ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- অসমত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসমৰ উদ্যোগত গুৱাহাটীৰ লাষ্টগেটস্থিত পি ডব্লিউ ডি কনভেনচন চেণ্টাৰত ৰাজ্যিক ভিত্তিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।উক্ত কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকিব ৰাজ্য চৰকাৰৰ তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্রী, জলসম্পদ, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকা। অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ। তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বিষয় ‘সংবাদ মাধ্যমক ভয় নকৰে কোনে?’ৰ ওপৰত মূল বক্তব্য আগবঢ়াব।এই অনুুষ্ঠানতে ৰাজ্যখনৰ সংবাদ সেৱা ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ বাবে ৰাজ্যখনৰ বিভিন্ন জিলাৰ ১২গৰাকী সাংবাদিকক সম্বর্ধনা জনোৱা হ’ব। ৰাষ্ট্ৰীয় গ্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে প্রস্তুত কৰি উলিওৱা এখন স্মৃতিগ্রন্থও -উন্মোচন কৰা হ’ব।