ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য পুঁজিৰ এটকাও পোৱা নাই অসমে
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ হেজাৰ হেজাৰ বানপীড়িতই চৰকাৰী সাহায্য অবিহনেই আশ্রয় শিবিৰত চূড়ান্ত অনিশ্চয়তাৰ মাজত দিন কটাবলগীয়া হৈছে। চৰকাৰী তথ্য মতেই অসমৰ ৩১ খন জিলাৰ মুঠ ৩, ২৪৬ খন গাঁৱৰ বিস্তীর্ণ অঞ্চলৰ ৮, ৩৯, ৬৯১জন লোক এই পর্যন্ত ভয়াৱহ বানৰ কৱলত পৰি সৰ্বস্বান্ত হৈছে।-এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যমৰ অধ্যক্ষ মনজিৎ মহন্তৰ৷ ৰাজীৱ ভৱনত আয়োজন কৰা সংবাদ মেলত মহন্তই পুনৰ কয়- দেওবাৰলৈকে অসমৰ বান আৰু গড়াখহনীয়াত মুঠ ২৪ জনৰ মৃত্যু হৈছে। কেৱল দেওবাৰৰ দিনটোতে ৰাজ্য ৬ জনৰ মৃত্যুৰ খবৰ আহিছে। এতিয়ালৈকে ২৬৯ টা আশ্রয় শিবিৰ আৰু ১৫২ বান সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰা হৈছে। চৰকাৰী তথ্য মতেই নগাঁও জিলাত সর্বাধিক ৩,৪৫,৮৩৮ জন বানত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ পাছতে কাছাৰ জিলাত ২,২৯,২৭৫ জন, হোজাইত ৫৮,৩৯৩ জন, মৰিগাঁও জিলাত ৩৮,৫৩৮ জন, দৰং জিলাত ২৮,০০১ জন আৰু কৰিমগঞ্জ জিলাত ১৬,৩৮২ জন এই বানত ভয়ানকভাৱে ক্ষতিগ্রস্ত হৈছে। অথচ এতিয়ালৈকে গা লৰা নাই অসমৰ বি জে পি নেতৃত্বাধীন চৰকাৰখনৰ৷ হেজাৰ হেজাৰ লোকে অর্ধাহাৰে বা অনাহাৰে শিবিৰত দিন কটাইছে। স্বাস্থ্য সেৱা, স্বাস্থ্যসন্মত শৌচ-প্ৰস্ৰাৱৰ ব্যৱস্থা নাই প্ৰায়বোৰ আশ্রয় শিবিৰত। শিশুৰ বাবে খাদ্য সম্ভাৰৰ যোগান নাই। আৰু য’ত সামান্য খাদ্য সাহায্য চৰকাৰীভাৱে প্ৰদান কৰা হৈছে তাতো জাত-পাত-সম্প্ৰদায়ৰ বাছ-বিচাৰ কৰাৰ গুৰুতৰ অভিযোগ বানাক্রান্ত লোকেই মুকলিকৈ উত্থাপন কৰিছে। বহু জিলাত উদ্ধাৰ অভিযানো অতি লেহেমীয়া হৈছে৷ মৰিগাঁও, নগাঁও, হোজাই, মঙলদৈ, নলবাৰী, গোৱালপাৰা, শিলচৰকে ধৰি বৰাক উপত্যকাৰ তিনিওখন জিলাৰ হেজাৰ হেজাৰ বিঘাৰ কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে আৰু সীমাহীনভাৱে পশুধনৰ ক্ষয়-ক্ষতি হৈছে। এতিয়ালৈকে এই বানত কেইবাজনৰ মৃত্যুৰ মুখত পৰিছে। আনকি বানত ককবকাই থকা কেইবাজনো লোকে সৰ্প-দংশনতো প্রাণ দিব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে।এনে এক জটিল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বি জে পি চৰকাৰে আশানুৰূপ তৎপৰতা নেদেখুওৱাটো অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে মহন্তই। বানপীড়িতৰ দুৰৱস্থা আঁতৰাবলৈ চৰকাৰখনে যিসময়ত যুদ্ধকালীন তৎপৰতা গ্ৰহণ কৰিব লাগিছিল তেনে এক সময়ত চৰকাৰখনৰ দায়িত্বশীল মন্ত্ৰী পীযূষ হাজৰিকাই ‘বান চাবলৈ ৬০ লাখ টকীয়া বিলাসী গাড়ী’ লোৱাৰ খবৰ ওলাইছে। তেওঁ ৬০ লাখ টকীয়া গাড়ীত উঠি বান চাবলৈ যোৱাত আমাৰ আপত্তি নাই। গাড়ীৰ ডিলাৰৰ পৰা ৬০ লাখৰ গাড়ী উলিয়াই বান চাবলৈ গৈছে, তাতো আমাৰ আপত্তি থকাৰ কাৰণ নাই। কিন্তু ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য পুঁজিৰ পৰা কমেও ৬০ কোটি টকা অসমৰ বান ক্ষতিগ্রস্তৰ সহায়ৰ বাবে উলিয়াই আনিব নোৱৰাটোত আমাৰ আপত্তি আছে।ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কোনো এজন মন্ত্রীয়ে বান ক্ষতিগ্রস্তৰ কাষত একেৰাহে ৬০ মিনিট সময় কটাব নোৱৰাটোত আমাৰ আপত্তি আছে। আচলতে ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ বান সমস্যাক কিমান গুৰুত্ব সহকাৰে লৈছে তাৰেই প্ৰমাণ এই ঘটনাবোৰে দাঙি ধৰিছে ।কথাই কথাই ‘পুঁজিৰ অভাৱ নাই’ বুলি ৰাজহুৱা মন্তব্য কৰি অহা ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজক জনাবনে কিহৰ অভাৱত বানপীড়িত ৰাইজে নিশ্চিন্তে দুবেলা দুমুঠি অন্ন লাভ নকৰাকৈ থাকিবলগীয়া হৈছে? এই প্রশ্ন তুলি মহন্তই কয় যে ৰাজ্যিক দুর্যোগ সাহায্য পুঁজিৰ বাবদ সামান্য পৰিমাণ হ’লে পুঁজি অসমক যোগান ধৰা হৈ আছে য দিও যোৱা দুটা বিত্তীয় বছৰত ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য পুঁজিৰ ক্ষেত্ৰত অসমক চৰম বঞ্চনা কৰি অহা হৈছে। বি জে পি শাসনৰ যোৱা ছটা বছৰৰ ভিতৰৰ ২০১৮-২০১৯ আৰু ২০১৯-২০২০ বিত্তীয় বৰ্ষত কেন্দ্ৰই এটা টকাও অসমক দিয়া নাছিল। ২০২০-২০২১ বৰ্ষত মাত্র ৪৪.৩৭ কোটি টকা অসমক দিয়া হ’ল যদিও ২০২১-২০২২ বৰ্ষত পুনৰ অসমক বঞ্চিত কৰা হ’ল। ২০২১-২০২২ বৰ্ষত গুজৰাটক ১০০০ কোটি, মহাৰাষ্ট্ৰক ৭০১ কোটি, উৰিষ্যাক ৫০০ কোটি, পশ্চিমবংগক ৩০০ কোটি, তামিলনাডুক ২১৩.৫১ কেটি, ঝাৰখণ্ডক ২০০ কোটি, কর্ণাটকক ৬২৯.০৩ কোটি টকা ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য পুঁজিৰ বাবদ আৱণ্টন দিয়া হ’ল যদিও নৰেন্দ্ৰ মোদীৰ চৰকাৰে অসমক ফুটাকড়ি এটাও নিদিলে। এই বৈষম্য, এই বঞ্চনাৰ কিবা উত্তৰ আমাৰ মুখ্যমন্ত্ৰীৰ হাতত আছেনে? মোদী-বন্দনাত গদ্গদ্ অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলে অসমৰ ৰাইজৰ লঘোণীয়া পেটৰ খবৰ দিল্লীশ্বৰৰ পৰা লুকুৱাই ৰাখি ‘সফলতা’ জাহিৰ কৰিব খুজিছে নেকি বুলি প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ নেতাজনে।মহন্তই কয় সময়মতে মথাউৰি নিৰ্মাণ নকৰি বা প্রয়োজনীয় মেৰামতি নকৰি বানপ্ৰৱণ ৰাজ্যখনক এক ভয়ানক বিপদৰ ফালে ঠেলি দিছে বি জে পি নেতৃত্বাধীন চৰকাৰখনে। জলসম্পদ বিভাগৰ ঠিকাদাৰসকলেই লাজ লগাকৈ উদঙাই দিছে এই চৰকাৰৰ চৰ্ম ব্যৰ্থতা। ৰাজ্য চৰকাৰৰ ভুল নীতি আৰু স্বজন-তোষণৰ পৰিণতিত মথাউৰি নিৰ্মাণৰ ১,৭২৮.৫৫ কোটি টকীয়া ৪৭৭ খন আঁচনি বিগত দুটা বছৰে অসম্পূৰ্ণ হৈ থাকিল। ২০২০-২০২১ বৰ্ষৰ ৫৬৫.৪৪ কোটি টকা ব্যয়সাপেক্ষ ২১০ খন আঁচনিৰ আজিও ৮০ শতাংশ কামেই সম্পূৰ্ণ কৰিব পৰা নাই। আনহাতে,২০২১-২২ বৰ্ষৰ ১,১৬৩,১২ কোটি টকা ব্যয়সাপেক্ষে ২৬৭ খন আঁচনিৰো কাম আধৰুৱা হৈ থাকিল৷