ৰূপ নিমিত্তহে গুণেৰেহে সংসাৰ তৰে- স্বাগতা বৰুৱা গোস্বামী

p.c unsplash

ৰূপ নিমিত্তহে গুণেৰেহে সংসাৰ তৰে

নগাঁও জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে আছে কঢ়ালি গাওঁ।গাওঁখনৰ পৰিষ্কাৰ-পৰিচন্নতাই গাওঁখনৰ লগতে নগাঁও চহৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।গছ-গছনি,ফল-মূল,পুখুৰীত মাছ,গোহালিত গৰুৰে এখন আটকধুনীয়া গাওঁ।গাওঁখনৰ কেঁকুৰীটোৰ কাষতে গাওঁখনৰ কেউকিছু নথকা ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৰে মৰমৰ টলৌখুড়াৰৰ ঘৰ।টলৌ খুড়ায়ে নিজৰ ঘৰৰ পদুলি সদায় ফু-মাৰি ভাত খাব পৰাৰ নিচিনাকৈ থয়।টলৌ খুড়াৰ ঘৰৰ পিছফালে এখন সৰু বিল আছে।সেই বিলখনতে এজাক বিভিন্ন প্ৰজাতিৰ চৰাইয়ে আবেলি মেল মাৰেহি।
এদিনাখনৰ কথা সদায় আনন্দমনেৰে গীত গাই গাই হাঁহি-ফূৰ্তিৰে মেল মাৰি থকা চৰাইবিলাকৰ মাজত বহুত চিঞঁৰ-বাখৰ লাগিছে।চৰাইবিলাকৰ মিলা-প্ৰীতিক উদাহৰণ হিচাপে গাওঁৰ মইনাহতঁক দেখোৱা টলৌ খুড়া তাঁহাতৰ চিঞৰ বাখৰ শুনি আচৰিত হ’ল।কোনো দিনে কেতিয়াও ডাঙৰকৈ কথা নোকোৱা ঘৰচিৰিকা জনীৰো আজি চি-চিৱনিৱে কাণ তাল মাৰি গৈছে।টলৌ খুড়াও এইবোৰ শুনি আগফালৰ পৰা পিছফালে বিলৰ কাষ পালেগৈ।তাঁহাতৰ চিঞৰ বাখৰ শুনি মাছ কেইটাৱেও জুমি জুমি চাইছে।পুঠিজনীৰ বোলে শব্দত জীৱ ওলাই যাওঁ ওলাই যাওঁ হৈছে।টলৌ খুড়া ওলাই গৈ চৰাইবিলাকক শুধিলে,সদায় একতাৰ দোলেৰে বান্ধ খাই থকা তোমালোকবিলাকৰ মাজত আজি কি হৈছে।তেনেতে টিপ্ টিপ্ কৈ টিপচিয়ে বোলে টলৌ খুড়া আপুনিয়ে কওঁকচোন আমাৰ মাজত ধুনীয়া কোন? এই প্ৰশ্নটো লৈয়ে আমাৰ মাজত কাজিয়াৰ সৃষ্টি হৈছে।অ হয়নে কি? মোৰ দৃষ্টিতো তোমালোক সকলোৱে ধুনীয়া।টিপচিয়ে বোলে তেনেকৈ ক’লে নহ’ব তেনেকৈ চাবলৈ গ’লে দেখোন কাউৰীকো আমি ধুনীয়া বুলিয়ে ক’ব লাগিব।কথাটো শুনি বাকী কিছুমানেও গিৰ্জনী মাৰি হাঁহিলে।তেতিয়া খুড়াই ক’লে এইটো এনেকৈ কোৱা কথা নহয়।এটা কাম কৰো কালিলৈ আমি সকলো কঢ়ালি গাঁৱৰ পুথিভঁৰালটোৰ প্ৰাঙ্গনত একগোট হওঁ। গাওঁবুঢ়া আৰু গাঁৱৰ ৰাইজৰ উপস্থিতি এখনি সৌন্দৰ্য প্ৰতিযোগিতা আয়োজন কৰা যাওক হ’বনে?হ’ব হ’ব বুলি সকলোৱে সমৰ্থন জনালে।সকলো প্ৰতিযোগীকে পুৱা ন বজাৰ লগে লগে প্ৰতিযোগিতা স্থলিত উপস্থিত হ’বলৈ কৈ টলৌ খুড়া তাঁহাতৰ ওচৰৰ পৰা বিদায় মাগি পোনে পোনে গাওঁবুঢ়াৰ ওচৰ পালেগৈ।গাওঁবুঢ়াৰ আগত সকলো কথা ভাঙি পাতি ক’লে।গাওঁবুঢ়াইয়েও প্ৰতিযোগিতা খনত সন্মতি জনাই গাওঁৰ ৰাইজৰ উপস্থিতিত পুৱা দহ বজাৰ পৰা প্ৰতিযোগিতা খন আৰম্ভ কৰিবলৈ ক’লে।
