‘ৰাষ্ট্ৰীয় পোষণ মাহ-২০২১’ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে-মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
অনলাইন বাৰ্ত্তাসেৱা- গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত এমাহ ধৰি চলিবলগীয়া ‘ৰাষ্ট্ৰীয় পোষণ মাহ-২০২১’ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে খাদ্যৰ কোনো নাটনি নথকা তথা অংগনৱাড়ী কেন্দ্ৰসমূহত খাদ্য সামগ্রী বিতৰণৰ এক সুসংহত ব্যৱস্থা থকা সত্ত্বেও ভাৰতবৰ্ষত পৰিপুষ্টিহীনতাৰ বাবে শিশু মৃত্যুবৰণ কৰাটো অত্যন্ত দুর্ভাগ্যজনক। মুখ্যমন্ত্ৰীয়ে শিশুৰ জনস্বাস্থ্যৰ লগত জড়িত হৈ থকা সকলোকে ঐক্যবদ্ধভাৱে তথা দায়বদ্ধতাৰে এই দিশত কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব দিয়ে যাতে পুষ্টিহীনতাৰ বাবে শিশুৰ মৃত্যু হোৱাটো ৰোধ কৰিব পৰা যায়৷ পুষ্টিহীনতাৰ বাবে শিশুৰ মৃত্যু হোৱা দিশটোৰ সৈতে শিশুসকলৰ পিতৃ-মাতৃৰ আৰ্থ সামাজিক অৱস্থাটো প্রত্যক্ষভাৱে জড়িত আৰু এই দিশটোৰ ওপৰত আমি ব্যাপক জনসচেতনতাৰ সৃষ্টি কৰিব লাগিব মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়। মুখ্যমন্ত্ৰীয়ে সমাজ কল্যাণ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু শিক্ষা বিভাগে এই দিশত ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব – বুলি কয়। আশা, অংগনৱাড়ীকৰ্মী আৰু শিক্ষকসকলে স্বাস্থ্যৰ বাবে পুষ্টিকৰ আহাৰৰ প্ৰয়োজনীয়তা সম্বন্ধে সমাজৰ তৃণমূল পর্যায়লৈকে সচেতন কৰিব লাগিব ৷ ইয়াৰ লগতে এই সম্বন্ধীয় চৰকাৰী আঁচনি আৰু পদক্ষেপৰ বিষয়েও তৃণমূল পৰ্যায়ত জনসচেতনতাৰ সৃষ্টি কৰিব লাগিব বুলি তেওঁ কয়।
(RT)