ৰূপকোঁৱৰ আৰু শিল্পী দিৱস – মৃন্ময় শইকীয়া

ৰূপকোঁৱৰ আৰু শিল্পী দিৱস

মৃন্ময় শইকীয়া
নগাঁও, পুৰণিগুদাম
“ৰূপকোঁৱৰ” খ্যাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি। একাধাৰে এগৰাকী পৰিচালক, নাট্যকাৰ, সুৰকাৰ লেখক আৰু প্ৰৱন্ধকাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৫১ চনৰ আজিৰ দিনটোতেই ইহলীলা সম্বৰণ কৰিছিল। তেওঁৰ মৃত্যুৰ দিনটোকেই “শিল্পী দিৱস” ৰূপে পালন কৰে সমগ্ৰ অসমবাসীয়ে। অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা এই গৰাকী শিল্পীয়ে সংস্কৃতিৰ প্ৰতিটো দিশতেই বৰঙণি যোগাইছে। সৰুতেই সকলোৱে শিকি লোৱা “গছে গছে পাতি দিলে” শীৰ্ষক গীতটি আগন্তুক প্ৰতিটো প্ৰজন্মই যে প্ৰথমেই শিকিবলৈ সক্ষম হ’ব সেয়া নিশ্চিত বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ১৯০৩ চনৰ ১৭ জুনত উজনি অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামুলবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া ছবিক্ষেত্ৰতো উদ্গনি জগাইছে। তেওঁৰ দ্বাৰা নিৰ্মিত “জয়মতী” প্ৰথম অসমীয়া ছবি আছিল যদিও ই বহুল ৰূপত দৰ্শকৰ পৰা সঁহাৰি লাভ কৰা নাছিল। কিন্তু, পিছলৈ তেওঁৰ দ্বাৰা নিৰ্মিত “ইন্দ্ৰমালতী” য়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনাৰ দিশত সুখ্যাতি প্ৰদান কৰিবলৈ সক্ষম হয়। বিগত বৰ্ষত ৮৫ টা বৰ্ষ সম্পূৰ্ণ কৰিছিল অসমীয়া ছবি “জয়মতী” য়ে। ১৯৩৫ চনত মুক্তি লাভ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত অসমীয়া প্ৰথমখন ছবি “জয়মতী”। যেতিয়াই কোনো লোকে অসমীয়া ছবি জগত খনৰ উল্লেখ কৰিব;সমান্তৰালকৈ উল্লেখ কৰিব লাগিব জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত ছবি “জয়মতী” ৰ। কলিকতাৰ ৰৌণক থিয়েটাৰত ১০ মাৰ্চত মুকলি কৰা ছবিখনৰ কাম আৰম্ভ হৈছিল ১৯৩৩ চনৰ পৰা।
জ্যোতি প্ৰসাদ আগৰৱালা অকল ৰূপান্তৰৰ শিল্পী নাছিল , সামাজিকভাৱে দায়বদ্ধ এজন বিপ্লৱী শিল্পীও আছিল । সমাজৰ প্রতি দায়বদ্ধ হােৱা বাবেই জ্যোতি প্রসাদে জীৱনৰ শেষৰ ফালে মার্ক্সৰ বৈপ্লৱিক আদৰ্শৰ প্রতি আকৃষ্ট হৈ পৰিছিল । জ্যোতি প্ৰসাদ আছিল জনতাৰ শিল্পী । তেওঁ অসম তথা ভাৰতৰ শিল্পীসকলক এইদৰে আহ্বান জনাইছিল , ‘ আমাৰ সংস্কৃতিৰ বিশ্বৰূপ মানুহৰ শিল্পীৰূপ , এই ঐতিহ্যৰেই আলােকময় মৰ্মলৈ আৰু শিল্পীৰ পূর্ণস্বৰূপ আমি উপলব্ধি কৰি আজি অসমৰ শিল্পীয়ে , ভাৰতৰ শিল্পীয়ে আলােকযাত্রা কৰিব লাগিব প্রগতিৰ বাটেদি দুষ্কৃতিক পদে পদে জীৱনৰ ক্ষেত্রে ক্ষেত্রে প্রতিহত কৰি কঠোৰ সাধনাৰে , উগ্র তপস্যাৰে পােহৰৰ । পৃথিৱীলৈ এক অপূর্ব জনজীৱনলৈ , যুগ যুগ ধৰি ধর্ষিত , নিপীড়িত , দলিত , বঞ্চিত জনতাক । লৈ— ‘ ( শিল্পীৰ পৃথিৱী ) সুন্দৰৰ পূজাৰী , অসমৰ ভাষা – সংস্কৃতিৰ অতন্দ্র প্ৰহৰী জ্যোতি প্রসাদ আগৰৱালাই কবিতা , নাটক , সংগীত , বােলছবি , সাংবাদিকতা , অভিনয় , কলাকে ধৰি বিভিন্ন দিশত অসমীয়া সাহিত্য – সংস্কৃতি লৈ অতুলনীয় আগবঢ়াইছিল আৰু এইবােৰৰ আধুনিকীকৰণত অনুপম অৰিহণা যােগাইছিল । জ্যোতি প্ৰসাদৰ সংস্কৃতিপ্রেমী মনে দুষ্কৃতিৰ বিৰুদ্ধে বিদ্রোহ ঘােষণা কৰি সক্রিয় হৈ উঠিছিল ঘাইকৈ কবিতা , নাটক আৰু সংগীতৰ মাধ্যমেৰে । বহুমুখী প্রতিভাৰে তেওঁ অসমীয়া জাতীয় জীৱনৰ প্ৰগতিৰ ক্ষেত্ৰত যি অৰিহণা দি গ’ল তাক কোনাে অসমীয়াই পাহৰিব নােৱাৰে । জ্যোতি প্ৰসাদৰ বিভিন্ন ৰচনাৱলীয়ে অসমীয়া সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত ব্যাপক প্রসাৰতা লাভ কৰিলেও মূলতঃ তেওঁ আছিল এগৰাকী কবি – শিল্পী । আনকি তেওঁৰ নাটসমূহতাে কাব্যিক প্রতিভাৰ সুস্পষ্ট অভিব্যক্তি পােৱা যায় । জ্যোতি প্রসাদে সুন্দৰৰ সন্মান আৰু সাধনা অহর্নিশে কৰি গৈছিল । সুন্দৰৰ সন্ধান আৰু সাধনাৰ সময়ােপযােগী মিলনে তেওঁৰ বহুতাে গীত আকর্ষণীয় কৰি তােলাত সহায় কৰিছিল । জ্যোতি প্ৰসাদে অসমীয়া গীতৰ সুৰ পুনৰ সজাই তুলি নতুন ৰূপত প্রতিষ্ঠা কৰিছিল । তেওঁৰ গীতৰ সুৰৰ লগত অসমীয়াৰ প্রাণৰ সংযােগ আছে । ৰবীন্দ্র সংগীতৰ দৰেই তেওঁৰ গীতসমূহতাে ভাষা , সুৰ আৰু কল্পনাৰ অপূর্ব সমাৱেশ ঘটিছে । তেওঁৰ এই অনুপম গীত সমূহক ‘ জ্যোতি সংগীত ’ নামেৰে নামকৰণ কৰা হৈছে । জ্যোতি প্ৰসাদৰ প্ৰায়বােৰ জনপ্রিয় । গীতেই তেওঁৰ নাটকসমূহতাে সন্নিবিষ্ট হৈছে । তেওঁৰ গীতৰ প্ৰসংগত বিষ্ণু ৰাভাই ‘ জ্যোতিৰ জেউতি ’ প্ৰৱন্ধত লিখিছে — জ্যোতিৰ গান তিনি ভাগত ভগাব পাৰি । তিনি ভাগেই যেন তিনিটা যুগ । শােণিত কুঁৱৰী যুগ , কাৰেঙৰ লিগিৰী যুগ আৰু লভিতা যুগ । উল্লেখ্য যে ‘ শােণিত কুঁৱৰী ’ , ‘ কাৰেঙৰ লিগিৰী ’ আৰু ‘ লভিতা জ্যোতি প্ৰসাদৰ বৈশিষ্ট্যপূর্ণ নাটক । কেৱল চিনেমা নির্মাতা , গীত – কবিতা , নাট লেখক আৰু সুৰকাৰ হিচাপেই জ্যোতি প্ৰসাদৰ ওপৰত আজি সর্বাধিক গুৰুত্ব দিয়া হােৱা নাই , তেওঁৰ ৰচনাৰাজিৰ বৈশিষ্ট্যৰ ফালে লক্ষ্য কৰিহে এই গুৰুত্ব দিয়া হৈছে । তেওঁৰ ৰচনাৰাজিৰ মূল বৈশিষ্ট্য হৈছে মানৱতা , বিশ্বজনীনতা আৰু শােষণহীন সুখ সমৃদ্ধিশালী এখন সমাজৰ হাবিয়াস । আজিৰ অসমৰ বিভিন্ন জ্বলন্ত সমস্যা বহুল পৰিস্থিতিতাে তেওঁৰ ৰচনাসমূহৰ গুৰুত্ব সর্বাধিক ।
আঠখনকৈ নাটক , আঠটা গল্প , এখন উপন্যাস , দুখন কথা ছবি , বহু কবিতা , গান আৰু প্ৰৱন্ধৰ স্ৰষ্টা , স্বাধীনতা সংগ্রামী বিপ্লৱী মনৰ অধিকাৰী অসমীয়া সংস্কৃতিক প্রাণ দি জীয়াই তােলা জ্যোতি প্রসাদ কেৱল এজন মানুহেই নহয় , এটা অনুষ্ঠান , কেৱল অনুষ্ঠানেই নহয় এটা অবিৰত আন্দোলন । আজিৰ সমাজলৈ নৈতিকতাবােধ , মানসিক প্রমূল্য আৰু নিৰাপত্তাৰ প্রতিশ্রুতিৰ যি অৱক্ষয় নামি আহিছে তাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি জ্যোতি প্ৰসাদৰ সাংস্কৃতিক আন্দোলনৰ পতাকাৰ তলত সমবেত হৈ তেওঁৰ চিন্তাৰ নতুন প্রতিশ্রুতিৰে আগবাঢ়ি যােৱাৰ প্রয়ােজন হৈছে ।
জ্যোতি প্ৰসাদে তেওঁৰ নাট , গীত , নৃত্য চিত্রকলা আদি সকলােতে অসমৰ চিৰ যুগমীয়া , সােণসেৰীয়া অপৰূপ ৰূপ সৌন্দর্য ফুটাই তুলিবলৈ যত্ন কৰিছিল । জ্যোতিৰ জেউতিৰে অসমীয়া সাহিত্য – সংস্কৃতিক উজুলাই তুলি সুন্দৰ কৰি তুলিবলৈ সুন্দৰৰ পূজাৰীজনে মনে – প্রাণে চেষ্টা কৰিছিল আৰু বহুখিনি সফল হৈছিল । মুঠতে জ্যোতি প্ৰসাদ হাড়ে – হিমজুৱে অসমীয়া হােৱাৰ লগতে এজন বিশ্ব নাগৰিক । ১৯৫১ ৰ ১৭ জানুৱাৰীত মাথােন ৪৮ বছৰ বয়সতে মাতৃ পূজাৰ বহু আধৰুৱা কাম এৰি থৈ মহান বিপ্লৱী শিল্পী জ্যোতি প্রসাদ আগৰৱালাই ইহলীলা সম্বৰণ নকৰা হ’লে বিশ্বত ৰবীন্দ্র নাথৰ দৰেই খ্যাতিমন্ত পুৰুষ হােৱাৰ সম্ভাৱনা পূৰামাত্রাই আছিল ।
সি যি কি নহওক , আজিৰ দুর্দিনত অসমত অসমীয়া কোন বুলি বাদানুবাদত লিপ্ত নাথাকি অসমৰ উন্নতিত মনে – প্রাণে ভাল পােৱা আমি আটাইয়ে মিলি জ্যোতি প্ৰসাদে দেখুৱাই যােৱা মহান আৰু উচ্চ আদৰ্শলৈ হাতে – কামে অসমৰ কলা – সংস্কৃতিৰ সেৱাত শুদ্ধ চিত্তে আত্ম নিয়ােগ কৰিব পাৰিলেহে অসম আৰু অসমীয়াৰ অস্তিত্ব নিৰাপদ হ’ব। কুৰি শতিকাৰ অসমৰ সৃষ্টি , মুক্তি ভাৱনা আৰু সংস্কৃতি চর্চাৰ গুৰিয়াল ৰূপে জ্যোতি প্রসাদ অসমবাসীৰ চিৰ নমস্য হৈ থাকিব ।