পিছদিনা নিদিষ্ট সময়ত নিদিষ্ট স্থানত সকলো প্ৰতিযোগিতা স্থলিত উপস্থিত হ’ল।প্ৰতিযোগিতা খনি আৰম্ভ হোৱাৰ আগতে সভাপতি নিৰ্বাচন কৰিলে।গাওঁবুঢ়াৰ নামটো গাঁৱৰে সৰবৰহী মহিলা লাবণ্য বাইদেউৱে প্ৰস্তাৱ কৰিলে।উক্ত প্ৰস্তাৱটো টলৌ খুড়াই সমৰ্থন কৰিলে।তাৰপিছত বিচাৰকৰ দায়িত্বত গাওঁবুঢ়াই গাওঁখনৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেন চাৰৰ আৰু বিজ্ঞান শিক্ষক যোগেন চাৰক বিচাৰকৰ আসন শুৱনি কৰিবলৈ অনুৰোধ কৰিলে।বিচাৰক মণ্ডলীয়ে আসন গ্ৰহণ কৰাৰ পিছত সকলোকে নিজৰ নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিবলৈ ক’লে।সকলোৱে নিজৰ যোগ্যতাখিনি বিচাৰকে বান্ধি দিয়া নিয়মানুৱৰ্তীতা খিনি বজাই ৰাখি প্ৰদৰ্শন কৰি গ’ল।এতিয়া সময় ফলাফলৰ।ৰমেন চাৰে যোগেন চাৰৰ লগত আলোচনা কৰি সকলো দিশ চালি-জাৰি চাই কাউৰীৰ নামটো ঘোষণা কৰিলে।কাউৰীয়েও মঞ্চলৈ উঠিগৈ বিচাৰকৰ পৰা সুন্দৰ পুৰস্কাৰটো হাতত লৈ বিচাৰকক সেৱা জনাই তললৈ নামি আহিল।তেনেতে তলত সকলো পক্ষীকুলৰ মাজত বু-বু-বা-বা আৰম্ভ হ’ল।সকলোৰে হৈ ভাটোৱে টেকটেককৈ চিঞৰি আমি এই সিদ্ধান্ত মানি নলওঁ বুলি ক’লে।তেতিয়া বিচাৰকে সকলোকে ভালদৰে বুজাই দিলে যে সৌন্দৰ্য্য কেৱল দেখাত ধুনীয়া হোৱাটোকে নুবুজায়।সুন্দৰ হ’বলৈ আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা দিশৱেই চাব লাগিব।আজি এই প্ৰতিযোগিতাখনটো আমি সকলো দিশ চাই কাউৰীক এই খিতাপে অলংকৃত কৰিলো।কাৰণ আমি শোৱাপাটী এৰো কাউৰীৰ মাততেই।আগৰ দিনত যেতিয়া ঘড়ী নাছিল তেতিয়া কাউৰীৰ মাততেই মানুহে সময়ৰৰ জোখ লৈছিল।আমাৰ চৌপাশৰ গেলা-পঁচা,মৰা জীৱ -জন্তু আদি ভক্ষণ কৰি আমাৰ চৌপাশ পৰিষ্কাৰ কৰি ৰাখে।আকৌ কাউৰীয়ে ক’ৰবাত সৰহ সংখ্যক খাদ্য দেখিলে গোটেই জাকটো মাতি একেলগে খাদ্য গ্ৰহণ কৰাৰ কথাটোৱে সম্প্ৰীতি ৰক্ষাৰ এটা ডাঙৰ উদাহৰণ।আকৌ কাউৰী খেতিয়কৰো পৰম বন্ধু।পথাৰখনৰ শস্যৰ অনিষ্টকৰী কীট-পতঙ্গ খাই খেতিয়কৰ শস্য অধিক উৎপাদন কৰাত সহায় কৰে।গতিকে আমি সকলোৱে মনত ৰখা উচিত যে কাউৰী আমাৰ সকলোৰে জীৱনৰ অত্যন্ত গুৰুত্বপূৰ্ণ উপাদান।মইনাহঁত অসমীয়াত কোৱা এষাৰ কথা সদায় মনত ৰাখিবা ‘গুণেৰেহে সংসাৰ তৰে ৰূপেৰে নহয়’।চাৰৰ কথাখিনি শুনি সকলোৱে হাত চাপৰি বজাই খগেন মহন্ত ডাঙৰীয়াৰ কালজয়ী গীত ”কলৰে পাততে কাউৰী পৰে আগলতি পাত মোৰ ল’ৰে চৰে” বুলি সকলোৱে গুণগুণালে।তাৰপিছত জাতীয় সংগীতটো গাই সভা ভংগ কৰিলে।

স্বাগতা বৰুৱা গোস্বামী
৮৭২১৮৮০৮২৪