অগপৰ প্ৰাক্তন সভাপতি থানেশ্বৰ বড়োৰ বিয়োগত শোকাহত অগপ

অগপৰ প্ৰাক্তন সভাপতি থানেশ্বৰ বড়োৰ বিয়োগত শোকাহত অগপ
৭ দিনলৈ দলৰ সকলো স্তৰৰ কাৰ্যালয়ত অৰ্ধনমিত কৰি ৰখা হ’ব দলীয় পতাকা

ৰঙিলী বাৰ্ত্তাসেৱা- জাতীয়তাবাদী চিন্তা-চেতনাৰে স্বদেশ-স্বজাতিৰ হকে সেৱা আগবঢ়াই অসমীয়া জাতিক উদ্বুদ্ধ কৰা অগপৰ প্ৰাক্তন সভাপতি থানেশ্বৰ বড়োৱে আজি পুৱা ৭ বাজি ৮ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। অসমৰ বুকুত আঞ্চলিকতাবাদ তথা অগপক শক্তিশালী কৰাৰ বাবে আজীৱন অহোপুৰুষাৰ্থ কৰা থানেশ্বৰ বড়োৰ বিয়োগত শোকাহত হৈ পৰিছে অসম গণ পৰিষদৰ প্ৰতিজন কৰ্মকৰ্তা। বড়োৰ দেহাৱসানত অসম গণ পৰিষদে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে এয়া জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে। অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা আৰু ৰাজহ বিভাগৰ মন্ত্ৰী হোৱাৰ উপৰি ৩ বাৰকৈ অসম বিধানসভাত ৰঙিয়া সমষ্টিক প্ৰতিনিধিত্ব কৰা থানেশ্বৰ বড়োৰ নশ্বৰ দেহত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে দলৰ আন নেতা-কৰ্মীসকলে আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পাছতে বড়োৰ নশ্বৰ দেহ গুৱাহাটীৰ আমবাৰীস্থ অগপৰ মুখ্য কাৰ্যালয়লৈ অনা হয়। ইয়াতো দলৰ নেতা-কৰ্মীসকলৰ লগতে অগপৰ ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকলে শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পৰা তেখেতৰ নশ্বৰ দেহত শেষশ্ৰদ্ধা জনোৱাৰ বাবে দিশপুৰস্থিত অসম বিধানসভাৰ প্ৰাংগণ, ৰুক্মিণী গাৱঁৰ নিজা আৱাসগৃহ আৰু লখৰাস্থিত বড়ো সাহিত্য সভাৰ ভৱনলৈ লৈ যোৱা হয়। পৰৱৰ্তী সময়ত অগপৰ কমলপুৰ বিধান পৰিষদৰ লগতে আন দল-সংগঠনসমূহেও থানেশ্বৰ বড়োৰ নশ্বৰ দেহত পুস্পাঞ্জলি অৰ্পন কৰে। ইয়াৰ পাছতে তেখেতৰ নশ্বৰ দেহ তেওঁৰ জন্মস্থান গুৰমৌলৈ লৈ যোৱা হয়। তাৰপাছত তেখেতৰ নশ্বৰ দেহ জীৱনৰ শেষৰ সময়ছোৱা অতিবাহিত কৰা ৰঙিয়ালৈ লৈ যোৱা হয়। ইয়াত তেওঁক অগণন গুণমুগ্ধই শেষ শ্ৰদ্ধা জনায়। ৰঙিয়াতেই থানেশ্বৰ বড়োৰ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয়। তেখেতৰ শেষকৃত্যত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় ঊৰ্খাও গৌড়া ব্ৰহ্ম আৰু ডাঃ ৰণোজ পেগু, ইউপিপিএলৰ সভাপতি তথা বিটিআৰপ্ৰধান প্ৰমোদ বড়ো, অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, বিধায়ক জয়ন্ত বসুমতাৰী প্ৰমুখ্যে কামৰূপৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, জিলা প্ৰশাসনৰ অন্যান্য বিষয়া, অগপ, বিজেপি, ইউপিপিএলৰ নেতা তথা কৰ্মকৰ্তা, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, গুণমুগ্ধ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।ইফালে, প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই অসম গণ পৰিষদ দলে সাতদিনীয়া শোক পালনৰ কথা ঘোষণা কৰে। আজিৰে পৰা অহা ৭ দিনলৈ দলৰ সকলো স্তৰৰ কাৰ্যালয়ত দলীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ’ব।বড়োৰ বিয়োগত অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই গভীৰ শোক প্ৰকাশ কৰি দলে এগৰাকী অভিভাৱক হেৰুৱালে বুলি দুখ প্ৰকাশ কৰে। বৰাই লগতে কয় যে, তেখেত আছিল এগৰাকী নিষ্ঠাবান, সৰল আৰু জাতীয় দায়বদ্ধতাসম্পন্ন ব্যক্তি। অসমৰ জাতীয় জীৱনৰ লগতে আঞ্চলিক ৰাজনীতিত তেখেতৰ অৱদান চিৰস্মৰণীয় হৈ ৰ’ব বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তইয়ো জ্যেষ্ঠ আঞ্চলিকতাবাদী ৰাজনৈতিক নেতা গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি এগৰাকী আদৰ্শবান অসমৰ হকে চিন্তা কৰা প্ৰকৃত জননায়কক হেৰুৱাবলগা হ’ল বুলি মতপোষণ কৰে।