ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস আৰু ধনন্তৰি জয়ন্তী- ডাঃ অনিল কুমাৰ শৰ্মা

Pc- loan Jankari.com

ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস আৰু ধনন্তৰি জয়ন্তী

 ডাঃ অনিল কুমাৰ শৰ্মা

চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক

এইবেলি ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন কৰিবলৈ লোৱা হৈছে ২ নৱেম্বৰত। প্ৰতিবছৰে শ্ৰীশ্ৰী ধনন্তৰিদেৱৰ আৱিৰ্ভাব তিথিত ধনন্তৰি জয়ন্তী ৰূপে এই দিনটো পূৰ্বৰে পৰা অনুষ্ঠিত হৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনৰ পৰা ভাৰতীয় চিকিৎসাৰ আদি দেৱ শ্ৰীশ্ৰী ধনন্তৰি জয়ন্তীৰ দিনটো ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস হিচাপে ঘোষণা কৰে। ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে বৰ্তমান চাম উদীয়মান জনসাধাৰণৰ মাজত সজাগতাবোধ সৃষ্টি কৰা আৰু বিশেষকৈ উক্ত চিকিৎসাৰ অন্তৰ্গত স্বাস্থ্য ৰক্ষাৰ উপায় তথা সূত্ৰবোৰক লৈ প্ৰচাৰ, প্ৰসাৰৰ লগতে দেশীয় চিকিৎসা পদ্ধতিৰ জনপ্ৰিয়কৰণ। এই বছৰ ২০২১ত ষষ্ঠবাৰৰ বাবে উদযাপন কৰিবলৈ লোৱা হৈছে। যোৱা বছৰ আয়ুৰ্বেদ দিৱস পালন হৈছিল ১৩ নৱেম্বৰ, ২০২০ত আৰু মূল বিষয়বস্তু আছিল ‘Ayurveda for Covid 19 Pandemic’, আয়ুর্বেদিক চিকিৎসা পদ্ধতিৰ দ্বাৰা বিশেষকৈ বিভিন্ন প্ৰকাৰৰ বনৌষধি প্ৰয়োগেৰে ক’ভিড মহামাৰীৰ নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ ক্ষমতা কিদৰে পাব পাৰি, সেই বিষয়ে বহুলভাৱে চৰ্চা কৰা হৈছিল। ইতিমধ্যে ভাৰতীয় চিকিৎসাৰ দ্বাৰা ক’ভিড মহামাৰীৰ চিকিৎসা আৰু বিশেষকৈ প্ৰতিৰোধৰ বাবে ঔষধি উদ্ভিদৰ ওপৰত গৱেষণা আৰু ফলপ্রসূ পৰীক্ষা সম্পর্কে কেন্দ্রীয় আয়ুস মন্ত্রালয় আৰু চৰকাৰী-বেচৰকাৰী চিকিৎসা প্রতিষ্ঠানৰ পৰা তথ্য প্রকাশ পাইছে। এইবেলি ৰাষ্ট্ৰীয় আয়ুর্বেদ দিৱসৰ সৈতে সংগতি ৰাখি মূল বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে ‘Ayurved for Poshan’ অর্থাৎ আয়ুর্বেদ শাস্ত্র অনুসৰি আমাৰ জনসাধাৰণে পৰিপুষ্টিৰ দিশত কেনেকৈ আগবাঢ়িব পাৰে আৰু পৰিপুষ্টিৰে ৰোগ প্ৰতিৰোধ ক্ষমতা কিদৰে বঢ়াব পাৰি, সেই বিষয়ে আলোচনা কৰা ইত্যাদি বিষয় আগত ৰাখি মূল বিষয় লোৱা হৈছে।

