অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গুৱাহাটী মহানগৰে অনুষ্ঠিত কৰিব ‘৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস”
ৰঙিলী বাৰ্ত্তাসেৱা- অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অ.ভা.বি.প. গুৱাহাটী মহানগৰ তৰফৰ পৰা মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্প ক্ষেত্ৰত ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস পালন কৰা হয়। বিদ্যাৰ্থী পৰিষদে মহানগৰৰ চাৰি শতাধিক শিক্ষানুষ্ঠানৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ শীৰ্ষ ৫ স্থানত থকা প্ৰায় ১২০০ ছাত্ৰ-ছাত্ৰীক পদ্মশ্ৰী বিৰুবালা ৰাভা সন্মানৰে “কৃতি বিদ্যাৰ্থী বঁটা’ প্ৰদান কৰা হয়। লগতে বিভিন্ন সামাজিক ক্ষেত্ৰত এক নিদৰ্শন ৰূপে থিয় দিয়া ৭ গৰাকী বিশিষ্ট যুৱ-ব্যক্তিত্ব ক্ৰমে যুৱ অভিনেতা কমল লোচন, যুৱ সাংবাদিক ডাবু নাৰায়ন কোঁৱৰ, যুৱ অভিনেতা বৈভবী গোস্বামী , কৌশিক ভৰদ্বাজ , যুৱ কণ্ঠ শিল্পী বিশ্ৰুত শইকীয়া, যুৱ উদ্যোগী জয়ত্ৰী শৰ্মা, যুৱ ইউটিউবাৰ হৰপাল শইকীয়াক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে এই বিশাল আয়োজনত মুখ্য অতিথি ৰূপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা , অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল, বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সহ-সাংগঠনিক সম্পাদক গোবিন্দ নায়ক, অ.ভা.বি.প অসম প্ৰদেশৰ ৰাজ্যিক সভানেত্ৰী ৰিতামনি বৈশ্য, সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে এই অনুষ্ঠানটোৰ উদযাপন সমিতিৰ সভাপতিৰ দায়িত্বত বিশিষ্ট সমাজসেৱক গণেশ তামূলী, কাৰ্যকৰী সভাপতি হিচাপে জ্যেষ্ঠ অধিবক্তা বিজন মহাজন। এই অনুষ্ঠানতেই অ.ভি.বি.প গুৱাহাটী মহানগৰৰ পুৰণি সমিতি ভংগ কৰি ২০২৫-২৬ৰ কাৰণে নতুন সমিতি গঠন কৰা হয় যত সভানেত্ৰী হিচাপে কটন বিশ্ববিদ্যালয়ৰ ড° ডিম্পী মহন্ত আৰু সম্পাদক হিচাপে গুৱাহাটী বানিজ্য মহাবিদ্যালয়ৰ মাধুৰ্য প্লাবন তালুকদাৰক দায়িত্ব প্ৰদান কৰা হয়।