ৰাসলীলা – লখিমী শৰ্মা

Pc- Kalinga TV
 ৰাসলীলা
লখিমী শৰ্মা
 যোৰহাট 
শৰৎ কালৰ পূৰ্ণিমা তিথিত ৰাস মহোৎসৱ হয়
শ্ৰীকৃষ্ণৰ মোহন বাঁহীৰ সুৰত
 বৃন্দাবন উৎফুল্লিত হয় ,
ষোল্লশ গোপীক নচুৱাই শ্ৰীকৃষ্ণ বাঁহী
বজাই আনন্দত আত্মহাৰা হয় ,
কংসালয়ত ধূম ধামেৰে
বসুদেৱ দৈৱকীৰ বিবাহ অনুষ্ঠিত হয়
সেইদিনাই ৰাতি আকাশবাণীয়ে দিলে বতৰা
কংসক দৈৱকীৰ অষ্টম পুত্ৰই প্ৰাণনাশ কৰিব বুলি
হে প্ৰাণৰ কৃষ্ণ তুমি জগতৰ পালনকৰ্তা
দুষ্টক দমন শান্তক পালন তুমি প্ৰভু নাৰায়ণ
নাৰদ মুনীক অৱগত কৰি লৈ
দৈৱকীৰ গৰ্ভে তুমি জনম ল’লা ,
যশোদাৰ পুত্ৰ বুলি তুমি চিনাকি দিলা
কংসৰ কাৰাগাৰৰ কাষে দেখা দি
তুমি বসুদেৱ দৈৱকীক আশীষ দিলা
ঘোৰ অন্ধকাৰ নিশা শিলাবৃষ্টি নেওচি
বসুদেৱে কোলাত লৈ গৈ
তোমাক সলাই দি যুগমায়াক
আনিলে কংসক দিবলৈ ,
কংসৰ কোলাত পৰাত
যুগমায়া হঠাৎতে অদৃশ্য হ’ল
আঁতৰৰ পৰাই ধমক দি কংসক শুনাই
শিক্ষা দি থৈ গ’ল ,
মধ্য ৰাতি কংসৰ কোঠাত গৈ
কংস মামাক ভয়ৰ ভাবুকি দিলা ,
কংসৰ ভগ্নী পুতনাক তুমি মৃত্যুদণ্ড দিলা ,
তুমি প্ৰভু নাৰায়ণ কালি হ্ৰদৰ কাষত গৈ
গোপশিশু সকলৰ লগত
 বল খেলিছিলা , বিষজল পান কৰি
অচেতন হৈ পৰা সকলক তুমি উদ্ধাৰিলা ,
অমৃতৰ হাত ফুৰাই সকলোকে
 তুমি জীৱন দান দিলা
দম্ভ কালিনাগক দমন কৰি
শিক্ষা কিছু দিলে
কালিনাগৰ ওপৰত উঠি কৃষ্ণই
তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰে
কালিনাগে কৃষ্ণৰ পদৰ ভৰ সহিব নোৱাৰি
ক্ষমা ভিক্ষা খোজে ,
সদৌশেষত কালিনাগে শ্ৰীকৃষ্ণক
সেৱা জনাই সেই ঠাই পৰিত্যাগ কৰে
তোমাৰ মহিমা অপাৰ প্ৰভু
তুমি জগতৰ উদ্ধাৰ ।।