ৰাষ্ট্ৰপতি ৰানিল বিক্ৰমেসিংঘেৰ সামৰিক বাহিনীক “শৃংখলা পুনৰুদ্ধাৰ” কৰিবলৈ নিৰ্দেশ

Pc NDTV.com

ৰাষ্ট্ৰপতি ৰানিল বিক্ৰমেসিংঘেৰ সামৰিক বাহিনীক “শৃংখলা পুনৰুদ্ধাৰ” কৰিবলৈ নিৰ্দেশ

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্ৰীলংকাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ৰানিল বিক্ৰমেসিংঘে তেওঁৰ কাৰ্যালয়ত হাজাৰ হাজাৰ চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীয়ে আক্ৰমণ চলোৱাৰ সময়তে দেশখনৰ সশস্ত্ৰ বাহিনী আৰু আৰক্ষীক “শৃংখলা পুনৰুদ্ধাৰ” কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰৱেশ কৰি তাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ সামৰিক প্ৰতিৰক্ষা ভংগ কৰা দেখা গৈছিল। বিক্ৰমেসিংঘে শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে ।