অগপৰ সকলো বিষয়-বাব ত্যাগ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

অগপৰ সকলো বিষয়-বাব ত্যাগ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভা নিৰ্বাচনৰ প্ৰাকঃক্ষণত অগপত মোক্ষম আঘাত । অগপ দলৰ সকলো পদবী তথা বিষয়-বাব ত্যাগ কৰিলে দলৰ সাধাৰণ সম্পাদক, জ্যেষ্ঠ নেতা তথা পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। দলৰ প্ৰাথমিক সদস্য হিচাপে থাকি দলৰ উন্নতি কামনা কৰি যাব ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। তেওঁ নিজৰ পদত্যাগ-পত্ৰ অগপৰ সভাপতি অতুল বৰালৈ প্ৰেৰণ কৰে। টিকট বঞ্চিত হৈ অৱশেষত দলৰ সকলো পদবী তথা দায়িত্ব বিধায়কগৰাকীয়ে ত্যাগ কৰিলে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পশ্চিম গুৱাহাটী সমষ্টি বিলুপ্ত হৈ নতুনকৈ হোৱা মধ্য গুৱাহাটী সমষ্টিৰ পৰা টিকট বিচাৰিছিল ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। দলীয় নেতৃত্বই তেওঁক প্রার্থিত্ব দিয়াৰ নিশ্চয়তাও প্ৰদান কৰিছিল। কিন্তু অগপৰ নেতৃত্ব মিত্রদল বিজেপিৰ ওচৰত নত হ’ল। মধ্য গুৱাহাটী সমষ্টিটো অগপ নেতৃত্বই বিজেপিৰ পৰা নিজৰ দখলত ৰাখিব নোৱাৰিলে। সমষ্টিটো বিজেপিয়ে মিত্রদল অগপক নিদি নিজৰ প্রার্থী দিলে। বিজেপিয়ে মধ্য গুৱাহাটীত দলৰ জ্যেষ্ঠ নেতা বিজয় গুপ্তাক প্রার্থিত্ব প্রদান কৰে। যাক লৈ ক্ষোভিত হৈ পৰা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পদত্যাগ কৰে। উল্লেখ্য যে টিকট পাম বুলি নিশ্চিত হৈ থকা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মধ্য গুৱাহাটী সমষ্টিত দিনে-নিশাই প্ৰচাৰ অভিযান চলাই আহিছিল। শেহতীয়াকৈ সমষ্টিটোৰ অন্তৰ্গত আৰ্য কলেজৰ খেলপথাৰত মধ্য গুৱাহাটী সমষ্টিৰ উদ্যোগত আয়োজন কৰা বিশাল সংকল্প সমাৰোহত অগপৰ নেতৃত্বই ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সমষ্টিটোৰ প্রার্থী হিচাপে ঘোষণা কৰি ৰাইজৰ সহায়-সহযোগিতা বিচাৰিছিল। কিন্তু তাৰ পিছতো ৰমেন্দ্ৰ নাৰায়ণ কলিতা বঞ্চিত হ’ল।  বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দলৰ সকলো বিষয়বাব ত্যাগ কৰিলে যদিও দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰা নাই। দলৰ সভাপতিলৈ দিয়া পদত্যাগ-পত্রত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে দলীয় সম্ভাষণ জনালোঁ। যোৱা ৪০ বছৰে দলৰ এগৰাকী সদস্য হিচাপে বিভিন্ন বিষয়বাবত থাকি কর্তব্য নিষ্ঠাৰে পালন কৰি পশ্চিম গুৱাহাটী সমষ্টিৰ (বর্তমান মধ্য গুৱাহাটী) বিধায়ক হিচাপে নির্বাচিত হৈ অগপ দলৰ ধ্বজা গৌৰৱেৰে উৰুৱাই ৰখাৰ পিছতো একমাত্র গুৱাহাটীৰ আসনখনত মোক যোগ্য প্রার্থী হিচাপে দলৰ নেতৃত্বই স্বীকৃতি নিদিয়াত মই অতিকে দুখ আৰু বেদনাৰে দলৰ সকলো বিষয়বাবৰ পৰা অব্যাহতি বিচাৰি পদত্যাগ-পত্ৰ অৰ্পণ কৰিলোঁ। যিহেতু জন্মলগ্নৰে পৰা দলৰ লগত জড়িত আছিলোঁ, গতিকে এজন প্রাথমিক সদস্য হিচাপে থাকি দলৰ উন্নতি কামনা কৰি যাম।