ৰাষ্ট্ৰীয় মৰ্যাদাৰে নিগমবোধ ঘাটত শেষকৃত্য সম্পন্ন ড৹ মনমোহন সিঙৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ নশ্বৰ দেহ । ৰাষ্ট্ৰীয় মর্যাদাৰে দেশৰ ৰাজধানী নতুন দিল্লীৰ নিগমবোধ ঘাটত প্রাক্তন প্রধানমন্ত্রী ড°মনমোহন সিঙৰ শেষকৃত্য সম্পন্ন কৰা হয়। নিগমবোধ ঘাটত প্রয়াত প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ নশ্বৰদেহত অন্তিম শ্রদ্ধাঞ্জলি জনোৱাৰ পিছতে শিখ পৰম্পৰাৰে জ্যেষ্ঠ কন্যাই মুখাগ্নি কৰে। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গান্ধী পৰিয়ালৰ সদস্য, বিশিষ্ট ৰাজনীতিক, ভূটানৰ ৰজা, মৰিছাছৰ বিদেশ মন্ত্ৰীৰ লগতে গুণমুগ্ধৰ উপস্থিতিত প্রয়াত প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ নশ্বৰদেহত শোকাকুল পৰিৱেশত জ্যেষ্ঠ কন্যাই মুখাগ্নি কৰে আৰু লগে লগে দেশৰ এগৰাকী প্ৰকৃত ৰাষ্ট্ৰনেতা কায়িকভাৱে চিৰদিনৰ বাবে হেৰাই গ’ল। যোৱা ২৬ ডিচেম্বৰৰ নিশা দিল্লীৰ এইমছত ৯২ বছৰীয়া প্রাক্তন প্রধানমন্ত্রী, অর্থনীতিবিদ ড° মনমোহন সিঙৰ বিয়োগৰ পিছত তেওঁৰ নশ্বৰদেহ শুকুৰবাৰলৈ নতুন দিল্লীৰ মতিলাল নেহৰু পথস্থিত নিজ বাসভৱনত শ্রদ্ধাঞ্জলিৰ বাবে ৰখা হয়। শনিবাৰে পুৱা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বৰদেহ নিখিল ভাৰত কংগ্ৰেছ কমিটী, চমুকৈ এআইচিচিৰ মুখ্য কাৰ্যালয়ত ৰাজহুৱা শ্রদ্ধাঞ্জলিৰ বাবে ৰখা হয়। শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ সামৰণি পেলাই দিনৰ ১১.৩০ বজাত পুষ্পসজ্জিত বাহনত ড° মনমোহন সিঙৰ নশ্বৰদেহ লৈ শোক সমদল কৰি নিগমবোধ ঘাটত উপস্থিত হয়। নিগমবোধ ঘাটত প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বৰদেহত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, গান্ধী পৰিয়ালৰ সদস্য ছোনিয়া গান্ধী, ৰাহুল গান্ধী, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেকে ধৰি বিশিষ্ট ৰাজনীতিকে পুষ্পাঞ্জলি অর্পণ কৰে। ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়েল বাংছুক আৰু মৰিছাছৰ বিদেশ মন্ত্রীয়ে প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ নশ্বৰদেহত শ্রদ্ধাঞ্জলি জনায়। চিডিএছ আৰু দেশৰ তিনি সেনা বাহিনীৰ মুৰব্বীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বৰদেহত পুষ্পাঞ্জলি অর্পণ কৰাৰ পিছতেই ৰাষ্ট্ৰীয় মর্যাদা প্রদান কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক সন্মান জনাই গান ছেলুট দিয়ে। ইয়াৰ পিছতে পৰিয়ালে প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নম্বৰদেহত শিখ পৰম্পৰাগত নীতি-নিয়ম সম্পাদন কৰে আৰু পৰৱৰ্তী সময়ত সকলো নিয়ম সম্পন্ন হোৱাৰ পিছত চিতাত উঠাই দিয়া হয় ড° মনমোহন সিঙৰ নশ্বৰদেহ। এক শোকাকুল পৰিৱেশৰ মাজত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পত্নী গুৰচৰণ কৌৰ আৰু কন্যাৰ উপস্থিতিত পঞ্চভূতত বিলীন হয় ড° মনমোহন সিঙৰ নশ্বৰদেহ।