অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক সভানেত্ৰী হিচাপে ড° ৰীতামণি বৈশ্য পুনৰ নিৰ্বাচিত
আৰু ৰাজ্যিক সম্পাদক হিচাপে মানস প্ৰতীম কলিতা নৱনিৰ্বাচিত

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° ৰীতামণি বৈশ্যক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক সভানেত্ৰী হিচাপে পুনৰ নিৰ্বাচিত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা মানস প্ৰতীম কলিতা ২০২৫-২৬ বৰ্ষৰ ৰাজ্যিক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে। এবিভিপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা নিৰ্বাচনী বিষয়া অতুল কিৰি ইংটিয়ে জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি উপৰোক্ত পদ দুটাৰ কাৰ্যকাল এবছৰ হ’ব আৰু দুয়োগৰাকী ব্যক্তিয়েই ২৪ ডিচেম্বৰ তাৰিখৰ পৰা ধুবুৰীত অনুষ্ঠিত হ’বলগীয়া ৩১ সংখ্যক’ ৰাজ্যিক অধিবেশনত তেওঁলোকে দায়িত্ব গ্ৰহণ কৰিব। ড° ৰীতামণি বৈশ্যই গুৱাহাটী বিশ্ববিদ্যালয়ত হিন্দী বিভাগৰ অধ্যাপিকা হিচাপে কৰ্মৰত আৰু বিগত দুটাকৈ বৰ্ষ তেওঁ বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ড° ৰীতামণি বৈশ্যৰ বহু কেইখন গৱেষণা পত্ৰ প্ৰকাশ পোৱাৰ লগতে তেওঁ সৃষ্টিশীল সাহিত্যৰ লগত বিশেষ ভাৱে জড়িত ।’মৃগতৃষ্ণা’, ‘মহাপুৰুষ শংকৰদেৱৰ ৰুক্মিণী হৰণ নাট’, ‘লোহিত কিনাৰে’, ‘লোকপক্ষ আৰু অসমৰ জনজাতি সকলৰ কাহিনী’ ইত্যাদি তেখেতৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ। ২০১৮ চনৰ পৰা তেওঁ বিদ্যাৰ্থী পৰিষদৰ সক্ৰিয় কাৰ্যকৰ্তা। ইয়াৰ পূৱেও তেওঁ বিদ্যাৰ্থী পৰিষদৰ বিভিন্ন দায়িত্ব পালন কৰি আহিছে। ২০২৩-২৪ বৰ্ষ, ২৪-২৫ বৰ্ষটো আপুনি অসম প্ৰদেশৰ ৰাজ্যিক সভানেত্ৰীৰ দায়িত্ব পালন কৰিছে। আনহাতে মানস প্ৰতীম কলিতা মূলতঃ কামৰূপ গ্ৰাম্য জিলাৰ আৰু বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণসংযোগ আৰু সাংবাদিকতা বিভাগত স্নাতকোত্তৰ অধ্যয়ন কৰি আছে। মানস প্ৰতীম কলিতা ২০১৯ চনৰ পৰা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে, ইয়াৰ পূৰ্বে তেওঁ বালিসত্ৰ আৰু ৰঙিয়া শাখাৰ যুটীয়া সম্পাদক, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য, ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি আহিছে। তেওঁ চন ২০২৪-২৫ বৰ্ষৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ড° ৰীতামণি বৈশ্য আৰু মানস প্ৰতীম কলিতাৰ নিৰ্বাচনৰ খবৰ পোৱাৰ লগে লগে বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা সকলে গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত ড° ৰীতামণি বৈশ্যক অভিনন্দন জনায়। এই উপলক্ষে নৱনিৰ্বাচিত অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ড° ৰীতামণি বৈশ্যই বিদ্যাৰ্থী পৰিষদৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে বিদ্যাৰ্থী পৰিষদে মোৰ ওপৰত যি আস্থা ৰাখিছে, সেই আস্থা মই পূৰণ কৰিবলৈ যত্ন কৰিম। আনহাতে নৱনিৰ্বাচিত ৰাজ্যিক সম্পাদক মানস প্ৰতীম কলিতাই বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদকৰ দায়িত্ব লাভ কৰাত সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে ‘ৰাজ্যিক সম্পাদকৰ দৰে দায়িত্ব লাভ কৰাটো অতিকৈ সন্মানৰ বিষয়। সংগঠনে মোক দিয়া দায়িত্ব আন্তৰিকতাৰে পালন কৰিবলৈ চেষ্টা কৰিম আৰু সকলোৰে সহযোগত অসমৰ বিদ্যাৰ্থী সমাজৰ সমস্যা সমাধানৰ হকে কাম কৰিম।’ এই উপলক্ষে এবিভিপিৰ বিদায়ী ৰাজ্যিক সম্পাদক হেৰল্ড মহন, গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি গুঞ্জন ডেকা, এবিভিপি গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ কাৰ্যকৰ্তা সকলে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে।
