অখিল গগৈয়ে অসমত নহয়, মঙল গ্রহতহে মাটিৰ পট্টা দিব পাৰিবঃ মুখ্যমন্ত্রী

pc The Shillong Times

অখিল গগৈয়ে অসমত নহয়, মঙল গ্রহতহে মাটিৰ পট্টা দিব পাৰিবঃ মুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা – মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মৰিয়নি বিধানসভা সমষ্টিৰ উপ- নির্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ সমৰ্থনত হাতীগড় চাহ বাগিচা খেল পথাৰ, নাগাজাংকা ফুটবল খেলপথাৰ, দিহিঙীয়াপাৰ চাহ বাগিচা আৰুতিৰুৱাল প্রাথমিক বিদ্যালয় খেলপথাৰত আয়ােজিত ৪ খন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি বিজেপি, অগপ আৰু ইউ পি পি এল মিত্ৰজোঁটৰ প্রার্থীগৰাকীক বিপুল ভােটত জয়যুক্ত কৰাৰ বাবে সমষ্টিবাসী জনসাধাৰণক আহ্বান জনায়। ৰাইজৰ বিপুল অংশগ্রহণেৰে অনুষ্ঠিত হােৱা নির্বাচনী সভাকেইখনত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ দলত থাকি ৰাইজৰ হৈ কাম কৰাৰ সুযােগ নােপােৱাৰ বাবেই ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক পদত্যাগ কৰি বিজেপি দলৰ প্রার্থী হিচাপে উপ-নির্বাচনত অৱতীর্ণ হৈছে। সমষ্টিটোৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত ৰূপজ্যোতি কুৰ্মীক বিপুল ভােটত জয়যুক্ত কৰি বিধান সভালৈ পঠিয়াবলৈ ৰাইজক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে ৰূপজ্যোতি কুৰ্মীয়ে জয় লাভ কৰিলে মৰিয়নি সমষ্টিক অসমৰ অন্যতম শ্রেষ্ঠ বিধান সভা সমষ্টি হিচাপে গঢ়ি তােলাৰ বাবে ৰাজ্য চৰকাৰে সম্ভৱপৰ সকলাে ধৰণৰ প্রয়াস হাতত ল’ব। মৰিয়নি সমষ্টিৰ এক অন্যতম প্রধান সমস্যা হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে বনাঞ্চলৰ পৰা জনবসতিপূর্ণ এলেকা তথা কৃষি ভূমিলৈ বন্যহস্তী অহা বাটত কম ভল্টেজযুক্ত বৈদ্যুতিক তাঁৰৰ বেৰা দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। অৰুণােদয় আঁচনিৰ অধীনত মৰিয়নি সমষ্টিৰ হিতাধিকাৰীৰ সংখ্যা বর্তমানৰ ১৫ হাজাৰৰ পৰা ২১ হাজাৰলৈ বৃদ্ধি কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মৰিয়নি সমষ্টিৰ ৪০ খন চাহ বাগিচাৰ লাইনৰ পথসমূহ নির্মাণৰ বাবে ৪০ কোটি টকা প্রদানৰ কথা ঘােষণা কৰে। জল জীৱন মিশ্যনৰ অধীনত চাহ বাগিচাৰ প্রতিটো পৰিয়াললৈ নল যােগে বিশুদ্ধ খােৱা পানী যােগান ধৰাৰ লগতে মৰিয়নি সমষ্টিৰ প্ৰতিটো পৰিয়াললৈ বিদ্যুৎ সংযােগ প্রদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে মৰিয়নিত এখন চৰকাৰী মহাবিদ্যালয় প্রতিষ্ঠা কৰাৰ লগতে এখন বৃহৎ ষ্টেডিয়াম নির্মাণ কৰা হ’ব। তদুপৰি সমষ্টিটোৰ সমগ্র ৪০ খন চাহ বাগিচাতে একোখনকৈ মিনি ষ্টেডিয়াম নির্মাণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত চাহ জনগােষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বর্তমানৰ ২০ খনৰ পৰা ২৫ খনলৈ বৃদ্ধি কৰাৰ লগতে সকলােবােৰ মহাবিদ্যালয়তে জনগােষ্ঠীটোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব। সেইদৰে ৰাজ্যৰ সকলােবােৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমীপত চাহ বাগিচাৰ ৰােগীসকলৰ লগত অহা ব্যক্তিসকলৰ থকা মেলাৰ সুবিধাৰ বাবে অতিথিশালাও নির্মাণ কৰা হ’ব। মৰিয়নি সমষ্টিৰ ৪০ খন চাহ বাগিচাৰ বাবে অতিৰিক্ত ১০ খন নতুন হাইস্কুল স্থাপন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘােষণা কৰে। অসম চাহ নিগমৰ অধীনৰ সকলােবােৰ চিকিৎসালয়ত ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যনৰ অধীনলৈ আনি উন্নত স্বাস্থ্য সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়। আজিৰ সভাতে মুখ্যমন্ত্ৰীয়ে মধুপুৰ গাঁও সংযােগী পথ আৰু দেৱজিৎ বৰা সোঁৱৰণী পথ দুটা অহা তিনি মাহৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা হ’ব বুলিও ঘােষণা কৰে। ইয়াৰ পিছতে নাগাজাংকা ফুটবল খেলপথাৰত আয়ােজিত নির্বাচনী সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে মৰিয়নি সমষ্টিৰ অধীনৰ অঞ্চলসমূহত ভােগদৈ নদীৰ গৰাখহনীয়াৰ সমস্যা লাঘৱৰ বাবে চৰকাৰে তাৎক্ষণিক পদক্ষেপ গ্রহণ কৰিব। দেশ আৰু ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত নিজৰ জীৱন উৎসর্গা কৰা মৰিয়নি সমষ্টিৰ যুৱক-যুৱতীসকলৰ স্মৃতিত মৰিয়নিত এটা অত্যাধুনিক প্রেক্ষাগৃহ নির্মাণ কৰা হ’ব বুলিও ঘােষণা কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে দিহিঙীয়াপাৰ চাহ বাগিচাত আয়ােজিত আন এখন বিশাল নির্বাচনী সভাত ভাষণ প্রদান কৰি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক তীব্র সমালােচনা কৰে। মৰিয়নি সমষ্টিৰ ৰাইজক মাটি পট্টা প্রদান কৰিম বুলি অখিল গগৈয়ে দিয়া প্রতিশ্রুতিক সমালােচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিধায়কগৰাকীয়ে অসমত নহয়, মঙল গ্রহতহে মাটিৰ পট্টা প্ৰদান কৰিব পাৰিব। মৰিয়নি সমষ্টিৰ সকলােবােৰ হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ’ব বুলি ঘােষণা কৰাৰ লগতে দিহিঙীয়াপাৰৰ কাষৰীয়া তিনিখন চাহ বাগিচাৰ ৰােগীসকলৰ সহায়ক হােৱাকৈ ৪৫ দিনৰ ভিতৰত তিনিখন এম্বুলেঞ্চ প্রদান কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। হােলােঙাপাৰ গিবন অভয়াৰণ্যক এক আকর্ষণীয় পর্যটনস্থলী হিচাপে গঢ়ি তােলাৰ বাবেও চৰকাৰে পদক্ষেপ গ্রহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে নকচাৰিৰ তিৰুৱাল প্রাথমিক বিদ্যালয় খেলপথাৰত আয়ােজিত অন্য এখন বিশাল নির্বাচনী সভাতে অংশগ্রহণ কৰে। সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি প্রার্থী ৰূপজ্যোতি কুৰ্মীৰ প্রতি মৰিয়নি বাসীৰ স্বতঃস্ফূর্ত সঁহাৰিয়েই প্রতিপন্ন কৰিছে যে বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসন কালত মৰিয়নি সমষ্টিৰ উন্নয়নে এক নতুন গতি লাভ কৰিব। বর্তমানৰ ৰাজ্য চৰকাৰখনে চৰকাৰী আঁচনি, চাকৰি আদি ক্ষেত্ৰত সম্পূর্ণ স্বচ্ছতা অৱলম্বন কৰাৰ লগতে মধ্যভােগীক উৎখাত কৰিছে। সু-প্রশাসনৰ সুনিশ্চিত কৰাৰ বাবে চৰকাৰখনে ব্যাপকভাৱে ডিজিটেল প্রযুক্তি ব্যৱহাৰত গুৰুত্ব আৰােপ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। নকচাৰিৰ ৩০ খন বিছনাযুক্ত চিকিৎসালয়খনত অন্যান্য সা-সুবিধাৰ লগতে আলট্রাচাউণ্ডৰ সুবিধাও উপলব্ধ কৰা হ’ব বুলি উল্লেখ কৰি নকচাৰিত এক নতুন ক্রীড়া প্রকল্প গঢ়ি তােলা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘােষণা কৰে। এই নির্বাচনী সভাসমূহত শিক্ষা মন্ত্রী ডাঃ ৰণােজ পেগু, জলসম্পদ বিভাগৰ মন্ত্রী পীযুষ হাজৰিকা, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, সাংসদ পল্লৱ লােচন দাস, তপন কুমাৰ গগৈ, কামাখ্যা প্রসাদ তাছা,বিধায়কসকল ক্রমে মৃণাল শইকীয়া, বিশ্বজিৎ ফুকন, ৰূপক শৰ্মা, তেছ গােৱালা আৰু অমিয় কুমাৰ ভূঞা তথা সমষ্টিটোৰ মিত্ৰজোঁটৰ প্রার্থী ৰূপজ্যোতি কুৰ্মীৰ উপৰি দলীয় শীর্ষ নেতাসকলে অংশগ্রহণ কৰে।