আয়ুর্বেদ প্ৰৱাহমান হৈছে বৈদিক যুগৰ পৰা, চাৰিখন বেদৰ অন্যতম এখন অথর্ববেদৰ ৰচনা হৈছিল পূৰ্বৰ তিনিখন বেদৰ বহু পিছত, আজিৰ পৰা প্ৰায় পোন্ধৰ হাজাৰ বছৰ পিছত। অথৰ্ববেদত বহুতো বৈজ্ঞানিক ব্যাখ্যা পোৱা যায়, তাত বিভিন্ন প্ৰকাৰৰ ৰোগ আৰু ভেষজৰ বৰ্ণনা উল্লেখ আছে। বেদৰ পিছত পুৰাণ, উপনিষদ আদিত ৰোগৰ কাৰণ সম্বন্ধে তথা ঔষধ ব্যৱহাৰৰ উল্লেখ পোৱা যায়। সংহিতা কাল আৰম্ভ হয় খ্রীষ্টপূর্ব দ্বিতীয় শতাব্দীৰ পৰা সপ্তম, অষ্টম শতিকালৈ আৰু উক্ত সময়ছোৱাত আয়ুৰ্বেদৰ মূল ভেটি গঢ়ি উঠিছিল। চৰক, শুশ্ৰূত, বাগভত আদি মনীষীসকলে অমূল্য গ্রন্থ সংহিতা আকাৰত উত্তৰ পুৰুষলৈ আৰু বিশ্ববাসীলৈ আগবঢ়াই এই আধুনিক যুগতো বিজ্ঞানসন্মতভাৱে জনস্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময় কৰি গৈছে। চৰক সংহিতাত বিভিন্ন প্ৰকাৰৰ খাদ্যৰ বৰ্গীকৰণ কৰিছে। যেনে— শূকধান্য বর্গ (class of corns/cereals,), শমীধান্য (Di-cotyledons/ pulses), শাক বৰ্গ (green vegetables), ফল বর্গ (fruits), মাংস বর্গ (class of meats), হৰিৎ বৰ্গ (class of fresh condiments like garlic turmeric zinger etc.), জল বৰ্গ (class of water), দুগ্ধ বর্গ (class of milk and its products), ইক্ষু বৰ্গ (sugurcane & its products), মদ্য বর্গ (class of alchohol ইয়াতে আয়ুর্বেদিক সুৰা আসব, অষ্ঠি আদি), কৃতান্ন বর্গ (class of cooked foods) আৰু আহাৰোপযোগী বৰ্গ (class of adjuvants of foods like oil, salt alkali)। এই দ্বাদশ শ্ৰেণীৰ খাদ্য দ্ৰব্যৰ বৰ্ণনা অতি সুন্দৰভাৱে কৰিছিল, য’ত শৰীৰৰ প্ৰয়োজনীয় সকলোপ্ৰকাৰ উপাদান উল্লেখ আছে। ইয়াৰ উপৰি মহৰ্ষি চৰকে আহাৰ মাত্ৰা সম্পৰ্কত কৈছে যে শৰীৰৰ অগ্নিৰ বল অর্থাৎ মানুহ এজনৰ হজম শক্তি আৰু পৰিশ্ৰম অনুসৰি নিজৰ আহাৰৰ পৰিমাণ নির্ণয় কৰা উচিত, অন্যথা বিভিন্ন প্ৰকাৰ প্রমেহ, মধুমেহ, স্থূলতা আদি ৰোগৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। পোষণ বিঘ্নিত হোৱাৰ কাৰণ সম্বন্ধে জানিবলৈ হ’লে চৰক সংহিতাত উল্লেখ কৰা সংযোগ বিৰুদ্ধ ভোজন অতি গুৰুত্বপূৰ্ণ, য’ত এৱাঁ গাখীৰ আৰু নিমখ, গাখীৰ আৰু মাছ একেলগে খোৱা নিষিদ্ধ বুলি জানো। চৰক সংহিতাত ১৮ প্ৰকাৰৰ বিৰুদ্ধ আহাৰৰ উল্লেখ কৰিছে। চৰক সংহিতাত আহাৰ বিধি বিশেষায়তন অধ্যায়ত খাদ্য সেৱনৰ বিধান, খাদ্যদ্রব্য হিতকৰ বা অহিতকৰ জানি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিছে আৰু খাদ্য খোৱাৰ সময় তথা মাত্রা আদি বিষয়ত সূক্ষ্মভাৱে বিশ্লেষণ কৰাৰ উপৰি ছয় ৰসযুক্ত আহাৰ (মধু, অম্ল, লৱণ, কটু, তিক্ত আৰু কসায় আৰু কেহা)ৰ ৰসযুক্ত খাদ্যৰ সংযোজন অপৰিহাৰ্য, য’ত নেকি সন্তুলিত ৰূপত আহাৰৰ উল্লেখ পোৱা যায়। আধুনিক বিজ্ঞানসন্মত balanced dietৰ ধাৰণা অকল আজিৰ নহয়, আনকি অতীত চিকিৎসা বিজ্ঞানেও সেই সময়ত কৰা চিন্তা-চৰ্চাত স্পষ্ট উল্লেখ আছে। মধ্যযুগত অর্থাৎ অষ্টম শতিকাৰ পৰা পোন্ধৰ শতিকাৰ ভিতৰত আয়ুৰ্বেদৰ ভাব প্রকাশ, সাৰংগধৰ আদি সংহিতাত আহাৰ বিধি আৰু স্বাস্থ্য ৰক্ষাৰ উপায় উল্লেখ আছে।

