गुनाहो का देवता ৰ উপন্যাসখনৰ কথাৰে – চিমী বৰুৱা

Pc Flipkart

गुनाहो का देवता ৰ উপন্যাসখনৰ কথাৰে

 চিমী বৰুৱা, মৰিগাঁও, চৰাইবাঁহী

ধৰ্মবীৰ ভাৰতীৰ কালজয়ী উপন্যাস ‘গুনাহৰ দেৱতা’ (Gunahon Ka Devta) কেৱল এখন প্ৰেম কাহিনী নহয়, বৰঞ্চ ই মানৱীয় আৱেগ, নৈতিকতা আৰু আদৰ্শৰ এক গভীৰ দ্বন্দৰ দলিল। ১৯৪৯ চনত প্ৰকাশিত এই উপন্যাসখন আজিও পাঠকৰ বাবে সমানেই প্ৰাসংগিক। ইয়াৰ মূল কেন্দ্ৰবিন্দু হৈছে চন্দৰ আৰু সুধাৰ মাজৰ এক অবুজ আৰু অতিকায় পৱিত্ৰ প্ৰেম, যিটো সমাজৰ তথাকথিত নৈতিকতা আৰু ত্যাগৰ নামত এক কৰুণ পৰিণতিৰ ফালে অগ্ৰসৰ হয়। চন্দৰৰ চৰিত্ৰটোত থকা আত্মত্যাগী মনোভাৱ আৰু তাৰ বিপৰীতে সমাজৰ নীতি-নিয়মৰ প্ৰতি থকা আনুগত্যই তাক এক অসহায় অৱস্থালৈ ঠেলি দিয়ে, য’ত সি নিজৰ প্ৰেমক হেৰুৱাই এক মানসিক নৰকত দিন কটাবলগীয়া হয়। আনহাতে, সুধাৰ চৰিত্ৰটোৱে ভাৰতীয় নাৰীৰ মৰ্যাদা আৰু বাধ্যবাধকতাৰ এক কৰুণ ছবি দাঙি ধৰে। লেখক ভাৰতীয়ে ভাষাৰ যি যাদুৰে চৰিত্ৰবোৰৰ অন্তৰ্দ্বন্দ আৰু সেই সময়ৰ এলাহাবাদৰ শৈক্ষিক-সামাজিক পৰিৱেশক উপস্থাপন কৰিছে, সেয়া সঁচাকৈয়ে অতুলনীয়। পঢ়ুৱৈয়ে উপন্যাসখন পঢ়ি থাকোতে অনুভৱ কৰে যে কেনেকৈ অত্যধিক আদৰ্শবাদ কেতিয়াবা এজন ব্যক্তিৰ জীৱনৰ বাবে অভিশাপ হৈ পৰিব পাৰে। শেষত, সুধাৰ মৃত্যু আৰু চন্দৰৰ অনুশোচনাই পঢ়ুৱৈৰ বুকুত এক গভীৰ বিষাদৰ সাঁচ বহুৱায় যায় আৰু ই আমাক প্ৰশ্ন কৰিবলৈ বাধ্য কৰে যে— প্ৰকৃততে দেৱতা কোন আৰু গুণাহ (পাপ) কি? প্ৰেমৰ এই মৰ্মস্পৰ্শী কাহিনীটোৱে মানুহক শিকালে যে আৱেগ অবিহনে কেৱল নীতিৰে জীৱন সম্পূৰ্ণ হ’ব নোৱাৰে।