ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস – বন্দিতা শৰ্মা কন্দলি

Pc India TV News

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

বন্দিতা শৰ্মা কন্দলি

প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰী দিনটো আমাৰ দেশত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়।এই দিনটোতে ভাৰতীয় বিজ্ঞানী চন্দ্ৰ শেখৰ ভেংকট ৰামনে পোহৰৰ বিচ্ছুৰণ সম্পৰ্কীয় প্ৰকৃতিৰ এক বিশেষ পৰিঘটনাৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰিছিল বুলি জনা যায়। এই পৰিঘটনা টোক তেখেতৰ নামেৰেই ‘ৰামন প্ৰভাৱ’ হিচাপে বিজ্ঞানী মহলত গৃহীত হয়। ৰমন প্ৰভাৱ বা পৰিঘটনা হৈছে কোনো মাধ্যমৰ দ্বাৰা পোহৰ ৰশ্মি বিচ্ছুৰিত হৈ পূৰ্বৰ আপতিত ৰশ্মিৰ তৰংগ দৈঘ্যৰ সলনি হোৱা প্ৰক্ৰিয়া, অৰ্থাৎ এক নতুন তৰংগৰ পোহৰৰ উপস্থিতি। এই আৱিষ্কাৰৰ বাবে তেওঁক ১৯৩০ চনৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা প্ৰদান কৰা হয়।

১৮৮৮ চনৰ ৭ নৱেম্বৰত মাদ্ৰাজৰ ত্ৰিচিন্নপল্লী নামৰ ঠাইত জন্ম গ্ৰহণ কৰা চন্দ্ৰশেখৰ ভেংকটৰামণৰ গণিত আৰু বিজ্ঞান বিষয়ত যেনেদৰে ৰাপ আছিল সেইদৰে হিন্দু ধৰ্মাৱলম্বী গ্ৰন্থসমূহ বিশেষকৈ ৰামায়ণ – মহাভাৰত কাব্যও অধ্যয়ন কৰিছিল।ৰামণে ছাত্ৰ অৱস্থাৰ পৰাই বিজ্ঞানৰ গৱেষণাৰ কাম আৰম্ভ কৰে।১৯০৭ চনত ৰামণে পদাৰ্থ বিজ্ঞানত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম.এ. পাচ কৰে। তেওঁ কলকাতা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হোৱাৰ পিছত বিজ্ঞানৰ সামূহিক উন্নতিৰ কামত সক্ৰিয় ভাৱে জড়িত হৈ পৰে।

