অকলশৰীয়া
প্ৰভাত বণিয়া
উকা পথাৰৰ পৰা শুনো কি নুশুনো ভাঁহি আহে
দুভৰ্গীয়া নিৰন্ন পথৰুৱাৰ মৰণ কাতৰ আৰ্তনাদ
হতভম্ব
কাৰো স্বাধীনতা নাই
নাই সঁহাৰি
নাই কাৰো জীৱনৰ নিৰাপত্তা
ধিমিক ধামাক জ্বলে অস্তিত্বৰ শলিতা গছি
প্ৰতিভাৰ দাম নাই
সভা উৎসৱত বৰ্ণবাদ, ধন জনৰ শোভাযাত্ৰা
সেমেকা দিৱস
সেমেকা মন
“খেনোক দেখি ৰান্ধে বাঢ়ে খেনোক দেখি দুৱাৰ মাৰে”
মুখ চাই সম্ভাষণ
যোগ্য জনৰ নাই সমাদৰ
ভাৰাক্ৰান্ত সমাজ, বিপন্ন মানৱতা
গোষ্ঠীগত চিন্তা চৰ্চা,স্বজনপ্ৰীতি,
আঞ্চলিক বৈষম্যৰ হাতোৰাত তচনচ সদ্ভাৱনা সম্প্ৰীতি
আত্ম প্ৰচাৰত পঞ্চমুখ দাম্ভিক সূত্ৰধাৰ
আশা-ভাৰসা, জীৱন-যৌৱন আয়ুবেলি মাৰ যাব
এদিন হবই হ’ব অৱসান দুষ্ট চক্ৰৰ কু- অভিসন্ধি
এন্ধাৰৰ বিৰুদ্ধে সগৌৰৱে উৰিব
শোষিত বঞ্চিত জনৰ বিজয় নিচান
উদযাপিত হব ৰে
