ৰাতিৰ ভিতৰতে অহা সফলতাবোৰ – চন্দ্ৰ শেখৰ পৰাজুলী

ৰাতিৰ ভিতৰতে অহা সফলতাবোৰ
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
বৰ্তমান সময়ত আমি উঠি অহা নৱপ্ৰজন্মৰ বাবে এক অতি ভয়াবহ ভবিষ্যত নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈ আছোঁ নেকি? কাৰণ এতিয়াৰ অভিভাৱকে নিজ নিজ সন্তান বোৰক জন্মগ্ৰহণ কৰাৰ লগে লগে প্ৰতিযোগিতা মূলক প্ৰতিদ্বন্দিতা বাবে প্ৰস্তুত কৰাবলৈ বাধা হৈ পৰিছো। যাৰ ফলস্বৰুপে উঠি অহা নৱপ্ৰজন্ময়ে কেৱল যি যেনেকৈ নহওঁক কিয়, আনক মুচকি,মোহাৰি হ’লেও নিজে কিন্তু সদায় সফলতাৰ শিখৰত অতিক্ৰম কৰিবলৈ বিচাৰে। আচলতে সফলতা পোৱাৰ বাসনা থকাটো কোনো বেয়া কথা নহয়। কিন্তু বৰ্তমানৰ যুৱক-যুৱতী সকলে একেবাৰে কম পৰিশ্ৰম কৰাৰ বিনিময়ত হঠাৎ একে ৰাতিৰ ভিতৰতে অহা সফলতাবোৰৰ  পিছত দৌৰি আছে নহয়নে? এইটো বৰ্তমান সময়ৰ ল’ৰা-ছোৱালীবোৰৰ অ-মানসিকতাৰ পৰিচয় বুলি ক’ব নে আমাৰ অভিভাৱক সকলৰ নিম্ন মানৰ বুদ্ধিমত্তাৰ পৰিচয় বুলি ক’ব।চাওঁক সফলতাৰ পোৱাৰ বাবে প্ৰতিযোগিতা মূলক মনোভাৱ কিছু পৰিমাণে আৰু কিছুমান ক্ষেত্ৰত সুফল প্ৰদান কৰাটো নিশ্চিত। কিন্তু আনক মুচকি, মোহাৰি আগুৱাই যোৱাৰ আনন্দতৈ সকলোৱে সমান্তৰাল ভাৱে আগুৱাই যোৱাৰ আনন্দয়ে বৰ মিঠা আৰু এক সুকীয়া অনুভৱ প্ৰদান কৰে। আপোনাৰ সন্তানৰ যদি আন্তৰিক ক্ষমতাবোৰ পৰ্যাপ্ত পৰিমাণে বিৰাজমান তেন্তে আপোনাৰ সন্তানে এসময়ত গৈ কোনোবা নহয় কোনোবা ঠাইত উচ্চ স্থান দখল পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে। গতিকে মোৰ বৰ্তমানলৈকে পোৱা অভিজ্ঞতাৰ মতে আনৰ লগত প্ৰতিযোগী মনোভাৱ পোষণ কৰাতকৈ নিজে নিজৰ লগত অৰ্থাৎ নিজৰ আন্তৰিক ক্ষমতা সমূহ আৰু অধিক ৰূপত বৃদ্ধি কৰিবলৈ প্ৰতিদিনে নিৰন্তৰ চেষ্টা অব্যাহত ৰাখিব লাগে।আজিকালিৰ ল’ৰা ছোৱালীয়ে কেৱল বহুত কম পৰিশ্ৰমৰ বিনিময়ত চৰ্চিত (viral) হ’বলৈ বিচাৰে। এনেকৈয়ে হয়তো হঠাৎ কেতিয়াবা একে ৰাতিৰ ভিতৰতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে। কিন্তু একে ৰাতিত অহা সফলতাবোৰ বহু ক্ষেত্ৰত একে ৰাতিৰ ভিতৰতে নাইকীয়া হোৱা বহু উদাহৰণ আমাৰ মাজত বিৰাজমান আছে। গতিকে হঠাৎ চৰ্চিত হোৱাতকৈ লাহে লাহে  সংঘৰ্ষ, সংগ্ৰাম কৰি নিজ নিজ দিশত নিজস্ব ঠাই দখলৰ বাবে আগবাঢ়ি আহক। এনেদৰে অহৰহ পৰিশ্ৰমৰ অন্তত আপুনি যিমানলৈকে আগুৱাই নাযাওঁক কিয় আপোনাৰ দখলত থকা স্থান চিৰস্থায়ী হৈ পৰে। গতিকে কমসময়তে চৰ্চিত ( viral) বাসনা সমূহ মন আৰু মস্তিষ্কৰ পৰা বাহিৰ কৰি নিজে ভালপোৱা বা নিজক ভাল লগা যিকোনো বিষয়ৰ ওপৰত নিৰন্তৰ সাধনা অব্যাহত ৰাখক। হয়তো ইয়াৰ বিনিময় আপুনি আকাশক স্পৰ্শ কৰাৰ পৰা বঞ্চিত হ’লেও এসময়ত গৈ মেঘবোৰৰ মাজত নিজকে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব। অৰ্থাৎ এক পৰা গৈ হঠাৎ এশক স্পৰ্শ কৰি আকৌ একলৈ উভতি  আহি ভাল লাগিবনে এক পৰা যাত্ৰা আৰম্ভ কৰি পঞ্চাছৰ মাজত গৈ তাতে আপোনাৰ যাত্ৰাৰ পৰিসমাপ্তি ঘটিলে ধন্য মানিব।গতিকে অন্তিমত মই ইয়াকে কবলৈ বিচাৰিছোঁ যে, বৰ্তমানৰ নৱপ্ৰজন্ময়ে লগতে বিশেষকৈ এতিয়াৰ অভিভাৱক সকলে নিজ নিজ সন্তানৰ মানসিকতা আৰু চিন্তাধাৰাৰ প্ৰতি সজাগ হ’বলৈ হ’ল। নহ’লে আপোনাৰ ‌সন্তানবোৰে প্ৰতিযোগিতা মূলক মনোভাৱৰ জৰিয়তে হয়তো বহু ক্ষেত্ৰতে একে ৰাতিৰ ভিতৰতে সফলতা আনিবলৈ সক্ষম হ’ব কিন্তু সেই সফলতাবোৰ চিৰস্থায়ী হৈ নাথাকিব। আৰু ইয়াৰ অন্তিম পৰিণতি স্বৰূপ বহু ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে। সেয়েহে প্ৰতিজন অভিভাৱকে আৰু আমাৰ সমাজত বয় জেষ্ঠ নাগৰিক সকলে উঠি অহা নৱপ্ৰজন্মক প্ৰতিযোগিতা আৰু প্ৰতিযোগিতা মূলক মনোভাৱৰ জৰিয়তে অহা সফলতা সমূহৰ উচিত মূল্যাংকন কৰিবলৈ প্ৰতি পদে মাৰ্গ দৰ্শন কৰি যোৱাটো অত্যন্ত দৰকাৰ।