পোহৰে গতি কৰা পথত ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিৰ কণিকা থাকিলে পোহৰ তাৰ গতি পথৰ পৰা বিচ্যুৎ হয়। এই বিচ্যুৎ পোহৰ কাষৰ পৰা ও দেখিবলৈ পোৱা যায়। সেয়ে পোহৰৰ বাটত বস্তু থাকিলে দেখা পাওঁ। পোহৰৰ বিচ্ছুৰণৰ বহু কথাই বিজ্ঞানী সকলে গভীৰ অধ্যয়ন আৰু গৱেষণাৰ দ্বাৰা আগতেই জানিছিল। বিজ্ঞানী ৰেলীয়ে পোহৰৰ পৰিঘটনাৰ ওপৰত আগবঢ়োৱা এটা তত্ত্ব মতে বায়ুমণ্ডলত থকা পানী আৰু ধূলিৰ দ্বাৰা পোহৰৰ বিচ্ছুৰণৰ বাবেই আকাশৰ ৰং নীলা আৰু সূৰ্য উদয় আৰু অস্ত যোৱাৰ সময়ৰ আকাশৰ ৰং ৰঙা দেখা যায়। বিজ্ঞানী ৰামণক পোহৰৰ বিচ্ছুৰণে গভীৰভাৱে আকৰ্ষণ কৰিছিল। যেনে চাবোনৰ বুৰবুৰণি তুলি সেইবোৰৰ বৰণ আৰু তাৰ ওপৰত পোহৰৰ প্ৰভাৱ আদি।সেয়ে তেওঁ পোহৰৰ বিচ্ছুৰণৰ ওপৰত নানান ধৰণৰ গৱেষণা ত নিমগ্ন হৈ পৰিল। ফল স্বৰূপে তেওঁ ১৯২৮ চনত পোহৰৰ এক নতুন পৰিঘটনা আৱিষ্কাৰ কৰিলে যে বিচ্ছুৰিত পোহৰত মূল পোহৰৰ ৰশ্মি থকাৰ উপৰি এক নতুন তৰংগৰ পোহৰো থাকে। এই নতুন পোহৰৰ তৰংগৰ গুণাগুণ নিৰ্ণয় কৰিবৰ বাবে ৰামণে ষাঠিটা বেলেগ বেলেগ তৰল পদাৰ্থৰ ওপৰত পোহৰ পেলাই গভীৰ গৱেষণা আৰু অধ্যৱসায়ৰ বলত পোহৰৰ বিচ্ছুৰণৰ এক নতুন সুত্ৰ আৱিষ্কাৰ কৰিলে। পোহৰৰ এই বিশেষ গুণটোৰ ওপৰত কৰা গৱেষণাৰ ফলাফল গাণিতিক ভাৱে আৰু বিজ্ঞান সন্মত ভাৱে ৰামণে বিশ্লেষণ কৰি দেখুৱাইছিল । এই গৱেষণাৰ পত্ৰ খন বিজ্ঞান মহলত “ৰামণ প্ৰভাৱ ” হিচাপে গৃহীত হ’ল। কোনো উৎসৰ পৰা ওলাই অহা পোহৰ স্বচ্ছ কিছুমান জুলীয়া পদাৰ্থৰ ( বেনজিন্ ,টলুইন আদি) মাজেদি গ’লে পোহৰ কণা বা ফʼটনবিলাকে জুলীয়া পদাৰ্থৰ অনুবোৰৰ লগত খুন্দা খাই শক্তি কিছু হেৰুৱায়। ফলস্বৰূপে পোহৰৰ বৰণৰো সলনি হয়। জুলীয়া পদাৰ্থৰ ওপৰত পোহৰৰ বিচ্ছুৰণ পৰ্যবেক্ষণ কৰি বিভিন্ন বৰণসমূহ ব্যাখ্যা কৰিব পাৰি।’ৰামণ প্ৰভাৱ ‘ ৰ মূল বিষয় এইটোৱেই আছিল।

ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি যোগাযোগ পৰিষদ (National Council for Science & Technology Communication)এ ১৯৮৬ চনত ভাৰত চৰকাৰক প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰী দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে উদযাপন কৰিবলৈ এক প্ৰস্তাৱ আগবঢ়াইছিল। সেই প্ৰস্তাৱক অনুমোদন জনাই ১৯৮৭ চনৰ পৰা ভাৰত চৰকাৰে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰি অহা হৈছে। বিজ্ঞান জনপ্ৰিয়কৰণ আৰু বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ লক্ষ্যৰে এক বিষয়বস্তুক প্ৰাধান্য দি প্ৰতিবছৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ এক মুখ্য বাণী বা Theme নিৰ্বাচন কৰা হয় ২০২৪ চনৰ এই দিৱসৰ মুখ্য বাণী হৈছে – বিকশিতি ভাৰতৰ বাবে দেশীয় প্ৰযুক্তি (Indigenous technologies for Viksit Bharat)। দেশীয় প্ৰযুক্তিৰ উদ্ভাৱন আৰু ব্যৱহাৰে দেশখনক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাত গুৰুত্ব প্ৰদান কৰা হৈছে। বিশেষকৈ বিজ্ঞানৰ জৰিয়তে ভাৰতে বিকাশ লাভ কৰি এক নতুন সুযোগৰ যুগ হিচাপে প্ৰতিফলিত কৰাৰ প্ৰয়াস কৰা হৈছে। ইতিমধ্যে কভিড মহামাৰীৰ ভেকচিন উদ্ভাৱনৰ পৰা মহাকাশ গৱেষণা, মহাকাশ অভিযান আদিৰ ক্ষেত্ৰতো ভাৰতে সফলতা লাভ কৰিছে । ভাৰতৰ বিকাশৰ বাবে দেশীয় প্ৰযুক্তিক উত্তম বুলি বিবেচিত কৰিছে। দেশৰ বহনক্ষম বিকাশৰ বাবে থলুৱা প্ৰযুক্তিয়ে এক শক্তিশালী ৰূপত ধৰা দিছে। সেয়ে পৰম্পৰাগত থলুৱা প্ৰযুক্তিক সাম্প্ৰতিক উন্নত দেশীয় প্ৰযুক্তিৰ সৈতে সংযোজিত কৰি বিকশিত ভাৰতৰ এক নতুন পথৰ সন্ধান কৰিছে।