ৰামধেনু সদৃশ বৰণীয়া অসমৰ সমাজ জীৱন: মন্ত্ৰী বিমল বৰা

ৰামধেনু সদৃশ বৰণীয়া অসমৰ সমাজ জীৱন: মন্ত্ৰী বিমল বৰা

অসম সাংস্কৃতিক মহাসংগ্ৰামৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভাৰম্ভণি

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যোৱা নৱেম্বৰ মাহৰ পৰা চলি থকা অসম সাংস্কৃতিক মহাসংগ্ৰামৰ আজি ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে ৰামধেনু সদৃশ বৰণীয়া অসমৰ সমাজ জীৱন ।ইয়াৰ প্ৰতিটো জাতি জনগোষ্ঠীৰে নিজস্ব কৃষ্টি-সংস্কৃতি আছে।এই সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে অসমৰ প্ৰান্তে-প্ৰান্তে সিঁচৰতি হৈ থকা সুপ্ত প্ৰতিভাক বিশ্বমুখী আলোকময় যাত্ৰা দৰ্শন কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ দিকদৰ্শনত এই সাংস্কৃতিক মহাসংগ্ৰাম আৰম্ভ কৰা হয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, স্বাধীনতাৰ অমৃত কালত অসমক দেশৰ আগশাৰীৰ পাঁচখন ৰাজ্যত ৰখাৰ উদ্দেশ্যে প্ৰতিটো ক্ষেত্ৰতে যেনে শিক্ষা, স্বাস্থ্য, ক্ৰীড়া, উদ্যোগ আদিৰ দৰে সাংস্কৃতিক ক্ষেত্ৰতো প্ৰতিভাশালী যুৱ চামক পাদ প্ৰদিবলৈ অনাৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে। অনুষ্ঠানত জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ লগতে দলীয় বিহু নৃত্য আৰু লোকনৃত্য প্ৰতিযোগিতাৰ বিচাৰকসকলক অসম চৰকাৰৰ হৈ সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে সমৰ্ন্ধনা জ্ঞাপন কৰে।অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়া সমাজ জীৱনৰ চাৰিগৰাকী পুৰোধা ব্যক্তি ক্ৰমে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, সুধাকণ্ঠ ড ভূপেন হাজৰিকা আৰু কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব ড বি কল্যাণ চক্ৰৱৰ্তী, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, সাংস্কৃতিক পৰিক্ৰমা সঞ্চালক মীনাক্ষী দাস নাথকে প্ৰমুখ্য কৰি বিভিন্ন জিলাৰ পৰা অহা প্ৰতিযোগিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে ২৯ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হবলগীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ, শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ, ড০ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ, ৰংঘৰ বাকৰি, অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন)নিগম প্ৰেক্ষাগৃহ, লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা সংগীত মহাবিদ্যালয় প্ৰেক্ষাগৃহ আৰু জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হব।