অংকুৰে পালে উত্তৰ- মুন শৰ্মা

অণুগল্প:-
অংকুৰে পালে উত্তৰ
অংকুৰ দেউতাকৰ লগত আনদিনৰ দৰে আজিও ওলাই গৈছে সন্ধ্যা ফুৰিবলৈ বুলি। তেন্তে বিপৰীত দিশৰ পৰা আহি আছিল কেইজনমান আৰ্মী।তেওঁলোকক দেখি ৰাস্তাৰ বাওঁফালে থকা দুটামান তাৰ সমনীয়া ল’ৰাই  হাত খন কপালত লগাই  চেলাম কৰা সি দেখিলে।
 সিহঁতক দেখি তাৰ মনত প্ৰশ্ন হ’ল যে সিহঁতি এনেকৈ কিয় কৰিলে আৰু মানে কি! সেয়ে লগে লগে সি দেউতাকক কথাটো সুধি পেলালে। তেতিয়া দেউতাকে ক’লে অংকুৰ সেয়া তেওঁলোকক সিহঁতি সন্মান কৰিছে কাৰণ আৰ্মী খুড়া হ’ত আমাৰ গৌৰৱ। কাৰণ তেওঁলোকে আমাৰ দেশৰ বিপদ হ’ব নোৱাৰাকৈ,আৰু আমি চিন্তা নকৰাকৈ এনেকৈ ঘুৰি ফুৰিব পৰা কৈ  সীমান্ত  দিনে নিশাই পহৰা দি আছে। যাৰ ফলত তুমি মই, আমি সকলো  সকলোৱে যেন তুমি স্কুললৈ মই অফিচলৈ প্ৰতিদিনে অহা যোৱা কৰিব পাৰিছোঁ। সেয়ে তেওঁলোকক আমি দেখিলে সন্মান জনাব লাগে।তুমিও আজি পৰা এনেকৈ কৰিবা দেই।
   মুন শৰ্মা, লখিমপুৰ