ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ত ষষ্ঠদশ বাৰ্ষিক বিনয়ভূষণ চৌধুৰী সোঁৱৰণী বক্তৃতানুষ্ঠান সম্পন্ন

ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ত ষষ্ঠদশ বাৰ্ষিক বিনয়ভূষণ চৌধুৰী সোঁৱৰণী বক্তৃতানুষ্ঠান সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীস্থিত উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ উদ্যোগত আৰু অধ্যাপক বিনয়ভূষণ চৌধুৰীৰ পৰিয়ালৰ সহযোগত ষষ্ঠদশ বাৰ্ষিক বিনয়ভূষণ চৌধুৰী সোঁৱৰণী বক্তৃতানুষ্ঠান আজি মহাবিদ্যালয়খনৰ আলোচনা কক্ষত অনুষ্ঠিত হয়। বক্তৃতানুষ্ঠানটি বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণেৰে দিনৰ এঘাৰ বজাৰ পৰা আৰম্ভ হয়।উক্ত অনুষ্ঠানটিত অসমৰ পৰিৱেশঃ সমস্যা আৰু সম্ভাৱনা শীৰ্ষক বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট পৰিৱেশবিদ ডঃ অৱনী কুমাৰ ভাগৱতীয়ে। ভাষণত তেওঁ জ্ঞানচৰ্চাৰ নতুন ক্ষেত্ৰ হিচাপে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ নদীকেন্দ্ৰিক সভ্যতা আৰু জাতীয় জীৱনৰ সাংস্কৃতিক ইতিহাসত ইয়াৰ প্রাসংগিকতা সন্দৰ্ভত মন্তব্য প্রদান কৰে।তাৎপৰ্যপূৰ্ণভাৱে অসমৰ প্ৰকৃতিৰ ক্ষেত্ৰত আহি পৰা সামাজিক প্ৰত্যাহ্বান বোৰৰ পুংখানুপুংখ বিশ্লেষণ কৰি এক মননশীল আলোচনা আগবঢ়ায়।লগতে ছাত্ৰ-ছাত্ৰী সকলক ব্যৱহাৰিক জ্ঞান আৰু বিদ্যায়তনিক গভীৰতাৰ স্পষ্টতা অনুধাৱন কৰিবলৈ আহবান জনায়। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেন তালুকদাৰে ভাষণ প্ৰসংগত কটন কলেজৰ অধ্যাপক তথা গুৱাহাটী পৌৰ সভাৰ তৃতীয় গৰাকী মেয়ৰ হিচাবে সেৱা আগবঢ়োৱা অধ্যাপক বিনয়ভূষণ চৌধুৰীৰ জীৱন আৰু কৰ্মৰাজিৰ সন্দৰ্ভত এক আলোচনা আগবঢ়ায়। তেওঁৰ বক্তব্যৰ জৰিয়তে বিদ্যায়তনিক চৰ্চা আৰু সামাজিক সেৱাত বিনয়ভূষণ চৌধুৰীৰ অৱদানৰ বিভিন্ন দিশ উন্মোচিত হয়।ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাণজিৎ কুমাৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানত অধ্যক্ষ গৰাকীয়ে অধ্যাপক বিনয়ভূষণ চৌধুৰীৰ মহাবিদ্যালয়খনৰ প্ৰতি থকা অৱদান স্মৰণ কৰাৰ লগতে তেওঁৰ বিশাল ব্যক্তিত্বৰ বিষয়ে মন্তব্য প্রদান কৰে।লগতে ছাত্ৰ-ছাত্ৰী সকলক তেওঁৰ আদৰ্শ আগত ৰাখি আগবাঢ়ি যাবলৈ আহবান জনায়।বক্তৃতানুষ্ঠানটিত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° দিপক পাঠকে এটি কবিতা পাঠ কৰাৰ উপৰিও কবি-অধ্যাপক নৱকান্ত বৰুৱা আৰু অধ্যাপক বিনয়ভূষণ চৌধুৰীৰ সম্পৰ্কৰ কথা আলোকপাত কৰে।অধ্যাপক বিনয়ভূষণ চৌধুৰী বক্তৃতানুষ্ঠানৰ সমন্বয়ক তথা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা শৰ্মিষ্ঠা দাসে আদৰণী ভাষণ পাঠ কৰা এই অনুষ্ঠানতে মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড° মল্লিকা কন্দলীয়ে এটি ঘোষা আৰু অধ্যাপক শৈলেন্দ্ৰ নাথ ডেকাই বৰগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। অধ্যাপক বিনয়ভূষণ চৌধুৰীৰ পৰিয়ালবৰ্গৰ হৈ তেওঁৰ কন্যা তথা ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা ত্ৰিবেনী চৌধুৰী উপস্থিত থাকে। মহাবিদ্যালয়ৰ কিছু সংখ্যক অৱসৰপ্ৰাপ্ত অধ্যাপক-অধ্যাপিকাৰ লগতে বৰ্তমানৰ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আঁত ধৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক জয়ন্ত ডেকাই।