ৰাস মহোৎসৱ-অনিতা গগৈ

ৰাস মহোৎসৱ
অনিতা গগৈ ,নগাঁও
“শৰত কালৰ ঋতু   অতি বিতোপন
   ৰাস ক্ৰীড়া কৰিতে  কৃষ্ণৰ ভৈল মন।”
কাতি মাহৰ পূৰ্ণিমা তিথিত ৰাস মহোৎসৱ পালন কৰা হয়।ৰাস শব্দৰ অৰ্থ হৈছে ‘ৰস’  এই ৰসৰ পৰাই ৰাস উৎপত্তি হৈছে।পৰম ভক্তা গোপী সকলৰ মনোবাঞ্চা  পূৰণৰ উদ্দেশ্যে ভগবান শ্ৰীকৃষ্ণই যি লীলা বৃন্দাবনত কৰিছিল সেই লীলাই হ’ল ৰাস লীলা । জীৱাত্মা পৰমাত্মাৰ মিলনেই হ’ল ৰাস লীলাৰ মাহাত্ম্য ।
শৰত কালৰ ফৰিং ফুটা পূৰ্ণিমা ৰাতি ।হিমচেঁচা  বা লাগি মন প্ৰাণ পুলকিত হয় । ভগবান শ্ৰীকৃষ্ণই ব্ৰজবধু সকলৰ লগত ৰাস ক্ৰীড়া কৰাৰ কথা ‘ভাগৱত পুৰাণ’ৰ দশম স্কন্ধৰ – ২৯ শ অধ্যায়ত  সন্নিবিষ্ট আছে। শাৰদোৎফুল্ল মল্লিকাৰে বিধৌত ৰাত্রি গোপী সকলৰ লগত ক্ৰীড়া কৰাৰ ইচ্ছাৰে কৃষ্ণই অপূৰ্ব সুৰেৰে বংশী বজাবলৈ ধৰিলে । কৃষ্ণৰ সুমধুৰ বাঁহীৰ  সুৰত মোহাবিষ্টা হৈ গোপী সকলে স্বামী – পুত্র- গৃহ এৰি উধাতু খাই দৌৰি কৃষ্ণৰ ওচৰত উপস্থিত হলহি । ৰাস ক্ৰীড়াত ষোড়শ গোপীৰ লগত প্ৰত্যেক জনী গোপীয়ে নিজৰ লগত কৃষ্ণই কেলি কৰি থকা বুলি অনুভৱ কৰিলে ।
“যত গোপী তত কৃষ্ণ “
শৰতৰ নিশাৰ চন্দ্ৰৰ পোহৰ অতি অনুপম।সেই পোহৰে জগতখনকে সৌন্দৰ্যময় কৰি তুলে।হিন্দুশাস্ত্ৰ মতে ৰাস পূৰ্ণিমাতেই  কৃষ্ণই গোপীসকলৰ লগত লীলা কৰিছিল।’লীলা’ মানে নৃত্য।গোপীসকলক মোহিত কৰিবৰ বাবে শ্ৰীকৃষ্ণই এই লীলা কৰিছিল।
 ১৭৬২ শকৰ পৰা মাজুলিৰ দক্ষিণপাট সত্ৰতে পোন প্ৰথমে ৰাস মহোৎসৱ আৰম্ভ হৈছিল।অসমৰ সত্ৰসমূহত বৈদিক ক্ৰিয়াৰে নাট্যৰূপ দি ৰাস মহোৎসৱ উদযাপন কৰে।পৰৱৰ্তী সময়ত আউনীআটী সত্ৰ,কমলাবাৰী সত্ৰ,গড়মূৰ সত্ৰ আদিলৈ প্ৰচলিত হয়।কাতিমাহৰ ফৰকাল আকাশত পূৰ্ণিমা ৰাতি চন্দ্ৰটো বেছি উজ্জ্বল হয় আৰু অলপ ওচৰ চাপি অহাযেন অনুভৱ হয়।জোনৰ মিঠা পোহৰত মানুহৰ মনত প্ৰেমভাৱৰ জন্ম হয়।মানসিক প্ৰশান্তিৰ এই মিলন মুহূৰ্তকেই ৰাসলীলা বুলি কোৱা হয়।কোনোবাই যদি ভগৱানক স্পৰ্শ কৰিবৰ কাৰণে বা পাবৰ কাৰণে হাবিয়াস কৰে তাক অনঙ্গ বোলে।গোপীসকলৰ লগত শ্ৰীকৃষ্ণৰ সম্পৰ্ক এনেকৈ ভবাটো অপৰাধ।কাৰণ গোপীসকলৰ লগত শ্ৰীকৃষ্ণৰ প্ৰেম আধ্যাত্মিক।ভাওনা বা অভিনয় আৰু ৰাস উপলক্ষে কৰা নাম প্ৰসংগ তিনিওটাই ৰাস মহোৎসৱৰ লগত জড়িত।ঠাইভেদে নীতি-নিয়মবোৰ বেলেগ বেলেগ।কিছুমান সত্ৰত এদিনীয়াকৈ আৰু কিছুমান সত্ৰত তিনিদিনীয়াকৈ পালন কৰে।প্ৰথমদিনা অধিবাস,দ্বিতীয়দিনা ৰাস আৰু তৃতীয়দিনা ইন্দ্ৰাভিষেক।ৰাস পূৰ্ণিমাৰ দিনা ৰাতিপুৱাৰ পৰাই ৰাস পূজা আৰম্ভ হয়।
“আহা সখী  আহা বাই
বৃন্দাবনে যাওঁ ;
বজাইছে মোহন বেণু
নয়ন ভৰি চাওঁ ।”
