অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰাক সাংস্কৃতিক মহোৎসৱৰ বৃহৎ শোভাযাত্ৰা

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰাক সাংস্কৃতিক মহোৎসৱৰ বৃহৎ শোভাযাত্ৰা
প্ৰবল বৃষ্টিপাতৰ মাজতো পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে বৃহৎ শোভাযাত্ৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, অসম প্ৰদেশ আৰু ৰাষ্ট্ৰীয় কলা মঞ্চৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা বৰাক সাংস্কৃতিক মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হয়। শোভাযাত্ৰাৰ সময়ত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ হৈছিল যদিও শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে এই শোভাযাত্ৰাৰ সফল সমাপ্তি ঘটে। এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দক্ষিণ অসম প্ৰান্তৰ প্ৰান্ত প্ৰচাৰক গৌৰাং ৰায়ে৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বৰাক উপত্যকাৰ সংস্কৃতিক পৰম্পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ এক অভিনৱ প্ৰচেষ্টা হাতত লৈছে। ইয়াৰ বাবে বৰাক উপত্যকাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাসমূহ প্ৰথমে চহৰ পৰ্যায়ত অনুষ্ঠিত হৈছিল, তাৰ পিছত জিলা পৰ্যায়ত, আৰু এতিয়া ইয়াৰ গ্ৰেণ্ড ফাইনেল শিলচৰত অনুষ্ঠিত হ’ব। এই গ্ৰেণ্ড ফাইনেলত বিখ্যাত বলীউড আৰু টলিউডৰ অভিনেতা মিঠুন চক্ৰৱৰ্তী বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। আজি অনুষ্ঠিত এই সাংস্কৃতিক শোভাযাত্ৰাত বৰাক উপত্যকাৰ বিভিন্ন বেচৰকাৰী সংস্থা, সামাজিক অনুষ্ঠান আৰু সাংস্কৃতিক সংগঠনে সক্ৰিয় ভাৱে সহযোগিতা আগবঢ়ায়। ৫০০ৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ নাগৰিক‌ এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰাৰ মূল উদ্দেশ্য আছিল বৰাক উপত্যকাৰ সাংস্কৃতিক ঐতিহ্যক ৰাষ্ট্ৰীয় মঞ্চত উপস্থাপন কৰা। শিলচৰ জিলাৰ টাউন ক্লাবৰ সন্মুখৰ পৰা ৭:০০ বজাত শোভাযাত্ৰা আৰম্ভ হয়। এই শোভাযাত্ৰাত উদ্বোধক হিচাপে উপস্থিত থাকি শ্ৰী গৌৰাং ৰায়ে সকলোকে উদ্দেশী প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে। বৰাক সাংস্কৃতিক মহোৎসৱৰ কাৰ্যক্ৰম প্ৰমূখ কনক লাল দেৱে বৰষুণৰ মাজতো শোভাযাত্ৰা সফল কৰি তোলাত অৰিহণা যোগোৱাৰ বাবে সকলোকে ধন্যবাদ জনায়।এই শোভাযাত্ৰাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক কমলেশ সিং, অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক অনুপ কুমাৰ, সহ-সাংগঠনিক সম্পাদক তুষাৰ ভ্ৰৌমিক, বৰাক উপত্যকাৰ বিভিন্ন জিলাৰ শিক্ষানুষ্ঠান আৰু বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলেও এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।