অনলাইন বাৰ্ত্তাসেৱা – অভিনেত্ৰী ৰিচা চাড্ডাই চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ ‘হীৰা মাণ্ডি’ শীৰ্ষক প্ৰথম ৱেব ছৰিজত অভিনয় কৰিব বুলি জানিব পৰা গৈছে। ৰিচা আৰু সঞ্জয়ে পূৰ্বে ২০১৩ চনত ‘গোলিয়োঁ কি ৰাসলীলা ৰাম-লীলা’ চলচ্চিত্ৰখনত একেলগে কাম কৰিছিল, য’ত অভিনেত্ৰীগৰাকীয়ে ৰাচিলাৰ চৰিত্ৰত অভিনয় কৰিছিল। বাতৰি অনুসৰি, আহিবলগীয়া এই ছিৰিজখনত সোণাক্ষী সিনহা, হুমা কুৰেছি আৰু মাধুৰী দীক্ষিতেও অভিনয় কৰিব।
(UD.)