অকবিতা – ভাস্কৰ প্ৰিয়ম হাজৰিকা

অকবিতা
ভাস্কৰ প্ৰিয়ম হাজৰিকা
কৰচুং সত্ৰ
সেইদিনা কুঁৱলীৰ আৱৰণ ফালি
হেপাঁহ এটা সোমাই আহিছিল,
হাতৰ মুঠিটো জোৰকৈ হেঁচা মাৰি
কেঁচা মাটিৰ গোন্ধটো নিজৰ কৰিছিলোঁ।
এজাক সৱল মানুহৰ হাতৰ পৰশত
 আকাশমুখী হোৱাৰ সপোন দেখিছিলোঁ।
কথাবোৰ পুৰণি আছিল,
 মানুহখিনি বৰ সহজ-সৰল আছিল,
ঠিক আধুনিকতাৰ সংজ্ঞা নুবুজা সৃষ্টিৰ সৰলৰেখা।
ৰ’দৰ আচোঁৰবোৰ বিষ পান কৰি
 মানুহখিনিক শান্তি দিছিলোঁ,
মোৰ শৰীৰত প্ৰাণ পোৱা শীতল ভালপোৱাবোৰ বিলাই দিছিলোঁ।
এইয়া মোৰ প্ৰতি এক বিনিময় প্ৰথাৰ নৱসংযোজন
নতুবা সৃষ্টিৰ অন্তৰালত জী উঠা আহিনৰ ভৰ দুপৰীয়া
কৃষকৰ ভালপোৱাৰ সুৰ এটাৰ কুচ-কাৱাজ।
কথাবোৰ তেনেই পুৰণি আছিল!
ফাগুনৰ বুকুত দুখবোৰক বিদায় জনায়
বসন্তৰ সেউজীয়াবোৰ বুকুত বান্ধি গাভৰুজনী হৈছিলোঁ।
পৃথিৱীৰ শীতলতা মোৰ কৰ্ম,
নিৰ্মল বতাহৰ সুন্দৰ বাঁহীৰ সুৰটো
বিয়পায় তোলাটো মোৰ ধৰ্ম।
আধুনিকতাৰ বুকুত মই এতিয়া অস্তিত্বহীন বলিশালৰ ঠিকনা,
মোৰ ধ্বংস যজ্ঞ মই নিজেই দেখিছোঁ
পৃথিৱীৰ দুখবোৰ বুকুত বিষ এটা কঢ়িয়াই ফুৰিছোঁ।
মোৰ দুবাহুৰ শক্তিবোৰে ৰুধ কৰিব পৰা নাই
সৃৰ্য্যৰ খঙৰ উত্তাপ।
মই যে এতিয়া বৰ দূৰ্ব্বল
মই হেৰাইছোঁ আৰু এদিন হেৰাই যাম
আধুনিকতাৰ নামত।
মোৰ শূন্যতাত পৃথিৱীখন হেৰাৱ
উত্তাপৰ কোলাহলত অপমৃত্যু ঘটি।
মোক জীয়াই থাকিব দিয়া,
নতুবা মোৰ পৰিয়াল আকৌ বংশবৃদ্ধি কৰা
তাৰ বিনিময়ত মানৱ সভ্যতাত
মই শান্তিৰ নিজৰা বোৱাম।