গোপী সকলে নাচি বাগি কেলি কৰি থকাৰ মাজতে শংখচুড় যক্ষৰ উপকাহিনী ভাগে  স্থান পাইছে ।’ ভাগৱত পুৰাণ’ ত ৰাস ক্ৰীড়াৰ পৰবৰ্তী স্বতন্ত্র ঘটনা ৰূপ ৩৪   শ অধ্যায়ত এই কাহিনী ভাগ বৰ্ণিত হৈছে ।ৰাস ক্ৰীড়াৰ মাজতে শংখচুড়ে গোপী সকলক ভয় ভীত খুৱাই থকা ৰাস লীলাত পৰিস্ফুট হয় । গোপী সকলে ত্রাণকৰ্তা কৃষ্ণক বিচাৰি হাবাথুৰি খায় । হা  কৃষ্ণ ,  হা  কৃষ্ণ কৰি বিচাৰি  ফুৰে ।আনকি গছ লতা সকলোকে কৃষ্ণৰ সম্ভেদৰ কথা সুধি ফুৰে । শেষত কৃ্ষ্ণই শংখচুড়ক বধ কৰে ।
কৃষ্ণই ব্ৰজবধু সকলক ভক্তিৰ গভীৰতা জুখিবলৈ কুলবধূৰ কৰ্তব্য সোঁৱৰাই দি তেওঁলোকক নিজ গৃহলৈ ঘূৰি যাবলৈ নিৰ্দ্দেশ দিয়ে । গোপী সকলৰ প্ৰেম ভক্তিত বিমোহিত কৃষ্ণই তেওঁলোকৰ লগত যোগমায়াক আশ্ৰয় কৰি নৃত্য গীতেৰে ৰাস ক্ৰীড়া আৰম্ভিলে ।৩০শ অধ্যায়ত,গোপী সকলৰ অহংকাৰ চূৰ্ণ কৰাৰ প্ৰয়াসেৰে এগৰাকী বিশেষ গোপী ৰাধাক লৈ অন্তৰ্দ্ধান হ’ল । বিৰহ দগ্ধা গোপী সকলে বৃন্দাবনৰ বিভিন্ন স্থানত কৃষ্ণক অন্বেষণ কৰি ব্যৰ্থ হৈ কৃষ্ণৰ গুণানুকীৰ্তন কৰিবলৈ ধৰিলে । তেওঁলোকে মুকুন্দক স্তুতি কৰাৰ বৰ্ণনা ৩১শ অধ্যায়ত পোৱা যায় ।
 ভাগৱত পুৰাণৰ  ৩৩ শ অধ্যায়ত কৃষ্ণ আৰু গোপী সকলৰ মহা ৰাসৰ চিত্রণ পোৱা যায় ।
অসমৰ বিভিন্ন ঠাইৰ ৰাস মহোৎসৱৰ নীতি-নিয়মবোৰ ভিন্ন-ভিন্ন।নলবাৰী,শুৱালকুছি, টিহু,হাউলী আদি অঞ্চলত ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হয়।কিন্তু নামনি অসমৰ ৰাস মূৰ্তিকেন্দ্ৰিক।মূৰ্তিৰ কাৰণে শ্ৰীকৃষ্ণৰ বিভিন্ন কৰ্মৰাজিক মৃন্ময় মূৰ্তি সমূহৰ মাজেৰে সজাই তুলি প্ৰদৰ্শন কৰা হয়।কংসবধ,কালীয়দমন,দধিমথন আদি মৃন্ময় মূৰ্তিসমূহৰ জৰিয়তে উপস্থাপন কৰা হয়।কিন্তু উজনি অসম ৰাস অভিনয়কেন্দ্ৰিক অৰ্থাৎ মানুহে অভিনয় কৰে।কিছু ঠাইত মহোৎসৱৰ লগত সংগতি ৰাখি ওজাপালি,নাম-প্ৰসংগ আদি পালন কৰে।অসমৰ বিভিন্ন ঠাইত ৰাস মহোৎসৱ পালন কৰে যদিও সমস্ত পৃথিৱীতে মাজুলীৰ অনন্য সমাদৰ আছে।মাজুলীৰ ৰাসত আকৰ্ষিতহৈ দেশী-বিদেশী পৰ্যটকৰ ভিৰৰ সমাৱেশ ঘটে।মাজুলীবাসীৰ আড়ম্বৰপূৰ্ণ ধৰ্মীয় উৎসৱ।বৈষ্ণৱধৰ্মৰ প্ৰাণকেন্দ্ৰ মহাপুৰুষীয়া সত্ৰীয়া-সংস্কৃতিৰ সত্ৰসমূহত ৰাস উৎসৱ অনুষ্ঠিত কৰে।বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টিকৰ্তা ভগৱান শ্ৰীকৃষ্ণ আধ্যাত্মিক প্ৰেমৰ জীৱন কাহিনী ভৰা পবিত্ৰ ৰাস মহোৎসৱ অসমৰ ৰাইজৰ লগতে দূৰ দূৰণিৰ লোকেও উপভোগ কৰিবলৈ মাজুলীত উপস্থিত হয়।ৰাস মহোৎসৱৰ বাবেই মাজুলীখন সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।উজনি অসমৰ যোৰহাট,শিৱসাগৰ,
ডিব্ৰুগড়তো ৰাস মহোৎসৱৰ প্ৰচলন আছে ।
ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ পতি।স্বৰ্গ,মৰ্ত্য আৰু পাতাল।তেওঁক কোনো মায়াই বশ কৰিব নোৱাৰে।সেইজন ভগৱানৰ ৰাসলীলাই শৰৎকালত এক অনন্য ৰূপৰ সৃষ্টি কৰে।
সমাপ্ত