অখিল ভাৰতীয় সেৱা পেঞ্চনাৰ্ছ চেলৰ প্ৰতিনিধি দলে চি.জি.এইচ.এছ.ৰ অতিৰিক্ত নিৰ্দেশক, গুৱাহাটী লগত বৈঠক

অখিল ভাৰতীয় সেৱা পেঞ্চনাৰ্ছ চেলৰ প্ৰতিনিধি দলে চি.জি.এইচ.এছ.ৰ অতিৰিক্ত নিৰ্দেশক, গুৱাহাটী লগত বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- অখিল ভাৰতীয় সেৱা পেঞ্চনাৰ্ছ চেল (AISPCell), অসম-মেঘালয় কেডাৰ, অসম ইউনিট, গুৱাহাটীৰ এটা প্ৰতিনিধি দলে ২০২৫ চনৰ ২৭ মে’ত পুৱা ১১ বজাত, চি.জি.এইচ.এছ. কাৰ্যালয়, ৰেহাবাৰী, গুৱাহাটীস্থিত অতিৰিক্ত নিৰ্দেশকজনৰ সৈতে বৈঠক কৰে। বৈঠকখন চি.জি.এইচ.এছ.ৰ প্ৰথম তলা সভাকক্ষে অনুষ্ঠিত হয়।এই বৈঠকৰ মূল উদ্দেশ্য আছিল, ২০২৫ চনৰ ২৮ এপ্ৰিলৰ পৰা নিক (NIC)ৰ পৰা চিডেক (CDAC)লৈ প্ৰযুক্তি সেৱা প্ৰদানকাৰী হিচাপে পৰিৱর্তন হোৱা পিছৰ পৰিস্থিতিত চি.জি.এইচ.এছ. ব্যৱস্থাৰ লগত জড়িত বিভিন্ন সমস্যা আৰু উদ্বেগসমূহ উত্থাপন কৰা। পেঞ্চনভোগী আৰু জ্যেষ্ঠ নাগৰিকসকলক সন্মুখীন হ’ব লগা অসুবিধাসমূহ বিশেষভাৱে উল্লেখ কৰা হয়।উক্ত সমস্যাসমূহ আৰু সম্ভাৱ্য সমাধানৰ প্ৰস্তাৱসহ এটা বিস্তৃত স্মাৰকলিপি, চি.জি.এইচ.এছ.ৰ মহা-নিৰ্দেশক, ভাৰত চৰকাৰ, নতুন দিল্লীৰ নামত, গুৱাহাটীৰ অতিৰিক্ত নিৰ্দেশকজৰ জৰিয়তে দাখিল কৰা হয়।প্ৰতিনিধি দলে অংশ গ্ৰহণ কৰা সদস্যবৃন্দঃ শ্ৰী নৱ দাস, আই.এ.এছ. (অবঃ), প্ৰাক্তন মুখ্য সচিব, অসম শ্ৰী উমেশ কুমাৰ, আই.পি.এছ. (অবঃ), প্ৰাক্তন ডি.জি.পি., অসম শ্ৰী এম. চি. মালাকাৰ, আই.এফ.এছ. (অবঃ), প্ৰাক্তন প্ৰধান মুখ্য বনসংৰক্ষক আৰু ৰাজ্যিক তথ্য আয়ুক্ত, অসম শ্ৰী স্বপনিলাল বৰুৱা, আই.এ.এছ. (অবঃ), উপদেষ্টা, AISPCell শ্ৰী পৰমেশ দত্ত, আই.এ.এছ. (অবঃ), সভাপতি, AISPCell শ্ৰী মহাদা হাজৰিকা, আই.এ.এছ. (অবঃ), সাধাৰণ সম্পাদক, AISPCell শ্ৰী প্ৰীতম শইকীয়া, আই.এ.এছ. (অবঃ), যুটীয়া সম্পাদক, AISPCellশ্ৰী দেৱজ্যোতি হাজৰিকা, আই.এ.এছ. (অবঃ), যুটীয়া সম্পাদক, AISPCell শ্ৰী শৈলেন নাথ, আই.এ.এছ. (অবঃ) শ্ৰীমতী নীৰা গগৈ সোণোৱাল, আই.এ.এছ. (অবঃ) অতিৰিক্ত নিৰ্দেশকজনে সকলো বিষয়বস্তু ধৈৰ্য্যসহকাৰে শুনি লয় আৰু নিশ্চিত কৰে যে উত্থাপিত সমস্যাসমূহ যথাযথভাৱে উচ্চ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হ’ব আৰু CGHS সেৱা সুসামঞ্জস্যপূৰ্ণভাৱে চলি থকাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।