজ্ঞতাক সাৰথি কৰি অগপই আগবাঢ়ি যাব লাগিব। জনসাধাৰণৰ লগত থাকি জনাসাধাৰণৰ হিতাৰ্থে প্ৰতিপল কাম কৰি যোৱাটোৱে অগপৰ মূল লক্ষ্য৷ বৰাই লগতে কয় যেঃ জুবিন গাৰ্গৰ যিখন সপোনৰ অসম সেই অসমখনেই অসম গণ পৰিষদ দলৰ জন্ম আৰু কৰ্মৰ মূল আধাৰ৷ জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে এখন বৃহত্তৰ অসম গঢ়াৰ বাবে অগপৰ প্ৰতিজন সৈনিকে নিষ্ঠাৰে কাম কৰি আছে৷ সভাপতি বৰাই লগতে কয়— “জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে অসমক ভালপোৱা সৰ্বস্তৰৰ ৰাইজৰ আঞ্চলিকতাবাদ তথা জাতীয়তাবাদৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে। শেহতীয়াভাৱে সমগ্ৰ ৰাজ্যখনত অসম গণ পৰিষদৰ কৰ্মীসকলৰ মাজত যি স্বাভিমান গঢ় লৈ উঠিছে, মনৰ মাজত যি এক প্ৰবল আত্মবিশ্বাস জাগি উঠিছে, সেয়া দলটোৰ বাবে এক নৱজাগৰণৰ লক্ষণ। এই জাগৰণক সাৰোগত কৰি প্ৰগতিশীল জাতীয়তাবাদক সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি দূৰদৃষ্টিৰে আৰু ঐক্যবদ্ধভাৱে কাম কৰি যাম। সকলোকে এই যাত্ৰাৰ সহযোগী হ’বলৈ আন্তৰিক আহ্বান জনালোঁ আৰু অসমৰ ৰাইজৰ মৰম-আশিস কামনা কৰিছোঁ”আজিৰ অনুষ্ঠানত ঐতিহাসিক অসম আন্দোলনত বিশেষ অৰিহণা যোগোৱা তথা অগপৰ জন্মলগ্নৰে পৰা অৰিহণা যোগোৱা কেইবাগৰাকী নমস্য ব্যক্তি — অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, দ্বিজেন ফুকন , দেৱেশ্বৰ ভট্ট, সত্যেন ডেকা, কুন্তলা ডেকা, নিৰু মহন্ত, লাবণ্য হাজৰিকা, নেকিবুৰ জামান, ডাঃ অৰুণ কুমাৰ শৰ্মাকে ধৰি বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।ইফালে, অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয় যে ঐতিহাসিক অসম আন্দোলনত মহান শ্বহীদসকলৰ আত্মবলিদান আৰু অজস্ৰজনৰ সংগ্ৰাম, ত্যাগৰ ফলশ্ৰুতিত ১৯৮৫ চনত জন্ম লাভ কৰা অসমৰ আঞ্চলিকতাবাদ-জাতীয়তাবাদৰ একক-আপোচহীন শক্তি অসম গণ পৰিষদে এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিলে। তেওঁ লগতে কয়— হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাই সমগ্ৰ অসমবাসী আজি শোকস্তব্ধ হৈ আছে৷ আজিৰ অনুষ্ঠানত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মহন্তই তেখেতৰ ন‍্যায় কামনা কৰে৷ অগপৰ পৱিত্ৰ পতাকাখনক সাক্ষী কৰি দলীয় সতীৰ্থসকলৰ সৈতে অসমী আইৰ বুকুত আঞ্চলিকতাবাদৰ ধ্বজা সগৌৰৱে ধৰি ৰাখি অসমবাসীৰ হকে ঐক্যবদ্ধভাৱে কাম কৰি যোৱাৰ বাবে পুনৰ সংকল্প গ্ৰহণ কৰে কেশৱ মহন্তই৷ অন্যহাতে, ১৯ অক্টোবৰত জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱাৰ এমাহ হ’ব৷ সেইদিনা অগপই মুখ্য কাৰ্যালয়ৰ লগতে জিলা, সমষ্টি আৰু আঞ্চলিক কাৰ্যালয়ত সংগীতৰ ৰাজপুত্ৰক শ্ৰদ্ধাঞ্জলি জনাব৷আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া, দলৰ কেউটা ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি, সম্পাদক, বিষয়ববীয়া প্ৰমুখ্যে দলৰ সৰ্বস্তৰৰ কৰ্মকৰ্তাসকল, বিশিষ্ট ব্যক্তি, শ্বহীদ পৰিয়াল, অগপৰ শুভাকাংক্ষীসকলে অংশগ্ৰহণ কৰে৷একেদৰে, ধেমাজি, চিচিবৰগাঁও, বোকাখাত, কলিয়াবৰ, জোনাই, বৰপেটা, বজালি, কাৰ্বি আংলং, বকো, ছয়গাঁও, হাজো শুৱালকুচি, দলগাঁও, দৰং, বিলাসিপাৰা, ধুবৰী, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, গোলাঘাট, চৰাইদেউ, সোণাৰি, কাছাৰ, ঢকুৱাখানা, মাজুলী, চাবুৱা লাহোৱাল আৰু গোলকগঞ্জতৰ অগপৰ কাৰ্যালয়তো প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷স্মৰ্তব্য যে, অগপৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে খানপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত জনসভা আৰু গুৱাহাটীত আয়োজন কৰা ৰাজনৈতিক সমাৱৰ্ত্তন জুবিন গাৰ্গৰ বিয়োগৰ বাবে স্থগিত ৰাখি আজি অনুষ্টুপীয়াকৈ আয়োজন কৰা হয়৷