ৰে’ল দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ বালাচোৰ জিলাৰ বাহাংগাত ৰে’ল দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি সাহায্য আৰু কাৰ্যকৰী পুনৰুদ্ধাৰৰ কামৰ বুজ লয়। প্ৰধানমন্ত্ৰীৰ লগত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান উপস্থিত থাকে। প্ৰধানমন্ত্ৰীক এই পৰিস্থিতিৰ বিষয়ে অৱগত কৰে কেন্দ্ৰীয় মন্ত্ৰী উভয়ৰে লগতে দুৰ্যোগ ব্যৱস্থাপনা দলৰ বিষয়াসকলে। কেবিনেট সচিব আৰু স্বাস্থ্যমন্ত্ৰীৰ সৈতে থিতাতে কথা পাতিলে প্ৰধানমন্ত্ৰী মোদীয়ে। বিষয়াসকলে জনোৱা মতে, প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক যাতে আহত আৰু আহতৰ পৰিয়ালক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হয়, সেয়া নিশ্চিত কৰিবলৈ কয়। লগতে শোকসন্তপ্ত পৰিয়ালক যাতে কোনো ধৰণৰ অসুবিধা নহয় আৰু ক্ষতিগ্ৰস্তসকলক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰাটো নিশ্চিত কৰিবলৈও কয় প্ৰধানমন্ত্ৰী মোদীয়ে।