ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ সামৰণি

Pc odisha diary

ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম এথলেটিকছ সন্থাৰ উদ্যোগত ১১নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ৩৭সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাৰ বুধবাৰে সফল সামৰণি পৰে।গুৱাহাটীৰ পল্টনবজাৰস্থিত ছাই খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত ২৮ খন ৰাজ্যৰ ২১১৩ গৰাকী এথলীটে অংশগ্ৰহণ কৰে। ১৪,১৬,১৮,২০ অনুৰ্ধ্ব বয়সৰ লৰা-ছোৱালী উভয়ৰে মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনত হাৰিয়ানাই সৰ্বমুঠ ৪৭৮ পইন্টেৰে চেম্পিয়ন দলৰ খিতাপ লাভ কৰে চেম্পিয়ন দলৰ লগতে হাৰিয়ানাই সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে লৰাৰ ১৮ আৰু ২০ বছৰ অনুৰ্ধ্ব শাখাৰ লগতে ছোৱালীৰ ১৪,১৬ আৰু ১৮ আৰু ২০বছৰ অনুৰ্ধ্ব শাখাৰ শ্ৰেষ্ঠ দলৰ খিতাপো হাতত তুলি লয়।আনহাতে প্ৰতিযোগিতাৰ শেষৰ দিনটোত পুৰুষৰ ২০বছৰ অনুৰ্ধ্ব শাখাৰ ত্ৰিপল জাম্পত ১৫.৫৭মিটাৰ জপিয়াই অসমৰ জংছাৰ বসুমতাৰীয়ে লাভ কৰে ব্ৰঞ্জৰ পদক। সামৰণি অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট অতিথি সকলে পদক বিজয়ী খেলুৱৈসকলক পদকসমূহ প্ৰদান কৰে। এই প্ৰতিযোগিতাত অসমৰ ৬৫ জনীয়া এথলীটৰ দলে অংশগ্ৰহন কৰিছিল। ইপিনে এই প্ৰতিযোগিতাত বহুকেইগৰাকী নতুন এথলীটে ভিন্ন ইভেন্টত নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়।