প্ৰতিবছৰে পৱিত্ৰ কাতি মাহৰ কৃষ্ণা ত্রয়োদশী তিথিত শ্ৰীশ্ৰী ধনন্তৰিদেৱৰ আৱির্ভাব অনুসৰি ভাৰতীয় চিকিৎসা বিজ্ঞানৰ প্ৰতিষ্ঠান তথা চিকিৎসালয়ত পূজা-অৰ্চনা কৰি আহিছে। পুৰাণৰ মতে, দেৱতা আৰু অসুৰৰ দ্বাৰা যেতিয়া ক্ষীৰ সমুদ্র মন্থন কৰা হৈছিল, তেতিয়া বিষ্ণুৰ অৱতাৰ ভগৱান শ্ৰীশ্ৰী ধনন্তৰিৰ হাতত অমৃত কলস হৈ আবির্ভাব ঘটে। যি অমৃত পান কৰি দেৱতাসকলে ৰোগহীন হৈছিল। শুশ্ৰূত সংহিতাত উল্লেখ আছে যে দেৱতাসকলৰ পৰা বাৰ্ধক্য বা জৰা, ৰোগ আৰু মৃত্যু ভয়ৰ পৰা দূৰ কৰিবৰ বাবে মই, আদি দেৱ ধনন্তৰি অন্য অংগৰ লগতে আয়ুৰ্বেদৰ শল্য চিকিৎসাৰ উপদেশ প্রদানৰ উদ্দেশ্যে পুনৰ এই পৃথিৱীত অৱতৰণ কৰিছোঁ। বিশ্বাস অনুসৰি ভাৰতীয় চিকিৎসা পদ্ধতিৰ সৈতে জড়িত সকলো অনুষ্ঠান প্রতিষ্ঠানত চিকিৎসক, শিক্ষক, ছাত্র ছাত্রী মিলিত হৈ এই বিশেষ দিৱসত পূজা-অৰ্চনা কৰাৰ উপৰি জনহিতকৰ কাম আৰু সভা অনুষ্ঠিত কৰি কেন্দ্ৰীয় আয়ুস মন্ত্ৰালয়ৰ দ্বাৰা প্ৰচাৰিত নীতি নির্দেশনা অনুসাৰে ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন কৰা হৈ আহিছে। অসম চৰকাৰৰ দ্বাৰা পৰিচালিত এইবেলি ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱসৰ কাৰ্যসূচীত অসমত কেন্দ্ৰীয়ভাৱে জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় প্ৰাংগণত উদযাপন কৰা হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ সহায়ত আৰু কেন্দ্ৰীয় আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্যোগত অসমৰ এই ভাৰতৰ স্বাধীনতা লাভ কৰাৰ পিছতে স্থাপন হোৱা চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু চিকিৎসালয়ে ইতিমধ্যে প্ৰগতিৰ বাট লৈছে। আশাকৰোঁ অতি সোনকালেই এই অনুষ্ঠানটো ন-ৰূপত জিলিকি উঠিব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ ৰোগ নিৰাময় আৰু স্বাস্থ্যৰক্ষাৰ ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়াবলৈ সক্ষম হ’ব।