অখিল গগৈৰ সংবাদ মেল

অখিল গগৈৰ সংবাদ মেল
অখিল গগৈৰ মুখ্যমন্ত্ৰীক সমালোচনা

ৰঙিলী বাৰ্ত্তাসেৱা-  শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে, অসমৰ মুখ্যমন্ত্ৰীৰ সম্পত্তিক লৈ যোৱা কিছুদিন ধৰি যি বিতৰ্কৰ সৃষ্টি হৈ আছে আৰু এই বিতৰ্কত মুখ্যমন্ত্ৰীয়ে বিধায়ক অখিল গগৈৰ নাম টানি অনা বাবে তেওঁ তেওঁৰ নিজৰাপাৰস্থিত নিজা বাস ভৱনত এটি সংবাদ মেল অনুষ্ঠিত কৰে।উক্ত সংবাদ মেলত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত থকা পাহাৰ সম সম্পত্তিৰ তালিকা প্ৰকাশ কৰে। তেওঁলোকৰ নামত থকা ৩ খন চাহ বাগিচা, ৮ টা টি ভি চেনেল, অসমৰ আটাইতকৈ ব্যয় বহুল ৰিজৰ্ট, বিলাস বহুল স্কুল, ৬/৭ টাকৈ উদ্যোগ ইত্যাদি কেতিয়া ৰাইজক গতাই দিব তেওঁ প্ৰশ্ন কৰে। তাৰোপৰি তেওঁৰ নিজৰ বুলি মুখ্যমন্ত্ৰীয়ে কৈ থকা কাজিৰঙা অৰ্কিত খনৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছিল। অখিল গগৈয়ে সেইখন কেতিয়া ৰাইজৰ নামত উচৰ্গা কৰিব? কিন্তু ইতিমধ্যে গগৈয়ে ২০১৫ চনৰ ৮ ডিচেম্বৰত সেইখন আৰ্কিত ৰাজহুৱা সমবায় হিচাবে চৰকাৰীভাৱে প্ৰদান কৰা নথি সাংবাদিকৰ আগত প্ৰদৰ্শন কৰে। গুৱাহাটী কৃত্ৰিম বান সমস্যা সমাধান কৰিব নোৱাৰি ইউ এছ টি এমক বদনাম দি সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা মুখ্যমন্ত্ৰীক আঁতৰি আহিবলৈ তেওঁ সঁকিয়াই দিয়ে আৰু অখিল গগৈয়ে প্ৰত্যাহ্বান জনায় যদি বেনামে কৰবাত এটা তেওঁৰ নামত কোনো সম্পত্তি আছে হিমন্ত বিশ্ব শৰ্মাই দেখুৱাই দিয়ক। আৰ এইচ খানে তেওঁক উপহাৰ দিয়া গাড়ী এখনৰ কথা উল্লেখ কৰি তেও আৰু কয় যদি সাংবাদিকে বিচাৰে তেওঁৰ তথা পৰিয়ালৰ নামত যিমান সম্পত্তি আছে সকলো বোৰৰ নথি তেওঁ সাংবাদিকক দিব। মুখ্যমন্ত্ৰী হোৱাৰ পিছত যে তেওঁৰ তথা তেওঁৰ পৰিয়ালৰ পাহাৰ সদৃশ সম্পত্তি ১০০ গুণ বাঢ়িল এইবোৰ তেওঁ আৰ টি আই কৰি সকলোবোৰ নথি মজুত কৰি থোৱা আছে বুলি দাবী কৰে। তেওঁ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে, ৰিনিকী ভূঞাৰ নামত যে ইমান সম্পত্তি, তেওঁৰ আয়ৰ উৎস কি? তেওঁৰ দেউতাক কিমান ডাঙৰ উদ্যোগ পতি আছিল বুলিও তেওঁ প্ৰশ্ন কৰে। শেষত তেওঁক জোকাই নলবলৈ মুখ্যমন্ত্ৰীক সঁকিয়াই দিয়ে।